হাস্পতালৰ পাৰ্কিং প্লেচত গণধৰ্ষণৰ বলি এগৰাকী ৰোগীৰ আত্মীয় : ৩ নিৰাপত্তা কৰ্মীক গ্ৰেপ্তাৰ আৰক্ষীৰ

gangrape-1575019486

পুনৰ আন এক গণধৰ্ষণৰ ঘটনা সংঘটিত হৈছে দেশৰ ৰাজধানী দিল্লীত। দিল্লীৰ এখন হাস্পতালৰ তিনি নিৰাপত্তা কৰ্মীয়ে এগৰাকীৰ ৰোগীৰ এক আত্মীয়ক গণধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি দিল্লীৰ ৰোহিণী এলেকাৰ বাবা চাহেব ভীমৰাও আম্বেদকাৰ হাস্পতালত চিকিৎসাধীন এগৰাকী ৰোগীৰ আত্মীয়ক মাজনিশা হাস্পতালখনৰ পাৰ্কিং প্লেচত তিনি নিৰাপত্তা কৰ্মীয়ে গণধৰ্ষণ কৰে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে যোৱা ৩০ অক্টোবৰৰ ৰাতি মহিলা গৰাকীয়ে হাস্পতালতখনত চিকিৎসাধীন আত্মীয়ক দেখা কৰিবলৈ যায়। ৰোগীৰ পৰিয়ালৰ লোকে ব্যৱস্থা কৰি দিয়াত ৰাতি হাস্পতালখনত অতিবাহিত কৰিছিল ভুক্তভোগী ৩০ বছৰীয়া মহিলাগৰাকীয়ে।

হঠাতে হাস্পতালখনৰ নিৰাপত্তা কৰ্মী বুলি পৰিচয় দিয়া দুজন লোকে ৰাতি ১২ মান বজাত ৰাতি শুই থকা মহিলা গকাৰীৰ পৰিচয় বিচাৰে আৰু পৰিচয় পত্ৰৰ সত্যাসত্য নিৰূপণৰ বাবে শুই থকা ঠাইৰ পৰা মহিলা গৰাকীক লৈ যায়।

ভুক্তভোগী মহিলা গৰাকীয়ে আৰক্ষীক অভিযোগ দিয়াৰ মতে উক্ত নিৰাপত্তা কৰ্মী দুগৰাকীয়ে পৰিচয় পত্ৰ পৰীক্ষাৰ অজুহাত তেওঁক বলপূৰ্বকভাৱে হাস্পতালখনৰ পাৰ্কিং প্লেচলৈ নি অন্য এগৰাকী নিৰাপত্তা কৰ্মীসহ নাৰকীয় শাৰীৰিক অত্যাচাৰ কৰাৰ লগতে গণধৰ্ষণ কৰে।

ইফালে এই ঘটনা সম্পৰ্কে পৰিয়ালৰ লোকক অৱগত কৰিলে মহিলা গৰাকীক হত্যা কৰাৰো ভাবুকি প্ৰদান কৰে হাস্পতালখনৰ অভিযুক্ত তিনি নিৰাপত্তা কৰ্মীয়ে।

কিন্তু মহিলা গৰাকীয়ে পিছত ঘটনা সন্দৰ্ভত ৰোহিণী এলেকাৰ আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে।

আৰক্ষীয়ে অভিযোগ লাভৰ পিছতে এক গোচৰ পঞ্জীয়ন কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে আৰু মংগলবাৰে মণীষ, প্ৰবীণ তিৱাৰী আৰু কানৱাৰ পাল নামৰ তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

ইফালে আৰক্ষীয়ে জনোৱা অনুসৰি ধৃত তিনি গৰাকীৰ ভিতৰৰ মাত্ৰ এজনহে ভীমৰাও আম্বেদকাৰ হাস্পতালৰ নিৰাপত্তা কৰ্মী, বাকী দুজন হাস্পতালখনৰ প্ৰাক্তন বাউন্সাৰহে।