অবিশ্বাস্য! বিগত ৫মাহত ৩১ বাৰ কৰ’না পজিটিভ এইগৰাকী মহিলা

Coronavirus-Test-

প্ৰতিনিধিত্বমূলক ফটো।

প্ৰায় পাঁচ মাহ পূৰ্বে কৰ’না ভাইৰাছত আক্ৰান্ত হৈছিল ৰাজস্থানৰ ভৰতপুৰ এগৰাকী মহিলা। ইয়াৰ পাছৰে পৰা ৩১বাৰ তেওঁৰ কৰ’না টেষ্ট কৰা হৈছে আৰু প্ৰতিবাৰেই ৰিপ’ৰ্ট পজিটিভ আহিছে।

মহিলাগৰাকীৰ এই অৱস্থাৰ বাবে তেওঁৰ স্বাস্থ্যক লৈ উৎকণ্ঠিত হৈ পৰিছে আৰ বি এম হাস্পাতলৰ চিকিৎসকসকল।

মহিলা গৰাকী ‘অপনা ঘৰ আশ্ৰম’ৰ বাসিন্দা। আশ্ৰম কৰ্তৃপক্ষই এতিয়া মহিলাগৰাকীক আৰ বি এম হাস্পাতলৰ পৰা জয়পুৰৰ এছএমএছ হাস্পাতললৈ নিয়াৰ যো-জা চলাইছে।

আশ্ৰমখনৰ প্ৰতিষ্ঠাপক ড০ বি এম ভৰদ্বাজে জানিবলৈ দিয়া মতে সাৰদা নামৰ সেই মহিলাগৰাকীক বাজাৰে গাওঁৰ পৰা আশ্ৰমলৈ অনাৰ পাছত তেওঁ এই আশ্ৰমখনৰে বাসিন্দা।

যোৱা বছৰৰ আগষ্টত প্ৰথম সাৰদাৰ দেহত কৰ’নাৰ উপস্থিতি ধৰা পৰিছিল। তাৰপাছতে তেওঁক  আৰ বি এম হাস্পাতলত ভৰ্তি কৰা হয়। সাৰদাৰ মানসিক আৰু শাৰীৰিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসকসকলে তেওঁৰ সৈতে এজন লোকক থকাৰ অনুমতি দিয়ে।

পাছত তেওঁক আশ্ৰমৰ কোৱাৰেন্টাই চেন্টাৰত ৰখা হয়। ভৰদ্বাজে জানিবলৈ দিয়ে যে এতিয়ালৈকে সাৰদাৰ ৩১বাৰ টেষ্ট কৰা হৈছে আৰু প্ৰতিবাৰেই ৰিপ’ৰ্ট পজিটিভ আহিছে।

এই সময়ছোৱাত সাৰদাৰ এল’পেথিৰ লগতে আয়ুৰ্বেদিক আৰু হোমিঅ’পেথি চিকিৎসাও কৰা হয়। অৱশ্যে, ৰিপ’ৰ্টক লৈ উদ্বিগ্ন হ’লেও সাৰদা কিন্তু সুস্থ হৈয়ে আছে আৰু তেওঁ কোনো দুৰ্বলতাত ভোগা নাই।

সাৰদাৰ এনে ঘটনাত চিকিৎসকসকলো বিস্মিত হৈ পৰিছে। কোনোৱে যাতে তেওঁৰ সংস্পৰ্শলৈ আহিব নোৱাৰে তাৰ বাবে সাৰদাক সম্পূৰ্ণ সুকীয়াকৈ ৰখা হৈছে।

চিকিৎসকসকলে জানিবলৈ দিছে যে ৰিপ’ৰ্ট নিগেটিভ অহাৰ পাছতে সাৰদাক আইছ’লেশ্যনৰ পৰা যাবলৈ দিয়া হ’ব।

সাধাৰণতে কৰ’না আক্ৰান্ত ৰোগীক ১০ৰপৰা ১৪দিনলৈ আইছ’লেশ্যনত ৰখা হয় যদিও সাৰদাৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য কৰিব পৰা নাই স্বাস্থ্য কৰ্তৃপক্ষই।