• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইভান ইলিছৰ মৃত্যু

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
August 1, 2022 3:10 pm
270
VIEWS
Share on FacebookShare on Twitter

টলষ্টয়ৰ “ইভান ইলিছৰ মৃত্যু” নামৰ ৬১ পৃষ্ঠাৰ গল্পটো এখন সৰু কিতাপৰ দৰে৷ গল্পটোৰ আৰম্ভই হৈছে ইভান ইলিছৰ মৃত্যু সংবাদেৰে৷ ইভান ইলিছ এজন বিচাৰপতি আছিল৷ তেওঁৰ মৃত্যু সংবাদটো পোৱাৰ লগে লগে তেওঁৰ সহযোগী সকলৰ মনত শোকৰ সলনি কোনে তেওঁৰ পদটো পাব আৰু একাদিক্ৰমে কাৰ কাৰ পদোন্নতি হ’ব, সেইবোৰ কথাহে তেওঁলোকৰ মনলৈ আহিছিল৷ আনকি গিৰীয়েকৰ মৃতদেহটো চকুৰ আগত পৰি থকা সময়তো তেওঁৰ ঘৈণীয়েক, পাৰছকিয়ভাৰ চিন্তা – তেওঁ কিমান পেঞ্চন আৰু অন্যান্য সা-সুবিধা পাব৷

ইয়াৰ পিছতে টলষ্টয়ে আমাক ইভান ইলিছৰ জীৱনৰ অতীতলৈ লৈ যায়৷ শিক্ষা, বিচাৰকৰ চাকৰি, বিয়া আৰু চাকৰিৰ পদোন্নতিলৈ, ইভানে তেওঁৰ জীৱনত তেনে কোনো বিশেষ সমস্যাৰ সন্মুখীন হোৱা নাছিল৷ তেওঁৰ জীৱনৰ গতি আছিল মসৃন৷ কিন্ত বিয়াৰ পিছত, বিশেষকৈ এজনী ছোৱালী আৰু এটা ল’ৰা সন্তানৰ জন্মৰ পিছত,  ঘৈণীয়েক পাৰছকিয়ভাৰ লগত তেওঁৰ সঘনাই মনোমালিন্য হ’বলৈ আৰম্ভ কৰে৷ তথাপি সেইবোৰলৈ ভ্ৰূক্ষেপ নকৰি অফিছৰ কামত, বন্ধু-বান্ধবৰ লগত সময় খৰচ কৰি  নিজকলৈয়ে তেওঁ শান্তিৰে থাকিবলৈ চেষ্টা কৰিছিল৷ সমস্যা আৰম্ভ হয় ইভানৰ শৰীৰত দেখা দিয়া এটা বেমাৰকলৈ৷

এইখিনিৰ পৰাহে ঘটনাই বিশেষ গতি লাভ কৰে৷ ৰোগ আৰু ডাক্টৰৰ চিকিৎসাই ৰোগীৰ মনত কি প্ৰতিক্ৰিয়া কৰিব পাৰে, তাতে ৰোগটো যদিহে দূৰাৰোগ্য হয়? তলৰ কথাখিনিলৈ মন কৰক৷

“বিষণ্ণ মনে লাহে লাহে শ্লেডখনত উঠি তেওঁ ঘৰমুৱা হ’ল৷ ডাক্টৰে কোৱা কথাবোৰ তেওঁ আকৌ মনৰ মাজতে পাগুলিবলৈ ধৰিলে৷ সেই চিকিৎসা বিজ্ঞানৰ জটিল শব্দবোৰ সহজবোধ্য কৰি তেওঁ তাত এটা প্ৰশ্নৰ উত্তৰ বিচাৰিলেঃ ‘মোৰ অৱস্থাটো সঁচাই বেয়া, নে এই মুহূৰ্তত চিন্তাৰ বিশেষ কাৰণ নাই?’ কিন্তু ডাক্টৰৰ কথাৰ পৰা গম পোৱা গৈছে যে তেওঁৰ অৱস্থাটো বৰ ভাল নহয়৷ ইভান ইলিছে হঠাৎ মন কৰিলে যে তেওঁৰ সন্মুখৰ ৰাস্তা, ঘাট, গাড়ী, দোকান-পোহাৰ, ঘৰ-দুৱাৰ সকলো মানে গোটেই পৰিবেশটো যেন নিঃসাৰ, নিস্তেজ! ক্ৰমান্বয়ে তেওঁৰ বিষটো যেন বৰকৈ উক দি উঠিছে!“

ঘৰলৈ আহি ইভানে ডাক্টৰেনো তেওঁক কি ক’লে, ঘৈণীয়েকক ক’বলৈ বিচাৰিলে৷ কিন্তু ঘৈণীয়েকৰো ইভানৰ কথা শুনাৰ ধৈৰ্য নাই। ঘৈণীয়েক যোৱাৰ ফালে চাই এটা দীঘলীয়া হুমনিয়াহ কাঢ়িলে৷

এইখিনিৰ পৰাই কাহিনীয়ে আকৌ নতুন মোৰ লৈছে৷ ইভানে ডাক্টৰে দিয়া ঔষধবোৰ কোনো হীনডেঢ়ি নকৰাকৈ খাবলৈ আৰম্ভ কৰিলে৷ এতিয়াৰ পৰা মানুহৰ বেমাৰ আৰু স্বাস্থ্য, তেওঁৰ জীৱনৰ মূল বিষয়হৈ পৰিল৷ কোনোবাই যদি ক’ৰবাত কাৰোবাৰ বেমাৰৰ কথা কয় আৰু সেই বেমাৰটোৰ কিছুমান লক্ষণ যদি  তেওঁৰ লগত মিলে, বাহিৰত একো নেদেখুৱালেও, তেওঁ অতি মনোযোগেৰে সেই কথাবোৰ  শুনে আৰু সেইবোৰ মানি চলিবলৈ চেষ্টা কৰে ৷ আচলতে য’ৰ বিষ  ততে আছে৷ তথাপি, ইভানে ভাবে ঔষধ খোৱাৰ পিছত বিষটো যেন আগতকৈ কমিছে৷ কিন্তু, যেতিয়াই ঘৈণীয়েকৰ লগত কাজিয়া লাগে বা কোৰ্টত কিবা খেলিমেলি হয়, বিষটোৱে যেন আকৌ উক দিয়ে৷ তেওঁ নিজকে নিজে ক’বলৈ আৰম্ভ কৰেঃ “সকলো ঠিকে ঠাকে আছিল৷ ঔষধটোৱে কাম কৰিবলৈ ধৰিছিলহে মাথোন, এতিয়া আকৌ গোটেইখন খেলিমেলি হৈ গ’ল৷“ তেওঁ জানে যে এইবোৰ কথাত লাগি লাভ নাই৷ এইবোৰে তেওঁৰ বেমাৰটো বঢ়ায়হে৷ পৰা-পৰিশ্ৰম এইবোৰ কথা যিমান পাৰি আওকাণ কৰাই ভাল৷ কিন্তু,তেওঁ সদায় তাৰ বিপৰীতটোহে কৰে৷ শেহতীয়াকৈ আৰু এটা কথা হৈছে; তেওঁ মেডিকেল কিতাপ পঢ়া আৰম্ভ কৰিছে৷ আৰু ডাক্টৰ সলোৱাটো তেওঁৰ এটা স্বভাবহৈ পৰিছে৷ ইমান লাহে লাহে অসুখটো বাঢ়ি আহিছে যে তেওঁ সদায় ভাবে তেওঁ যেন সামান্য ভালহে পাইছে ৷ কিন্তু, নতুন এজন ডাক্টৰৰ তালৈ যোৱাৰ লগে লগে তেওঁৰ অনুমান হয় তেওঁৰ যেন অৱস্থাটো আগতকৈ বেছি বেয়াহে হৈছে৷ সেইবুলি তেওঁ ডাক্টৰৰ তালৈ নোযোৱাকৈ নাথাকে৷ এজনৰ পিছত এজনকৈ কিমান বিখ্যাত বিখ্যাত ডাক্টৰক যে তেওঁ অসুখটো দেখুৱাইছে৷ কিন্তু, সকলোৱে বেলেগ বেলেগ ধৰণে যেন একেখিনি কথাকে কয়৷ কাষৰ ফালে বিষটো অসহনীয় হৈ আহিছে৷ আৰু জিভাখনৰ কি হৈছে, একো এটা বস্তুৰ সোৱাদ নোপোৱাহৈ আহিছে৷ মুখৰ পৰা বৰ বেয়া গোন্ধ এটা ওলাব ধৰিছে৷ ইছ তেওঁৰ কি হৈছে! তেওঁ সকলো ফালে আন্ধাৰ দেখিবলৈ ধৰিছে৷ কিন্তু, তেওঁৰ বাহিৰে যেন অইন কোনেও তেওঁৰ অৱস্থাটো বুজি নাপায়৷ বুজিবলৈ চেষ্টা নকৰে৷ তেওঁলোকৰ বাবে সকলো আগৰ দৰেই চলি আছে৷ তেওঁ লক্ষ্য কৰিছে যে তেওঁৰ নিজৰ পৰিয়ালৰ মানুহেও, বিশেষকৈ তেওঁৰ ঘৈণীয়েক আৰু জীয়েকে তেওঁৰ অৱস্থাটো বুজিবলৈ অকণো চেষ্টা কৰা নাই৷ তেওঁলোকৰ  সুখ স্বাচ্ছন্দ্যৰ তেওঁ যেন এডাল হেঙাৰহে, যদিও সেইটো তেওঁলোকে তেওঁৰ পৰা লুকাব বিচাৰে৷ তেওঁৰ ঘৈণীয়েকৰ মতে ইভান নিজেই যেন তেওঁৰ বেমাৰটোৰ বাবে দায়ী; কিয়নো তেওঁ সময়মতে ঔষধ নাখায় আৰু নাখাবলগীয়া বস্তুবোৰ খায়৷ ইভানে ভাবে তেওঁৰ ঘৈণীয়েকে জানি বুজি এনে দৃষ্টিভংগী লোৱা নাই৷ কিন্তু,ঘৈনীয়েকৰ ব্যৱহাৰে তেওঁক আঘাত দিয়ে৷ কোৰ্টতো তেওঁৰ একেই অৱস্থা৷ সকলোৱে ভাবে প্ৰয়োজনতকৈ তেওঁ যেন তেওঁৰ বেমাৰটোৰ কথাহে বেছিকৈ ভাবে৷ কিন্তু তেওঁহে জানে এই অসুখটোৱে ভিতৰৰ পৰা তেওঁক কেনেকৈ এফালৰ পৰা শেষ কৰি আনিছে৷

এনেকৈ এমাহ পাৰ হ’ল৷ এদিন কোৰ্টৰ পৰা আহি ইভানে দেখে যে তেওঁলোকৰ ঘৰলৈ তেওঁৰ খুলশালীয়েক আহিছে৷ তেওঁৰ ঘৈণীয়েক পাৰছকিয়ভা বজাৰলৈ গৈছে৷ তেওঁৰ পঢ়া কোঠাটোত খুলশালীয়েকে নিজৰ বেগটো খুলি আছে৷ খুলশালীয়েক এজন দেখনীয়াৰ চফল ডেকা৷ ইভানৰ ভৰিৰ শব্দ শুনি তেওঁ নীৰৱে ইভানৰ ফালে এবাৰ মূৰ তুলি চালে৷ সেই চাৱনীটোৱে যেন ইভানক সকলো কৈ দিলে৷ খুলশালীয়েকে মুখখন মেলি কিবা এটা ক’ব বিচাৰিও একো নকলে৷ ইভানৰ বুজিবলৈ একো বাকী নাথাকিল৷ ইভানে তেওঁক সুধিলে -“মই সলনি হৈছোঁ নহয়নে?“ “অ’ অলপ“ বুলি কৈ তেওঁ বিষয়টো সামৰি থলে৷ ইভানে বাৰে বাৰে কথাটো উলিয়াব বিচাৰে, কিন্তু খুলশালীয়েকে বিষয়টো এৰাই চলে৷ তেনেতে বজাৰৰ পৰা পাৰছকিয়ভা আহি ঘৰ সোমালহি৷ ইভানে দুৱাৰ বন্ধ কৰি আইনাত নিজৰ শৰীৰটো ভালকৈ নীৰিক্ষণ কৰিলে৷ ঘৈণীয়েকৰ লগত উঠা পুৰণা ফটোৰ লগত নিজৰ শৰীৰটো তুলনা কৰি চাই নিজকে তেওঁৰ ৰাতিৰ এন্ধাৰতকৈও ক’লা যেন লাগিল৷ এইবোৰ কথা পাহৰিবলৈ তেওঁ টেবুলত গৈ বহি অফিচৰ কিবা এটা ফাইল চাবলৈ আৰম্ভ কৰিলে৷ নাই তেওঁৰ মন বহা নাই৷ তেওঁ হাতত সাৰে ভৰিত সাৰে গৈ মানুহ বহা কোঠাটোৰ ওচৰ পালে৷ দুৱাৰখন বন্ধ আছিল৷ তেওঁ দুৱাৰত কাণ দি শুনিবলৈ বিচাৰিলে পাৰছকিয়ভা আৰু তেওঁৰ খুলশালিয়েকেনো কি কথা পাতি আছে৷ ঘৈণীয়েকে ভায়েকক কৈ আছে-“নাই নাই তই বৰ অতিৰঞ্জণ কৰিছ!“ “একো অতিৰঞ্জণ কৰা নাই৷ মানুহজন মৰিছে বুলিয়ে ক’ব পাৰি৷ তই চকু কেইটা দেখা নাই,  কেনে শেঁতাপৰা! তেওঁৰ হৈছেনো কি ?“

আৰু শুনি থাকিব নোৱাৰিলে ইভানে,  নিজৰ কোঠালৈ আহি ভাবিবলৈ ধৰিলে- তেওঁৰ কি হৈছে ? তেওঁৰ বৃক্কটো ডাক্টৰে কোৱাৰ দৰে ওলাই আহিছে নেকি! তেওঁ ততালিকে ডাক্টৰৰ তালৈ ওলাই গ’ল৷ ঘৈণীয়েক তেওঁ ক’লৈ যায় বুলি বৰ উদ্বিগ্নহৈ সুধিলে৷ তেওঁ তেওঁৰ বন্ধুক লগ কৰিবলৈ যায় বুলি শীতল চাৱনি এটা দি গুছি গ’ল৷

তেওঁ গৈ ডাক্টৰক লগ কৰিলে৷ ডাক্টৰে ক’লে ইমান চিন্তাৰ কোনো কাৰণ নাই৷ সকলো ঠিকহৈ যাব৷ ইভানৰ মনটো ফৰকাল৷ ঘৰলৈ ওভতি আহিল৷ ঘৰত এটা উৎসৱ মুখৰ পৰিবেশ৷ বহুত মানুহ৷ গান,নাচ আৰু ফূৰ্তি৷ তেওঁ বেমাৰৰ কথাটো সমূলি পাহৰি গ’ল৷ সকলোৰে লগত আনন্দেৰে তেওঁ খোৱালোৱা কৰিলে৷ তাৰ পিছত কোৰ্টৰ ফাইল কেইটামান চাব লগা আছিল, নিজৰ কোঠালৈ গৈ সেই কেইটাও চালে৷ কিন্তু, কি জানো এই গোটেই সময়খিনিত তেওঁৰ মনত খেলাই আছিল তেওঁৰ যেন কিবা এটা ব্যক্তিগত কাম কৰিবলৈ বাকী আছে৷ ভাতখাই সকলোৰে পৰা বিদায় লৈ তেওঁ এমিল জোলাৰ উপন্যাস এখন হাততলৈ বিচনাত পৰিল৷ নাই,কিতাপত তেওঁৰ মন নবহিল৷ বেমাৰটোৰ কথাহে তেওঁৰ মনলৈ আহিল৷ আচলতে অৱচেতনভাবে এই কথাটোৱেই তেওঁৰ মনত ক্ৰিয়া কৰি আছিল৷ তাৰ পিছত তেওঁ নিজক কোৱা দি ক’লে চিন্তা কৰিবলগীয়া একো নাই৷ স্বাভাবিক প্ৰক্ৰিয়াৰে বেমাৰটো ভালৰ ফালে আহিব৷ কেৱল নিয়মিতভাবে দৰৱবোৰ খাই থাকিলেই হ’ল৷ দৰৱৰ কথা মনত পৰাৰ লগে লগে তেওঁ দৰৱ খালে৷ বিছনাত বাগৰ দিলে৷ আচৰিত কথা তেওঁৰ যেন বিষটো নোহোৱা হ’ল৷ হয়তো এতিয়াতো তেওঁ একো বিষ অনুভৱ কৰা নাই৷

এনদৰে কিছু সময় যোৱাৰ পিছত আকৌচোন তেওঁৰ কিবা হ’ল৷ কি হ’ল? উস,আকৌ সেই বিষটো! কি কষ্ট! জিভাখন আকৌ কিবা কিবা লাগিছে! চাৰিওফালে আন্ধাৰ৷ তেওঁৰ কি হৈছে? অলপ আগলৈ সকলো ফৰকাল আছিল, এতিয়া চাৰিওফালে ঘোপমৰা এন্ধাৰ৷ এক মুহূৰ্ত আগলৈ সকলো ঠিকে আছিল৷ এতিয়া সকলো তল ওপৰহৈ গ’ল৷ সকলো শেষহৈ আহিছে৷ নিজক ফাকি দি লাভ নাই৷ তেওঁ মৰিবলৈ গৈ আছে৷ মৃত্যু সন্নিকট৷ তেওঁৰ যেন হৃৎপিণ্ডটো বন্ধহৈ গৈছে৷ সেই যে সন্ধিয়া অতিথিবোৰ আহিছিল, তেওঁলোকে তাত নাচ গান কৰি, ফূৰ্তি কৰি আছিল৷ সেই শব্দবোৰ দূৰৰ পৰা তেওঁৰ কোঠালৈ ভাহি আহিছিল৷ আন্ধাৰত চকু দুটা বহলকৈ মেলি ইভানে তেওঁলোকৰ বিষয়ে ভাবিছিলঃ  “মৃত্যু৷ এৰা মৃত্যু৷ কিন্তু সিহঁতৰ কোনো এজনে এই কথাটো নাজানে বা জানিবও নিবিচাৰে৷ সিহঁতৰ মোৰ প্ৰতি কোনো দয়া,মমতা নাই৷ নাচগানত মচগুল৷ সিহঁতৰ এতিয়া এইবোৰলৈ ভ্ৰুক্ষেপ নাই, কিন্তু মই আজি মৰিম, কাইলৈ সিহঁতো মৰিব৷ আৰু এতিয়া জন্তুৰ দৰে সিহঁতে আমোদ প্ৰমোদত মত্তহৈ আছে৷“

ইভান ইলিছৰ মন বিষন্ন৷ মৃত্যু যে আসন্ন তেওঁ জানিছিল৷ কিন্তু তেওঁ কোনোপধ্যেই সেইটো মানি ল’ব পৰা নাছিল৷ হয়, তৰ্কশাস্ত্ৰত তেওঁ শিকিছিলঃ জুলিয়াছ চিজাৰ এজন মানুহ৷ মানুহ মৰণশীল৷ জুলিয়াছ চিজাৰো মৰণশীল৷ এই ন্যায় বাক্যটো একেবাৰে শুদ্ধ৷ কিন্তু জুলিয়াছ চিজাৰৰ ক্ষেত্ৰতহে৷ জুলিয়াছ চিজাৰে সাধাৰণভাবে মানব প্ৰজাতিটোক বুজাইছিল৷ কিন্তু তেওঁ -ইভান ইলিছতো এজন সাধাৰণ মানুহ নহয়৷ তেওঁ এজন বিশেষ মানুহহে৷ মাক,দেউতাকে তেওঁক মৰমতে ভন্য বুলি মাতিছিল৷ তেওঁৰ শৈশৱ আৰু যৌৱনৰ সেই সুখ, দুখবোৰৰ লগত এই সাধাৰণ মানুহক প্ৰতিনিধিত্ব কৰা চিজাৰৰ কি সম্পৰ্ক? ৰং বিৰঙৰ সেই সৰু ৰবৰৰ বলটো শুঙি ভন্যই যিটো আমেজ পাইছিল, চিজাৰৰ জানো সেই অভিজ্ঞতা হৈছিল? সৰুতে তেওঁ যেনেকৈ মাকৰ হাতত চুমা খাইছিল, মাকে পিন্ধা চিল্কৰ কাপোৰযোৰত যেনকৈ সৰসৰণি উঠিছিল, চিজাৰৰ জানো এইবোৰ অভিজ্ঞতা হৈছিল? আইন  পঢ়ি থাকোতে হোষ্টেলত জলপানৰ পৰিমাণ কম হওতে তেওঁ যেনেকৈ প্ৰতিবাদ কৰিছিল,তেওঁ যেনেকৈ প্ৰেম কৰিছিল, এতিয়া তেওঁ যেনেকৈ কোৰ্টত কেচ এটা চলাই- এইবোৰ চিজাৰে কৰিব পাৰিবনেকি? গতিকে চিজাৰ মৰণশীল হ’ল বুলিয়ে ইভান কিয় মৰণশীল হ’ব? মৃত্যু,নাই অসম্ভৱ! আৰু ইভান নহয় তেওঁৰ কোনো বন্ধুই চিজাৰৰ দৰে হ’ব নোৱাৰে৷

মৃত্যু আৰু তাৰ উৎস এই বেমাৰৰ কথাটো ইভানে মনৰ পৰা উলিয়াই পেলাব লাগিব৷ এই চিন্তাটো উলিয়াই পেলোৱাৰ একমাত্ৰ উপায় হৈছে আগৰ দৰে নিজৰ কামত নিমজ্জিতহৈ পৰা৷ গতিকে ঠিক আগতে তেওঁ যেনেকৈ কোৰ্টলৈ গৈ কেচবোৰ লৈছিল, যি ধৰণে বাদী বিবাদীৰ যুক্তিবোৰ শুনিছিল, যি ধৰণে তেওঁৰ তলত কাম কৰা মানুহবোৰৰ লগত কথা বতৰা পাতিছিল, তেওঁলোকৰ প্ৰতি যেনে ব্যৱহাৰ কৰিছিল, অৰ্থাৎ বেমাৰটো হোৱাৰ আগতে তেওঁৰ দৈনন্দিন কাম কাজ যেনে আছিল, তেওঁ তালৈকে ঘূৰি যাবলৈ চেষ্টা কৰিলে৷ হয়, সকলো আগৰ ধৰণে আৰম্ভ হ’ল৷ বেমাৰৰ কথা তেওঁ পাহৰি গ’ল৷ কিন্তু,কামৰ মাজত ব্যস্তহৈ থকাৰ মাজতে এইটো আকৌ কি চিন্তা তেওঁৰ মনলৈ আহিছে? নাই জোৰ কৰি তেওঁ সেই চিন্তাটো মনৰ পৰা আঁতৰাই পঠিয়ালে৷ কিছু সময়ৰ পিছত আকৌ সেই চিন্তাটো তেওঁৰ মনলৈ আহিল৷ তেওঁ মানুহটো যেন হঠাৎ জথৰহৈ পৰিল৷ কোৰ্টৰ কামকাজত খেলিমেলি লাগিল৷ আগতে কেতিয়াও হোৱা নাই এনেকুৱা? কি হ’ল? বাকীবোৰে তেওঁৰ সহযোগী কৰ্মচাৰী সকলেও কথাটো মন কৰিছে৷ নাই আৰু নোৱাৰি৷ এই বিষটো যেন তেওঁৰ সন্মুখত থিয়হৈ তেওঁৰ চকুত চকুথৈ চাই আছে! সকলো অসাৰ৷ এই বিষটোহে সাৰ৷ আপোনালোকৰ এটা কথালৈ মনত পৰিছেনে? নুনমাটিৰ বিহুতলীত ভূপেন হাজৰিকা যে অসুস্থহৈ পৰিছিল! তেওঁ বাৰে বাৰে চেষ্টা কৰিও যে স্বাভাবিকভাবে গানগাই থাকিব পৰা নাছিল৷ তেওঁ যে কৈছিল-নাই আগতে এনেকুৱা কেতিয়াও হোৱা নাই৷ ইভান ইলিছৰো ঠিক সেইটোৱে হৈছিল৷

উপন্যাসিকাখনৰ সপ্তম অধ্যায়টো অতি মৰ্মস্পৰ্শী৷ ইভান ইলিছ এদিন সুস্থহৈ উঠিব এইটো এতিয়া অতীতৰ কথা৷ এতিয়া ঘৰৰ সকলোৰে বাবে আৰু তেওঁৰ নিজৰ বাবেও আটাইতকৈ নিশ্চিত কথাটো হৈছে তেওঁৰ মৃত্যু৷ তেওঁৰ মৃত্যু হ’লে তেওঁৰ বাবে পৰিয়ালৰ অইনসকলৰ যি কষ্ট হৈছে, তাৰ পৰা তেওঁলোকো বাচিব আৰু তেৱোঁ তেওঁৰ যন্ত্ৰণাৰ পৰা মুক্তি পাব৷

এতিয়া তেওঁৰ টোপনি নাহে বুলিয়ে ক’ব পাৰি৷ কানি আৰু মৰফিন ইনজেকশ্যনেও কাম নিদিয়াহৈ আহিছে৷ আগৰ বিষটোৰ সলনি এই অৰ্দ্ধ সচেতন অৱস্থাটোৱেই যেন এক সকাহ৷ কিন্তু বিষটোতকৈ এই অৱস্থাটোৱে যে তেওঁৰ কষ্ট লাঘৱ কৰিছে তেনে নহয়, বৰং এতিয়া তেওঁৰ অৱস্থা আগতকৈও বেয়াহে৷ এতিয়া ডাক্টৰৰ পৰামৰ্শ মতে তেওঁৰ কাৰণে বিশেষ খাদ্য প্ৰস্তুত কৰা হয়৷ কিন্তু, তেওঁৰ একোতে ৰুচি নাই৷ খাদ্যবোৰ কিবা জাবৰ জাবৰ লাগে৷ আটাইতকৈ ডাঙৰ সমস্যা হৈছে পেছাব,পাইখানা কৰাটো৷ এতিয়া এইবোৰ কামো তেওঁ আনৰ সহায় নোহোৱাকৈ কৰিব নোৱাৰা হৈছে৷ দুৰ্গন্ধ,পৰিস্কাৰ,পৰিচ্ছন্নহৈ থাকিব নোৱাৰা আৰু এই একান্ত ব্যক্তিগত কামবোৰ অইনৰ সহায়লৈ কৰিব লগা হোৱা কথাটোৱে তেওঁক কিমান যে দুখ আৰু অশান্তি দিছে -এইবোৰ তেওঁ কাক ক’ব? কোনে পতিয়াব? কিন্তু, এই জঞ্জাল আৰু অশান্তিৰ মাজতো এটা কথাই ইভান ইলিছক এক মানসিক শান্তি দিছিল৷ এতিয়া প্ৰায় সকলো সময়তে তেওঁৰ লগত থাকে গিৰাচ৷ ইভানক শৌচ,পেছাব কৰোৱা, গা ধুউৱা, সকলো কামৰ দায়িত্ব গিৰাচৰ৷ গিৰাচ, তেওঁলোকৰ চাকৰ, কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা দেখিবলৈ ধুনীয়া এক থুলন্তৰ ডেকা৷ ইভানৰ পৰিচৰ্যা আৰু শুশ্ৰুষাৰ সম্পূৰ্ণ দায়িত্ব এতিয়া গিৰাচৰ৷ কোনো ওজৰ আপত্তি নকৰাকৈ অতি আন্তৰিকতাৰে গিৰাচে এই দায়িত্ব চম্ভালি লৈছে৷

এদিন শৌচকৰি উঠি নিজকে ভালদৰে চম্ভালিব নোৱাৰি কাপোৰে কানিয়ে ইভানে ওচৰতে থকা আৰামী চকীখনত পৰি গ’ল৷ ইভানৰ চকুৰ ফালে নোচোৱাকৈ(ইভানৰ চকুৰ ফালে চালে তেওঁ অস্বস্তিত পৰিব পাৰে বুলি) সাউতকৈ আহি গিৰাচে পৰিস্থিতিটো চম্ভালি ললে৷ ধুনীয়াকৈ তেওঁক চাফ চিকুণ কৰি দিলে৷ ইভানৰ মুখৰ পৰা ওলাই আহিল-গিৰাচ!কি ছাৰ মোৰ কিবা ভুল হ’ল নেকি? কাতৰ কন্ঠত ইভানে ক’লে-ইছ তুমি কি কামবোৰ কৰিব লগা হৈছে? কিন্তু মই কৰোঁ কি মই যে নিজে এইবোৰ কৰিব নোৱাৰোঁ, মই বৰ অসহায়! ছাৰ আপুনি কিয় চিন্তা কৰিছে? আপুনি এজন ৰোগী৷ কোনোবাইতো আপোনাক সহায় কৰিবই লাগিব৷ ইয়াৰ পিছৰ কথাখিনি মই যিমানখিনি পাৰোঁ হুবহু তুলি দিলেহে পাঠকে কথাখিনি ভালদৰে বুজি উঠিব৷

“গিৰাচ তুমি কামবোৰ ইমান নিখুঁতভাবে কৰা“ গিৰাচে মিচিকিয়াই হাঁহি ৰুমটোৰ পৰা ওলাই যাব বিচাৰিলে৷ কিন্তু,ইভানে বিচাৰিছে গিৰাচে আৰু কিছু সময় তেওঁৰ ওচৰত থাকক৷

তুমি সৌ চকীখন, ইয়ালৈ আনিবা নেকি? ভৰি দুখন চকীত থলে মই অলপ আৰাম পাওঁ৷ গিৰাচে তেওঁৰ ভৰি দুখন দাঙি গাৰুটোৰ ওপৰত থলে৷ ভৰি দুখন ওপৰলৈ কৰোতে তেওঁ আৰাম পাইছিল আৰু তলত থওতে তেওঁৰ জীৱটো ওলাই যোৱা যেন লাগিল৷

“গিৰাচ, তুমি এতিয়া ব্যস্ত নেকি?“ “নাই ছাৰ৷“ গিৰাচে নগৰত থকা মালিকবোৰক কেনেকৈ কথা ক’ব লাগে সেইটো বৰ ভালদৰে আয়ত্ব কৰিছে৷ “এতিয়া তোমাৰ কৰিবলগীয়া কাম কি আছে?“ ‘’মইতো আটাইবোৰ কাম কৰিলোঁৱেই৷ কেৱল কাইলৈৰ বাবে অলপ খৰি ফালিবলৈ আছে৷“

“তেন্তে তুমি মোৰ ভৰি দুখন অলপ ওপৰলৈ ধৰি থাকিব পাৰিবা নেকি?“ “কিয় নোৱাৰিম?“ গিৰাচে ইভানৰ ভৰি দুখন ওপৰলৈ দাঙি ধৰিলে৷ ইভানে বৰ আৰাম পালে৷ “কিন্তু খৰিৰ কি হ’ব?“ “ছাৰ আপুনি চিন্তা নকৰিব৷ হৈ যাব৷“ ইভানে গিৰাচক বহিবলৈ কৈ তেওঁৰ ভৰি দুখন ধৰি থাকিবলৈ ক’লে৷ তেওঁ বৰ সকাহ পালে৷ তেওঁ গিৰাচৰ লগত ইটো সিটো কথা পাতিবলৈ আৰম্ভ কৰিলে৷ ইয়াৰ পিছত প্ৰায়ে তেওঁ গিৰাচক মাতি পঠিয়াই৷ গিৰাচে ওচৰত বহি তেওঁৰ ভৰি দুখন তাৰ কান্ধত লয়৷ গিৰাচৰ লগত কথা পাতি ইভান ইলিছে এক অভাবনীয় শান্তি অনুভৱ কৰে৷ গিৰাচৰ একগ্ৰতা আৰু আন্তৰিকতাই ইভানৰ অন্তৰ চুই যায়৷ গিৰাচৰ বাহিৰে অইনৰ সুস্বাস্থ্য আৰু তেজস্বীতাই আজিকালি ইভানক বিমৰ্ষ আৰু হতাশ কৰে৷ অশান্তি দিয়ে৷

শেহতীয়াভাবে ইভানে আন এটা সমস্যাৰ সন্মুখীন হৈছে৷ তেওঁ জানে, তেওঁৰ ঘৰৰ মানুহবোৰেও জানে যে তেওঁ আৰু বৰ বেছি দিন জীয়াই নাথাকে৷ কিন্তু সকলোৱে তেওঁক দেখুৱাই এনে অভিনয় কৰে যেন তেওঁ কিছুদিনৰ পিছত আৰোগ্যহৈ উঠিব৷  এইটো যে এটা গোকাট মিছা কথা তেওঁলোক সকলোৱে ভালকৈ জানে৷ তেওঁৰ আগত সকলোৱে এনে ভাও জোৰে যে তেওঁলোকৰ কাৰণে ইভানেও এই মিছা কথাটো মানি ল’বলৈ বাধ্যহৈ পৰে৷

ইভানৰ মৃত্যুক ঘৰৰ মানুহবোৰে এটা প্ৰহসনত পৰিণত কৰিছে৷ কেতিয়াবা ইভানৰ মন যায় যেন তেওঁ সকলোৰে মুখা খুলি দিব৷ কিন্তু বহু কথা ভাবি তেওঁ মনে মনে থাকে৷ আচলতে ঘৰৰ মানুহবোৰৰ তেওঁৰ প্ৰতি কোনো দয়া মমতা নাই৷ নাই কোনো অনুকম্পা৷ ই কেৱল তেওঁলোকৰ ভণ্ডামি আৰু অভিনয়৷ একমাত্ৰ ব্যতিক্ৰম হ’ল গিৰাচ৷ কেতিয়াবা গিৰাচে নিশা ঘন্টাৰ পিছত ঘন্টা ইভানৰ ভৰি দুখন নিজৰ কান্ধত লৈ উজাগৰে থাকে৷ ইভানে তাক শুবলৈ যাবলৈ ক’লেও নাযায়৷ বেছিকৈ ক’লে কয়-“আপুনি অসুস্থ কাৰণেহে মই আপোনাৰ লগত আছোঁ৷ আৰু আজি আপোনাৰ যিটো অৱস্থা হৈছে এদিন মোৰো তেনে অৱস্থা হ’ব পাৰে৷ মোৰ পাল পৰিলে মোকো নিশ্চয় কোনোবাই শুশ্ৰূষা কৰিব৷“ এৰা একমাত্ৰ গিৰাচেই যেন ইভানক বুজি পায়৷ আজি তেওঁৰ যিটো অৱস্থা হৈছে তেওঁক অইন একো নালাগে, লাগে মাথো একাষাৰ মৰমৰ মাত,অলপ শান্ত্বনা৷ অথচ সেই মাতষাৰ দিয়া মানুহে যেন নাই৷

ইভান ইলিছৰ কাৰণে দিন নাযায়,ৰাতি নুপুৱায় অৱস্থা৷ গিৰাচ যোৱাৰ পিছত ৰূমটোলৈ পিউটৰফ সোমাই আহোতেহে তেওঁ গম পালে যে ৰাতি পুৱাইছে৷ পিউটৰফে তেওঁৰ ৰূমটো চাফা কৰি আছে৷ দিনক দিনে ইভানৰ অৱস্থা পৰি আহিছে৷ এক মুহূৰ্তৰ কাৰণেও বিষটো নুগুচা হৈছে৷ তেওঁ মৰিবলৈ গৈ আছে, অথচ এতিয়াও মৰা নাই৷ তেওঁ পিউটৰফৰ ফালে হাতখন আগবঢ়াই দি ঘড়ীটো বিচাৰিলে৷ ঘড়ীটো চাই দেখে চাৰে আঠটা বাজিছে৷“ মানুহবোৰ এতিয়াও শুই আছে নেকি?“ “নাই ছাৰ, ভিচিলি স্কুললৈ গ’ল৷ বাইদেউ শুই আছে আৰু আপোনাৰ কিবা প্ৰয়োজন হ’লে তেওঁক মাতিবলৈ কৈছে“৷ তেওঁ নালাগে বুলি ক’লে৷ পিউটৰফে তেওঁক চাফ, চিকুণ কৰাই দিলে৷ তেওঁ ঔষধ খালে৷ নাই ঔষধ খোৱা আৰু নোখোৱাৰ মাজত একো পাৰ্থক্য নাই৷ তেওঁ পিউটৰফক চাহ একাপ আনিবলৈ ক’লে৷ চাহ কাপৰো কোনো সোৱাদ নাই৷ কোনো ৰকম গিলি থলে৷ এনেতে শুনিলে কোনোবাই কলিং বেল বজাইছে৷ বোধহয় ডাক্টৰ আহিছে৷ হয় ডাক্টৰ৷ সেই একেই কুচকাৱাজ৷ একেই পৰীক্ষা৷ ডাক্টৰে তেওঁক পৰীক্ষা কৰি থাকোতে পাৰছকিয়ভা আহি ইভানক চুমা খালে আৰু ডাক্টৰ অহা খবৰটো তেওঁক নিদিয়া কাৰণে পিউটৰফক ভৎৰ্সনা কৰিলে৷ ইভানে যেন পাৰছকিয়ভাৰ উপস্থিতি সহ্য কৰিব পৰা নাই৷ পাৰছকিয়ভাৰ সুস্বাস্থ্য আৰু শৰীৰৰ তেজাল বৰণ ইভানে সহ্য কৰিব পৰা নাই৷ পাৰছকিয়ভাৰ শাৰীৰিক স্পৰ্শই ইভানক বিছাই ডঁকা দি ডাঁকে৷ তেওঁ তাইক চকুপাৰি দেখিব নোৱাৰে৷ ইভানৰ অসুখ সম্পৰ্কে পাৰছকিয়ভাৰ সদায় একে কথা৷ সময়মতে ঔষধ নাখায় আৰু নকৰিবলগীয়া কামবোৰ কৰা কাৰণেই ইভানে ভালপোৱা নাই৷ এই ডাক্টৰজনৰ সন্মুখতে তেওঁ জনালে যে গধূলিলৈ এজন বৰ বিখ্যাত ডাক্টৰ ইভানক চাবলৈ আহিব৷ হয়ো এঘাৰমান বজাত সেই বিশেজ্ঞ ডাক্টৰজন আহি আকৌ ইভানক পৰীক্ষা কৰিবলৈ ধৰিলে৷ এফালে যমে মানুহে টনাটনি আৰু আনফালে আকৌ সেই বৃক্ক আৰু নাড়ী ভূৰিৰ কথা৷ কি এতিয়াও কিবা আশা আছে নেকি? নাই ডাক্টৰে আশা নাই বুলিও নকলে আছে বুলিও নকলে৷ কিন্তু,ইভানে যেন এতিয়াও কিবা এটা আশা কৰি আছে৷ ইভানৰ সেই মুখখন আৰু কৰুণ চাৱনীটো দেখি পাৰছকিয়ভাই হুকহুকাই কান্দি ডাক্টৰৰ ফিজটো দিবলৈ কাষৰ কোঠাটোলৈ দৌৰি গুছি গ’ল৷ ইফালে ইভানে কেকাবলৈ আৰম্ভ কৰা দেখি তেওঁক এটা ইনজেকশ্যন দিয়া হ’ল৷

ইভানে যেতিয়া সাৰপালে ইতিমধ্যে সাত বাজি গৈছিল৷ তেওঁৰ বাবে সন্ধিয়াৰ আহাৰ আহি পালে৷ খাও,নাখাওকৈ ইভানে কিবা অকমান মুখত দিলে৷ ঠিক তেতিয়াই সাজি কাচি পাৰছকিয়ভা তেওঁৰ কোঠাটোলৈ আহিল আৰু চকী এখনৰ এমূৰে বহি কেৱল সুধিব লাগে বুলিয়ে ইভানৰ বেমাৰৰ খবৰ ল’লে৷ ইভানক তেওঁ মনত পেলাই দিলে যে তেওঁৰ পৰামৰ্শমতেই ঘৰৰ সকলোৱে আজি  চাৰা বেৰ্নহাৰ্টৰ নাটক চাবলৈ ওলাইছে৷ কথাটো ইভানে পাহৰিয়ে গৈছিল৷ যোৱাৰ আগতে আটাইবোৰ তেওঁৰ খবৰ ল’বলৈ কোঠাটোলৈ সোমাই আহিল৷ সকলোৱে কি সুন্দৰকৈ সাজি কাচি ওলাইছে! এফালে তেওঁৰ এই অৱস্থা আৰু আনফালে এওঁলোকৰ কি উচ্ছল জীৱন! অৰ্থহীনভাবে পাতিব লাগে বুলিয়ে যেন তেওঁলোকে কিবাকিবি কথা পাতি আছে৷ এনেতে লীজাৰ,তেওঁলোকৰ জীয়েকৰ প্ৰেমিক ফয়োডৰে ইভানৰ ফালে চাই কন্ঠৰুদ্ধহৈ পৰিল৷ হঠাৎ সকলো নিস্তব্ধ৷ ইভানৰ চকু দুটা  খঙত জ্বলি উঠিছে৷ এই যেন সকলো ভণ্ডামীৰ গোমাৰফাকহৈ যাব৷ এক অস্বস্তিকৰ পৰিবেশ৷ হঠাৎ লীজাই মুখ খুলিলে৷ আমি  নাটক চাবলৈ গ’লে সময় হৈ গ’ল কিন্তু৷ সকলোৱে ভাবি থকা কথাটো এই কথাষাৰকৈ তাই সকলোৰে আচল স্বৰূপটো উদঙাই দিলে৷ গিৰিপকৈ উঠি সিহঁত আটাইবোৰ কোঠাটোৰ পৰা বাহিৰ হ’ল৷ সিহঁত ওলাই যোৱাৰ পিছত ইভান সহজহৈ পৰিল যদিও বিষটোৱে তেওঁক আমনি দি থাকিল৷

ভালেমান নিশা নাটক চাই ঘূৰি আহি হাতত সাৰে ভৰিত সাৰে পাৰছকিয়ভা ইভানৰ বিছনাৰ ওচৰলৈ আহিল৷ ইভানে এবাৰ চকু মেলি চাই আকৌ জোৰকৈ চকু জপাই থলে৷ পাৰছকিয়ভাই গিৰাচক বিদায় দি নিজে ইভানৰ ওচৰত বহিব বিচাৰিলে৷ কিন্তু ইভানে নামানিলে৷

খুব বিষাই আছে নেকি? হ’ব একো নাই৷ অলপ আফিং খোৱা৷ তেওঁ আফিং খালে৷ পুৱা তিনি বজালৈ বিষৰ কোবত তেওঁ অচেতন হোৱাৰ দৰে হৈছিল আৰু কি কি যে ভয়লগা সপোনবোৰ দেখিছিল! তিনিমান বজাত গিৰাচক ইভানে যাবলৈ দিলে, যদিও সি যাব বিচৰা নাছিল৷ গিৰাচ কোঠাটোৰ বাহিৰ হোৱাৰ লগেলগে ইভান ইলিছ কান্দোনত ভাগি পৰিল৷ এই নিষ্ঠুৰ মানুহবোৰ আৰু ভগৱানে তেওঁৰ কি ৰং চাইছ? এই অস্তিত্বহীন ভগৱানে তেওঁৰ কিয় এই অৱস্থা কৰিলে? কি কাৰণে তেওঁৰ এই অৱস্থা হ’ল? তেওঁ কোনো উত্তৰ বিচৰা নাছিল৷ তেওঁ এই কাৰণেই কান্দিছিল যে তেওঁ  জানিছিল সেইবোৰৰ কোনো উত্তৰ নাছিল৷ আকৌ বিষটো উক দি উঠিছিল৷ তাৰ পিছত হঠাৎ তেওঁ সম্পূৰ্ণ নীৰৱহৈ পৰিছিল৷ এইবাৰ তেওঁৰ ভিতৰৰ পৰা শব্দ নহয়, কিবা এটা ভাব প্ৰকটহৈ ওলাই আহিছিল৷ বাৰে বাৰে তেওঁ নিজকে নিজে এটা প্ৰশ্নই কৰিছিল-তুমি কি বিচৰা? আপোনাআপুনি তেওঁৰ অন্তৰৰ পৰা ওলাই অহা উত্তৰটো আছিল “বিষহীনভাবে জীয়াই থকাটো“ তেওঁ আকৌ চিন্তা কৰিলে আৰু ইমান গভীৰভাবে চিন্তা কৰিলে যে বিষটোৰ অস্তিত্বই তেওঁ পাহৰি গ’ল৷ তেওঁৰ অন্তৰ আত্মাই প্ৰশ্ন কৰিলে- “কেনেকৈ জীয়াই থাকিব বিচৰা“ আগতে জীৱনটো যেনেকুৱা আছিল “সুখী আৰু ভাল“তেনেকৈ। তেওঁ ইতিমধ্যে অতিবাহিত কৰা জীৱনৰ সময়ছোৱালৈ ঘূৰি গ’ল আৰু তেওঁৰ জীৱনৰ আটাইতকৈ সুখকৰ আৰু  মধুৰ অভিজ্ঞতাবোৰৰ কথা চিন্তা কৰিবলৈ আৰম্ভ কৰিলে৷ কিন্তু আগতে যিবোৰ অভিজ্ঞতাক তেওঁ সুখকৰ বুলি ভাবিছিল এতিয়া দেখোন সেই আটাইবোৰ কিবা অৰ্থহীন আৰু অন্তঃসাৰশূন্যহৈ পৰিল৷ কেৱল শৈশৱৰ কথা ভাবিহে তেওঁ পুলকিতহৈ পৰিল৷ সঁচাই সেইদিনবোৰ কি সোণসেৰীয়া আছিল৷ কিন্তু এতিয়াতো তেওঁ ডাঙৰ হ’ল৷ সেই শৈশৱতো আকৌ ঘূৰি নাহে৷ তাৰ পিছত, তাৰ পিছত এনে কি ভাললগা অভিজ্ঞতা আছে? চাকৰি জীৱন, টকা ঘটা, বিবাহ? সেইবোৰত কি ভাললগা কথা আছে? আইন স্কুলত পঢ়ি থকা অভিজ্ঞতাৰ কথাও সামান্য উল্লেখ কৰিব পাৰি৷ তাৰ পিছৰ জীৱনটোচোন ডাৱৰীয়ই আছিল, ক’ৰবাত কাচিৎহে এচেৰেঙা ৰ’দ ওলাইছিল৷ এনেদৰে তেওঁ তেওঁৰ অতীতটো পৰ্যালোচনা কৰি দেখিলে যে আচলতে মানুহে যেতিয়া ভাবিছিল তেওঁ জীৱনত সফলতাৰ শীৰ্ষলৈ গতি কৰি আছিল, তেতিয়া তেওঁ শীৰ্ষাৰোহণ কৰা নাছিল সেয়া আছিল তেওঁৰ অৱৰোহণহে৷ গতিকে এতিয়া মৃত্যুৰ বাহিৰে একো নাই৷ কিন্তু, এই বিষ আৰু যন্ত্ৰণা তেওঁ কিয় সহ্য কৰিবলগা হৈছে? ক’ৰবাত কেতিয়াবা তেওঁ কিবা ভুল কৰিছিলনেকি? নাই সেইটো অসম্ভৱ৷ তেওঁ কেতিয়াও তেনে কোনো অন্যায় কৰা নাই৷

তেনেকৈ আৰু দুসপ্তাহ গ’ল৷ এতিয়া ইভানে বিছনালৈ নাযায়ে, অনবৰতে চোফাখনতে বেৰৰ ফালে মুখ কৰি পৰি থাকে৷ এই যন্ত্ৰণাকাতৰ, একাকী অৱস্থাত ইভানৰ এটাই চিন্তা-এয়া কি মৃত্যু? তেওঁৰ নিজৰ ভিতৰৰ পৰা  ওলাই অহা এটা বাণীয়ে ক’য়-এৰা ই মৃত্যু৷ এই যন্ত্ৰণাবোৰ? সেইবোৰৰ কোনো কাৰণ নাই৷ বেমাৰটো হোৱাৰ পিছত সদায় দুই বিপৰীত চিন্তাই তেওঁৰ লগ এৰা নাই – হতাশা আৰু মৃত্যু-ভয় আৰু মৃত্যু-ভয় জিনাৰ আশা আৰু নিজৰ শৰীৰটোৰ বিষয়ে জনাৰ এক তীব্ৰ আগ্ৰহ৷  এখন জনকীৰ্ণ জহৰ, বন্ধু,বান্ধব আৰু পৰিয়াল পৰিজনৰ মাজত থাকিও ইভান ইলিছ এতিয়া সম্পূৰ্ণ নিসংগ৷ তেওঁ যেন পৃথিৱীৰ অতল গহ্বৰত,সাগৰৰ তলিত অকলশৰে পৰি আছে৷ এতিয়া তেওঁ জীয়াই আছে কেৱল অতীত ৰোমান্থনৰ মাজত৷ একেবাৰে শেহতীয়া ঘটনা এটাৰে আৰম্ভ কৰা এই অতীত ৰোমন্থন সদায় ৰয়গৈ তেওঁৰ শৈশৱত৷ এই অতীত ৰোমন্থনে এতিয়া  দুটা ৰূপ ধাৰণ কৰিছে-এটা হৈছে তেওঁৰ জীৱনৰ অতীত আৰু আনটো হৈছে তেওঁৰ বেমাৰটোৰ অতীত৷ আৰম্ভণিতে তেওঁৰ জীৱনটো কিমান পোহৰ আছিল? বেমাৰৰ আৰম্ভণিতেও বেমাৰৰ পৰা আৰোগ্য হোৱাৰ আশা আছিল৷ জীৱন যিমানে আগবাঢ়িছে সিমানে দুখ,কষ্টই ইয়াক অধিক যন্ত্ৰণাদায়ক কৰি পেলাইছে৷ ঠিক তেনেদৰে সময় যোৱাৰ লগে লগে বেমাৰটোৱেও তেওঁক কাবু কৰি আনিছে৷ এটা শিল তললৈ বাগৰি গ’লে  গতি জড়তাৰ বাবে তলগৈ পোৱাৰ আগে আগে যেনেকৈ তাৰ তীব্ৰতা বাঢ়ি যায়, এতিয়া তেওঁৰ সেইটোৱে হৈছে৷ জীৱনৰ সামগ্ৰিক দুখ কষ্ট আৰু আৰু বেমাৰটোৰ যন্ত্ৰণা দুয়োটা একহৈ  দ্ৰুত গতিত তেওঁৰ জীৱনটো শেষ পৰিণতিৰ ফালে ধাবমান হৈছে৷ এই কথাটো উপলব্ধি কৰি তেওঁৰ গাটো শিয়ৰি উঠিছে৷ কিন্তু,এতিয়া আৰু ইয়াক প্ৰতিহত কৰাৰ সামৰ্থ তেওঁৰ নাই৷ কিয় এনে হ’ল তাক জনাৰ কিবা উপায় আছে নেকি? নাই৷ তেওঁ ক’ৰবাত কিবা ভুল কৰিছিল নেকি? নাই তেনে ভুল তেওঁ কেতিয়াও কৰা নাই৷ যন্ত্ৰণা আৰু দুখৰ বাহিৰে একো ব্যাখ্যা নাই৷

এনেকৈ আৰু দুসপ্তাহ গ’ল৷ ইতিমধ্যে এটা ঘটনা ঘটিল৷ ফয়ডৰে তেওঁলোকৰ জিয়ৰী লীজাক বিয়া কৰাব বুলি প্ৰস্তাব দিলে৷ এই কথাটো ইভানৰ আগত কেনেকৈ উলিয়ায়- সেইটো ভাবি পাৰছকিয়ভা ইভানৰ কোঠাত সোমাল৷ ইভানৰ অৱস্থা ইতিমধ্যে পৰি আহিছিল৷ তেওঁ চোফাখনত উবুৰখাই পৰি আছিল৷ ঘৈণীয়েকে ঔষধৰ কথা সোধাত ইভানে ঘোপা দৃষ্টিৰে ঘৈণীয়েকলৈ চালে আৰু কৈ উঠিল -“যীশুৰ দোহাই মোক শান্তিত মৰিবলৈ দিয়া“ ঘৈণীয়েক কোঠাটোৰ পৰা ওলাই যাবলৈ ধৰোতেই লীজা আহি বাপেকৰ খবৰ ল’লে৷ এইবাৰ তেওঁ ক’লে চিন্তাৰ কাৰণ নাই৷ তেওঁ আৰু সিহঁতৰ বোজাহৈ নাথাকে অলপ দিনৰ ভিতৰতে তেওঁৰ মৃত্যু হ’ব৷ এইবাৰ ডাক্টৰ আহিল৷ ইভানে ডাক্টৰক ক’লে-“এইবোৰ কৰি লাভ নাই৷ আপুনি মোক একো সহায় কৰিব নোৱাৰে৷ অনুগ্ৰহ কৰি বাহিৰলৈ যাওক৷ মোক অকলে থাকিবলৈ দিয়ক৷“ ডাক্টৰজন বাহিৰলৈ ওলাই আহি পাৰছকিয়ভাক ক’লে যে ইভানৰ অৱস্থা খুব বেয়া৷ অলপ বেছিকৈ আফিঙ খুৱালেহে তেওঁৰ কষ্ট কিছু লাঘব হ’ব৷ শাৰিৰীক কষ্টৰ লগতে তেওঁ মানসিকভাবেও বৰ কষ্টত আছে৷ সেইদিনা নিশা গিৰাচৰ টোপনি গধূৰ চকুহাল আৰু শান্ত মুখখনলৈ চাই ইভানে ভাবিলে -কি মই মোৰ সমগ্ৰ সজ্ঞান জীৱনটো  ভুলভাবে অতিবাহিত কৰিলোঁ নেকি? হঠাৎ তেওঁৰ মনত খেলালে যে সমাজৰ উচ্চ আসনত অধীস্থিত লোকসকলে ভাল বুলি ভবা কথা কিছুমান সম্পৰ্কে তেতিয়া তেওঁৰ মনত যে সামান্য সন্দেহৰ উদয় হৈছিল আৰু যিবোৰৰ কোনো ভিত্তি নাই বুলি তেওঁ সেইবোৰ মনৰ পৰা আঁতৰাই পঠিয়াইছিল৷ এতিয়া ভাবি চাই দেখিছে যে সন্দেহবোৰহে মূলক আছিল বাকীবোৰ অমূলক আছিল৷ তেওঁ ভাবি চাই দেখিলে তেওঁৰ চাকৰি, বিবাহিত জীৱন, সংসাৰ- সকলোবোৰ চোন ভুল আছিল৷ ইভানৰ নিজৰ চৌপাশে থকা মানুহবোৰৰ ওপৰত প্ৰচণ্ড ক্ষোভ আৰু ঘৃণা ওপজিল৷

মৃত্যুৰ তিনিদিন আগৰ পৰা ইভানে চিঞৰিবলৈ ধৰিলে৷ ইভানৰ চিঞৰ শুনি ঘৰৰ মানুহবোৰ আতংকিত হ’ল৷ কিবা এক অদৃশ্য শক্তিয়ে জোৰ কৰি  তেওঁক যেন ক’লা বস্তা এটাত ভৰাবলৈ  চেষ্টা কৰিছে আৰু তেওঁ তাত বাধা দিছে৷ ভয় আৰু আতংকত তেওঁ কম্পমানহৈ পৰিছে, কিয়নো তেওঁ গম পাইছে যে তেওঁ যিমানে বাধা নিদিয়ক কিয় তেওঁৰ শেষ সময় আহি গৈছে৷ বিষটো আহিছে  ক’লা ফুটাটোৰে তেওঁক ঠেলি ভিতৰলৈ  সোমাই দিওতে তেওঁ তাৰ মুখত লাগিধৰা বাবে৷ ইভান বস্তাটোৰ ভিতৰলৈ এই কাৰণেই সোমাই যোৱা নাই কিয়নো এতিয়াও তেওঁ ভাবি আছে যে তেওঁ এটা ভাল জীৱন অতিবাহিত কৰিছিল৷ হঠাৎ তেওঁ যেন ফুটাটোৰে ভিতৰলৈ  সোমাই গ’ল৷ আৰু সুৰঙ্গৰ শেষত যেন এটা পোহৰ দেখা পালে৷ কেতিয়াবা ৰেলেৰে যাওতে আমাৰ এনে লাগে আমি যেন আগলৈ গৈ আছো কিন্তু প্ৰকৃততে আমি পিছলৈহে গৈ থাকোঁ৷ হঠাৎ প্ৰকৃত দিশটো ধৰিব পাৰিলে আমাৰ যেনে লাগে তেওঁৰ যেন তেনে উপলব্ধি হ’ল৷ তেওঁ নিজকে নিজে কৈ উঠিল: “হয় মোৰ জীৱনটো ভুল আছিল৷ একো নাই, এতিয়াও তাক শুধৰোৱা সম্ভৱ৷ কিন্তু এই শুদ্ধ বস্তুটো কি“ এই কথাটো ভবাৰ লগে লগে তেওঁ শান্তহৈ পৰিল৷

মৃত্যুৰ এঘন্টামান আগতে ইভানে বিষত ইচাটি বিচাটি কৰি হাতখন ঘূৰাই থাকোতে কোঠাটোলৈ তেওঁৰ স্কুললৈ যোৱা পুতেক সোমাই আহিল৷ ইভানৰ হাতখন ল’ৰাটোৰ মূৰত লাগিল৷ ল’ৰাটোৱে হাতখন তাৰ হাততলৈ চুমাখাই হুকহুকাই কান্দি উঠিল৷ এই সময়তে ইভানে সেই পোহৰৰ সন্ধান পাইছিল যে তেওঁৰ জীৱনটো  সাৰ্থক নাছিল৷ কিন্তু এতিয়াও তাক সাৰ্থক কৰিব পাৰি৷ সেই সাৰ্থকতানো কি সেইটো ভাবি তেওঁ শান্তহৈ পৰিছিল আৰু তেতিয়াই তেওঁ গম পাইছিল যে কোনোবাই তেওঁৰ হাতখনত চুমা খাইছে৷ চকুমেলি চাই নিজৰ ল’ৰাটো দেখি তেওঁৰ দুখ লাগিছিল৷ ঠিক সেই সময়তে তেওঁৰ ঘৈনীয়েক কোঠাটোলৈ সোমাই আহিছিল৷ তেওঁৰ  চকুপানী নিগৰি আছিল৷ ঘৈনীয়েকক দেখিও তেওঁৰ দুখ লাগিছিল৷ তেওঁ ভাবিলেঃ মই সকলোকে বৰ আঘাত দিছোঁ৷ এওঁলোক সকলোৱে মোৰ কাৰণে দুখ কৰিছে৷ কিন্তু মোৰ মৃত্যুৰ পিছত সকলো ঠিকহৈ যাব৷“ তেওঁ এইখিনি কথাই তেওঁলোকক ক’ব বিচাৰিছিল৷ কিন্তু, তেতিয়া আৰু তেওঁৰ কথা কোৱাৰ শক্তি নাছিল৷ তেওঁ ল’ৰাটোৰ ফালে চাই সেহাই সেহাই ঘৈনীয়েকক ক’লেঃ তাক ইয়াৰ পৰা লৈ যোৱা৷ তাৰ কাৰণে আৰু তোমাৰ কাৰণে মই দুঃখিত৷“ তেওঁ ক’ব বিচাৰিছিলঃ মোক ’ক্ষমা কৰিবা’ কিন্তু মুখেৰে ওলাল ’ভালৰ বাবে’৷ তেতিয়া আৰু তাক শুধৰোৱাৰ শক্তি তেওঁৰ নাছিল ৷হাতখন জোকাৰি ভাবিছিল যিয়ে বুজিব বিচাৰে বুজিব৷

হঠাৎ তেওঁৰ কাৰণে সকলো ফটফটীয়াহৈ পৰিল৷ সকলো অশান্তিৰ ওৰ পৰিল৷ পৰিয়ালৰ মানুহবোৰৰ প্ৰতি তেওঁৰ দুখ ওপজিল৷ নাই তেওঁ আৰু পৰিয়ালৰ মানুহবোৰক আঘাত নিদিয়ে৷ তেওঁ সকলোকে মুক্ত কৰি দিব আৰু নিজেও এই যন্ত্ৰণাৰ পৰা মুক্ত হ’ব৷ বাহ এইটো কিমান সহজ আৰু কি সুন্দৰ কথা! “মোৰ বিষটো ক’ত গ’ল! বিষ তুমি ক’ত লুকালা!“ অ আহিছে বিষটো আহিছে! মৃত্যু! এইবাৰ দেখোন তেওঁৰ মৃত্যুলৈ মুঠেই ভয় লগা নাই৷ মৃত্যু ক’ত? মৃত্যুৰ সলনি চোন এচাটি পোহৰহে তেওঁৰ ফাললৈ আহি আছে! আহ কি প্ৰশান্তি! তাৰমানে ইভান ইলিছৰ মৃত্যু হ’ল৷ অৱশেষত তেওঁ মৃত্যুক জয় কৰিলে৷

 

এইটো এটা বিখ্যাত গল্প। বিশ্ব সাহিত্যৰ ই এক অমূল্য সম্পদ।টলষ্টয়ৰ জীৱনো বৰ বৈচিত্ৰ্যপূৰ্ণ আছিল।মদ, মাৎস্যৰ্য, কামনা,বাসনা,ভোগ,লালসা,দুখ,যান্ত্ৰণাৰ মাজেদি গৈ তেওঁ নিজকে এক প্ৰশমিত আত্মালৈ, এজন ঋষিলৈ ৰূপান্তৰিত কৰিছিল। জীৱনত কেতিয়াও তেওঁ কোনো কথাতে আপোচ কৰা নাছিল। তেওঁ প্ৰকৃততে এজন বিদ্ৰোহী আছিল। আৰ্তজনৰ কল্যাণ,মানৱ মুক্তি আছিল টলষ্টয়ৰ ধ্যেয়। স্বাভাবিকতে সামাজিক প্ৰশ্নবোৰেই তেওঁৰ লেখাৰ মূল উপজীব্য আছিল। কিন্তু এই গল্পটো অলপ পৃথক। এই গল্পটোৰ মূল প্ৰতিপাদ্য বিষয় ব্যক্তিৰ অস্বিত্ব আৰু জীৱনৰ অৰ্থ। এফালৰ পৰা গল্পটোৰ কেন্দ্ৰীয় ভাব মৃত্যু-ভয়। জীৱনৰ এটা সময়ত টলষ্টয়কো  মৃত্যু-ভয়ে আতংকিত কৰিছিল। বিশেষকৈ “যুদ্ধ আৰু শান্তি” লিখি উঠাৰ পিছত। সেই সময়ত তেওঁ জাৰ্মান দাৰ্শনিক স্বপেনহাৱাৰৰ কিতাপ পঢ়ি আছিল।স্বপেনহাৱাৰ আছিল এজন নিৰাশাবাদী দাৰ্শনিক। তেওঁৰ মতে মানৱ দুৰ্দশাৰ মূলতে মানুহৰ আকাঙ্খা। আকাঙ্খাৰ নিবৃত্তিতে মানুহৰ মুক্তি।স্বপেনহাৰৰ দৰ্শনৰ মূল কিন্তু প্ৰাচ্যৰ বৌদ্ধ দৰ্শন। স্বপেনহাৱাৰৰ মানৱদশাৰ এই ব্যাখ্যাই টলষ্টয়ক আলোড়িত কৰিছিল। তাৰ প্ৰতিফলন আমি এই গল্পটোত দেখা পাওঁ।গল্পটোৰ পৰা চাৰিটা কথা ওলাই আহে। প্ৰথমটো হ’ল ইভান ইলিছৰ জীৱনৰ প্ৰথমছোৱা-এটা স্বাভাবিক, সুন্দৰ সফল জীৱন। সমস্যা আৰম্ভ হয় তেওঁৰ বেমাৰ হোৱাৰ পিছত। এইটো হ’ল দ্বিতীয় স্তৰ।বেমাৰে যিমানেই ইভানক কাবু কৰিছে সিমানে গল্পটো ঘনীভূতহৈ গৈছে,তাৰ চোক বাঢ়ি গৈছে।মানুহৰ শাৰীৰিক যন্ত্ৰণা আৰু  বিচ্ছিন্নতাবোধৰ টলষ্টয়ৰ এই কাব্যিক ব্যাখ্যা, বৰ্ণানা গল্পটোৰ মূল আকৰ্ষণ আৰু সৌন্দৰ্য। অসহ্য শাৰীৰিক যন্ত্ৰণা আৰু মানসিক বিচ্ছিন্নতা যেতিয়া এজন মানুহৰ জীৱন, জীৱনৰ অস্তিত্বহৈ পৰে তেওঁৰ জীৱনত কি থাকে? কিন্তু, তেনে সময়ত যদি কোনোবাই তেওঁৰ ওচৰত থিয় হয়,তেওঁক মৰমৰ মাত এষাৰ দিয়ে, তেওঁলৈ সহায়ৰ হাত এখন আগবঢ়াই দিয়ে, তেওঁক যদি কোনোবাই বিচাৰে, তেওঁৰ অভাব অনুভৱ কৰে, তেওঁৰ কেনে লাগিব? তেওঁ জীৱনৰ কিবা এটা অৰ্থ বিচাৰি নাপাবনে? “স্বাগত স্বাগত সতীৰ্থ, আমি পালোঁ জীৱনৰ অৰ্থ অভিনৱ” গিৰাচৰ শুশ্ৰূষা আৰু ইভানৰ পুতেকে যে তেওঁৰ হাতখনত চুমা খাইছিল-সেই ব্যথা, আগ্ৰহ আৰু আন্তৰিকতা আছিল ইভানৰ কাৰণে এগছি আলোক বন্তি।এইখিনিতে টলষ্টয়ৰ এক আমোঘ বাণীলৈ-“মানুহ কিহেৰে জীয়াই থাকে প্ৰেমেৰে” আমাৰ মনত নপৰেনে? জীৱনৰ অমৰাৱতী-এই প্ৰেম! গল্পটোৰ এইটো তৃতীয় দিশ।গল্পটোৰ শেষ আৰু চতুৰ্থ চৰণত বুদ্ধৰ সিদ্ধান্ত, স্বপেনহাৰৰ দৰ্শন আৰু টলষ্টয়ৰ উপলব্ধি যেন একাকাৰহৈ গৈছে। নিজৰ জীৱনৰ পৰ্যালোচনা আৰু পৰ্যাৱেক্ষণ কৰি ইভানে দেখিলে তেওঁ ইমান দিনে  যি জীৱনৰ লালসাত জীয়াই থাকিব বিচাৰিছিল, শৈশৱক বাদ দিলে তাৰ সৰহখিনিয়েচোন অৰ্থহীন, অসাৰ আছিল। সমাজৰ উচ্চ আসনত অধিস্থিত লোকসকৰ শথতাও তেওঁৰ চকুত পৰিষ্কাৰ হৈছিল।ঠিক তেতিয়াই ইভান ইলিছ জীৱনৰ সকলো বান্ধোনৰ পৰা মুক্তহৈ পৰিছিল।তেওঁৰ আৰু কাৰোৰে প্ৰতি কোনো আক্ষেপ নাছিল। সেই তেতিয়াই তেওঁ মৃত্যু-ভয় জয় কৰিছিল। সেয়াই আছিল তেওঁৰ নিৰ্বাণপ্ৰাপ্তি।

Recent News

পেহেলগাম আক্ৰমণত চৰকাৰী ষড়যন্ত্ৰৰ অভিযোগ! NSAৰ অধীনত আটক AIUDFৰ বিধায়ক

পেহেলগাম আক্ৰমণত চৰকাৰী ষড়যন্ত্ৰৰ অভিযোগ! NSAৰ অধীনত আটক AIUDFৰ বিধায়ক

ভাৰতৰ সৈতে সিন্ধু জল চুক্তিৰ আলোচনা পুনৰ আৰম্ভ কৰিব বিচাৰে পাকিস্তানেঃ লিখিছে পত্ৰ

ভাৰতৰ সৈতে সিন্ধু জল চুক্তিৰ আলোচনা পুনৰ আৰম্ভ কৰিব বিচাৰে পাকিস্তানেঃ লিখিছে পত্ৰ

উচ্চতম ন্যায়ালয়ত ১৪টা প্ৰশ্ন ৰাষ্ট্ৰপতিৰ! শপত গ্ৰহণৰ পিছতে কঠিন পৰীক্ষাৰ সন্মুখীন মুখ্য ন্যায়াধীশ বি আৰ গাভাই

উচ্চতম ন্যায়ালয়ত ১৪টা প্ৰশ্ন ৰাষ্ট্ৰপতিৰ! শপত গ্ৰহণৰ পিছতে কঠিন পৰীক্ষাৰ সন্মুখীন মুখ্য ন্যায়াধীশ বি আৰ গাভাই

১৯৮৯ চনৰ লোকসভা নিৰ্বাচনত বেলট পেপাৰ টেম্পাৰিং কৰাৰ কথা স্বীকাৰ প্ৰবীণ চিপিআই(এম) নেতা জি সুধাকৰণৰ

১৯৮৯ চনৰ লোকসভা নিৰ্বাচনত বেলট পেপাৰ টেম্পাৰিং কৰাৰ কথা স্বীকাৰ প্ৰবীণ চিপিআই(এম) নেতা জি সুধাকৰণৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd