NORTHEAST NOW (Assamese)

উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শাখা আৰম্ভ কৰিবলৈ শিক্ষামন্ত্ৰীক আহ্বান যুৱ সাংবাদিকৰ

June 14, 2020 4:03 pm · কল্পজ্যোতি শইকীয়া
Updated: June 14, 2020 4:08 pm

লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিৰ নাৰায়ণপুৰ ৰাজহ চক্ৰ এলেকাৰ যিকোনো এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শাখা আৰম্ভ কৰিবলৈ মাননীয় শিক্ষা মন্ত্রীক স্মাৰক পত্র প্রদান কৰে এগৰাকী যুৱ সংবাদিকে।

NHM কাৰ্যকালত শিক্ষামন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি স্মাৰক পত্র প্রদান কৰে নাৰায়ণপুৰৰ নিৱাসী সাংবাদিক মৃগাংক মোহন দত্তই।

উল্লেখ্য যে, মাধৱদেৱ মহাবিদ্যালয় বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ হোৱাৰ পাছত এই বৰ্ষত মহাবিদ্যালয়ৰ পৰা উঠাই দিয়া উচ্চতৰ মাধ্যমিক শ্ৰেণী।

ফলত সমস্যাৰ সন্মুখীন হৈছে নাৰায়ণপুৰ ৰাজহ চক্ৰৰ ছাত্র-ছাত্রীসকল।

কাৰণ এই ৰাজহ চক্ৰৰ অধীনত নাই বিজ্ঞান শাখাৰ এখনো উচ্চতৰ মাধ্যমিক বিদ্যালয়।

সেয়েহে এই গুৰুত্বপূৰ্ণ বিষয়টো দৃষ্টিগোচৰ কৰি সাংবাদিক গৰাকীয়ে শিক্ষা মন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰে।

শিক্ষামন্ত্ৰীয়ে বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰিব বুলি আশা প্ৰকাশ কৰে সাংবাদিকগৰাকীয়ে।

Related News