ৰঙালীৰ আনন্দৰ মাজতে অথন্তৰ: বিশ্বনাথত গৰু নোৱাবলৈ গৈ যুৱকৰ মৃত্যু

Youth died in Bishwanath

হেঁপাহৰ ৰঙালী বিহুটিক উলহ-মালহেৰে আদৰিবলৈ লওঁতেই বিশ্বনাথত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। বিশ্বনাথ চাৰিআলিৰ গড়েহাগী গাৱত গৰু নোৱাবলৈ মৃত্যুমুখত পৰে এজন যুৱক৷

অজলাসুতিত গৰুক গা ধুওৱাই আজৰি হোৱাৰ পিছতে নৈত শলীল সমাধি ঘটে নিতুল কোচ নামৰ যুৱকজনৰ৷

গৰু নোৱাই নৈ ইপাৰ সীপাৰ হবলৈ চেষ্টা কৰোঁতেই ডুব যায় যুৱকজন৷

ইয়াৰ পিছতে স্থানীয় ৰাইজে নাৱেৰে যুৱকজনৰ সন্ধান চলায় যদিও জীৱিত অৱস্থাত যুৱকজনক উদ্ধাৰ কৰিবলৈ অসমৰ্থ হয়।

বহু সময়ৰ বিচাৰ-খোচাৰৰ অন্তত স্থানীয় লোকসকলে যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে৷

ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।