ফেচবুকত বাংলাদেশৰ অশান্তজৰ্জৰ পৰিস্থিতিৰ সমৰ্থন কৰা বাবে অসমৰ যুৱকক গ্ৰেপ্তাৰ

শেহতীয়াকৈ ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে বাংলাদেশৰ অশান্তিক লৈ সমর্থন প্রকাশ কৰা অসমৰ এজন যুৱকক আৰক্ষীয়ে আটক কৰে৷

লালা থানাৰ অন্তৰ্গত ৰংপুৰৰ ৫ নং ৱাৰ্ডত থকা নিজ বাসগৃহৰ পৰা হাইলাকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰেজুৱান উল্লা মাজাৰভূঞা নামৰ অভিযুক্তজনক।

২৪ বছৰীয়া যুৱকজনে ফেচবুকত এটা পোষ্টযোগে ভাৰততো বাংলাদেশৰ হিংসাত্মক পৰিস্থিতিৰ একেধৰণৰ ফলাফলৰ আহ্বান জনায়।

বাংলা ভাষাত পোষ্ট লিখা ৰেজুৱানে চুবুৰীয়া দেশখনৰ অশান্তিৰ প্ৰভাৱ অসমতো অনুভৱ কৰিব বুলি দাবী কৰে।

পৰৱৰ্তী মন্তব্যত তেওঁ উগ্ৰপন্থী সংগঠন আল কায়দাৰ সৈতেও সম্পৰ্কৰ কথা উল্লেখ কৰে। কোনো ধৰণৰ সন্ত্ৰাসবাদী সম্পৰ্ক স্থাপনৰ বাবে তেওঁক জেৰা কৰি আছে আৰক্ষীয়ে।

অবৈধ কাৰ্যকলাপ, অপৰাধমূলক ষড়যন্ত্ৰ, গোটৰ মাজত শত্ৰুতা প্ৰচাৰ আৰু চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ চলোৱাৰ গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

উল্লেখ্য যে, ১৯৭১ চনত বাংলাদেশৰ স্বাধীনতা যুদ্ধৰ প্ৰবীণ সৈনিকৰ পৰিয়ালৰ বাবে ৩০ শতাংশ চৰকাৰী চাকৰি সংৰক্ষিত কৰা কোটা ব্যৱস্থাক লৈ হিংসাত্মক প্ৰতিবাদৰ সন্মুখীন হৈছে বাংলাদেশ।

জুন মাহৰ পৰা আৰম্ভ হোৱা হিংসাত্মক প্ৰতিবাদত ৪০০ৰো অধিক লোকৰ মৃত্যু হৈছে।

দেশজুৰি হিংসাত্মক প্ৰতিবাদৰ মাজতে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰি পলায়ন কৰিবলগীয়া হোৱাৰ কিছুদিন পাছতে বাংলাদেশৰ নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছে অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে শপত গ্ৰহণ কৰে।

ঢাকাৰ ৰাষ্ট্ৰপতি ভৱনত ৰাজনৈতিক নেতা, নাগৰিক সমাজৰ নেতা, জেনেৰেল আৰু কূটনীতিবিদসকলে অংশগ্ৰহণ কৰা অনুষ্ঠানত মুখ্য উপদেষ্টা হিচাপে শপত গ্ৰহণ কৰে ৮৪ বছৰীয়া অৰ্থনীতিবিদগৰাকীয়ে।

বৃহস্পতিবাৰে ঢাকাত মহম্মদ ইউনুছৰ নেতৃত্বত চলা অন্তৱৰ্তীকালীন চৰকাৰৰ অংশ হিচাপে ১৬ জনীয়া উপদেষ্টা পৰিষদেও শপত গ্ৰহণ কৰে।

হাছিনাক পদচ্যুত কৰা কেইবা সপ্তাহজোৰা প্ৰতিবাদৰ নেতৃত্ব দিয়া ষ্টুডেণ্টছ এগেইনষ্ট ডিচক্ৰিমিনেচন গোটৰ শীৰ্ষ নেতা নাহিদ ইছলাম আৰু আছিফ মাহমুদকো পৰিষদত অন্তৰ্ভুক্ত কৰা হয়।