যুদ্ধ জাহাজ আই এন এছ বিক্ৰান্তৰ পৰা উদ্ধাৰ কৰা হৈছে এগৰাকী নৌসেনাৰ ১৯ বছৰীয়া জোৱানৰ ওলমি থকা মৃতদেহ। ভাৰতীয় নৌসেনাৰ হৈ এই খবৰটো অৱগত কৰাৰ লগতে যুৱকজনে আত্মহত্যা কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে। প্ৰাৰম্ভিক তদন্তত তেনেকুৱাই অনুমান কৰা হৈছে। ইতিমধ্যে বিষয়টো ফঁহিয়াই চাবলৈ এখন তদন্ত ব’ৰ্ড গঠন কৰা হৈছে।
বৰ্তমান কেৰালাৰ কোচিত আছে বিক্ৰান্ত। গভীৰ নিশা যুৱকজনৰ ওলমি থকা মৃতদেহ উদ্ধাৰ হয়। এই ঘটনাত তদন্ত ব’ৰ্ড গঠনৰ সমান্তৰালকৈ আৰক্ষীৰ ওচৰত এজাহাৰো দাখিল কৰা হৈছে।
লগতে পঢ়ক: মাজভাগতে শিক্ষা এৰিছে IIT, কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ২৫ হাজাৰ ৫৯৩ জন SC, ST, OBC ছাত্ৰ-ছাত্ৰীয়ে
সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ এক সূত্ৰৰ মতে, অবিবাহিত জোৱানজন বিহাৰৰ মুজাফ্ফৰপুৰত বাস কৰিছিল। জানিব পৰা মতে, তেওঁ অগ্নিবীৰ নহয়, নিয়মীয়া কেডাৰ হিচাপে কাম কৰি আছিল। কিন্তু কিয় আত্মহত্যা কৰিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।
ইয়াৰ পূৰ্বে যোৱা এপ্ৰিল মাহত আন এখন নৌসেনাৰ জাহাজ আই এন এছ ব্ৰহ্মপুত্ৰতো এগৰাকী নৌসেনা কৰ্মীৰ মৃতদেহ উদ্ধাৰ হৈছিল। কিন্তু দুৰ্ঘটনাৰ ফলত তেওঁৰ মৃত্যু হোৱা বুলি কোৱা হৈছিল। এইবাৰ আই এন এছ বিক্ৰান্তত তৰুণৰ ৰহস্যজনক মৃত্যুক লৈ যথেষ্ট চাঞ্চল্যৰ সৃষ্টি হৈছে।