মাৰ্ঘেৰিটা মহকুমাৰ কুমচাইকঙত প্ৰথম বাৰ্ষিক আদিম জনগোষ্ঠী সমাৰোহ

a mam

প্ৰথম বাৰ্ষিক আদিম জনগোষ্ঠী সমাৰোহ টিৰাপ স্বায়ত্ত শাসিত জিলা দাবী সমিতি উদ্যোগত মাৰ্ঘেৰিটা মহকুমাৰ কুমচাইকং শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়।

বাৰেবৰণীয়া ৮ জনগোষ্ঠীয় সংস্কৃতিক নৃত্য গীতৰ অনুষ্ঠানেৰে মুখৰিত হৈ পৰে মাৰ্ঘেৰিটা কুমচাইকং।

মুকলি সভাত অঞ্চলটোৰ জনগোষ্ঠীয় ৰাইজৰ দীৰ্ঘদিনীয়া দাবী টিৰাপ জনগোষ্ঠীয় অঞ্চলত স্বায়ত শাসিত এলেকা হিচাপে ঘোষণা কৰা বিষয়টো পুনৰ প্ৰবলৰূপত উত্থাপন হয়।

মুখ্য অতিথি হিচাপে মুকলি সভাত উপস্থিত থকা মন্ত্ৰী চন্দ্ৰন ব্ৰহ্মই কয় যে টিৰাপ স্বায়ত্ত শাসিত জিলা দাবী সমিতিৰ দাবী সমূহ চৰকাৰে পৰ্য্যালোচনা কৰি আছে , মাৰ্ঘেৰিটাত স্থাপন হ’ব লগা ট্ৰাইবেল গেষ্ট হাউচৰ বাবে ধন মুকলি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব, তথা ধৰ্ষণৰ বলি হৈ মৃত্যু হোৱা জনগোষ্ঠীয় জীয়ৰী তুখিং টিখাকৰ পৰিয়ালক ক্ষতিপূৰণ  প্ৰদানৰ ক্ষেত্ৰত অনতি প্ৰলমে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

মুকলি সভাত চিংফৌ ৰজা বিচা নং চিংফৌ, সদৌ অসম ট্ৰাইবেল সংঘৰ সভাপতি মিলন সোণোৱাল, ৮ জনগোষ্ঠীয় উন্নয়ন পৰিষদৰ অধ্যক্ষ মানজে লা সহ বহুকেইগৰাকী জনগোষ্ঠীয় নেতাই মুকলি সভাত অংশগ্ৰহণ কৰাৰ লগতে মাৰ্ঘেৰিটাৰ টিৰাপ অঞ্চলৰ প্ৰায় সংখ্যক নৃ-জনগোষ্ঠীয় লোক সকলৰ জনগোষ্ঠীয় সাংস্কৃতিক পৰম্পৰাগত নৃত্য গীত পৰিৱেশ কৰা হয়।