কেন্দ্ৰক ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন দাখিলত ব্যৰ্থ চৰকাৰ

মন্ত্ৰীগোটৰ কমিটি নতুনকৈ গঠনৰ দাবী আক্ৰাছুৰ

AKRSU

ফাইল ফটো

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে অসম চৰকাৰে গঠন কৰা মন্ত্ৰীগোটৰ কমিটিয়ে বিগত আঢ়ৈ বছৰে জনজাতিকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিবলগীয়া প্ৰতিবেদনখন যুগুত কৰিব নোৱাৰাটো চৰম দুৰ্ভাগ্যজনক ।

ছয় জনগোষ্ঠীৰ জনজাতিকৰণত যে চৰকাৰৰ সদিচ্ছা নাই আৰু জনজাতিকৰণৰ বিষয়টো যে বিজেপি দল আৰু চৰকাৰে ভোট বেংকৰ ৰাজনৈতিক ইচ্ছ্যু হিচাপেহে ব্যৱহাৰ কৰি আহিছে। মন্ত্ৰীগোটৰ কমিটিৰ সোপাঢিলা কাম কাজে ইয়াৰ প্ৰমাণ । এই মন্তব্য আক্ৰাছুৰ সভাপতি পুৰেণ ৰায়ৰ ।

ছাত্ৰ নেতাগৰাকীয়ে কয় যে জনজাতিকৰণৰ বাবে সোণোৱাল চৰকাৰৰ দিনত যিখন মন্ত্ৰীগোটৰ কমিটি গঠন কৰা হৈছিল বৰ্তমান সেই কমিটিখন কাৰ্যত অকামিলা হৈ পৰিছে ।

কিয়নো পূৰ্বৰ সমিতিৰ সদস্য প্ৰাক্তন বিধায়ক চন্দন ব্ৰহ্ম বৰ্তমান বিধায়ক নহয় । বিগত নিৰ্বাচনত তেওঁ পৰাজয় বৰণ কৰিছে ।

একেদৰে কমিটিখনৰ আন দুই সদস্য বিধায়ক নৱ কুমাৰ দলে আৰু ফণী ভূষণ চৌধুৰীয়ো বৰ্তমান মন্ত্ৰী হৈ থকা নাই । সেয়ে মন্ত্ৰী গোটৰ কমিটিখনৰ কোনো গুৰুত্ব নাইকীয়া হৈ পৰা বুলি উল্লেখ কৰি আক্ৰাছুৰ  সভাপতি গৰাকীয়ে জনজাতিকৰণৰ প্ৰক্ৰিয়াটো আগবঢ়াই নিয়াৰ স্বাৰ্থত শীঘ্ৰে মন্ত্ৰীগোটৰ কমিটিখন নতুনকৈ গঠন কৰিবলৈ চৰকাৰক দাবী জনায় ।

জনজাতিকৰণৰ প্ৰসংগত কোনো আপোচ নহ’ব বুলি উল্লেখ কৰি ছাত্ৰ নেতাগৰাকীয়ে আৰু  কয় – চৰকাৰৰ আশ্বাস বিশ্বাসত কোচ ৰাজবংশী জনগোষ্ঠীয়ে বহু ধৈৰ্য ধৰিলে ৷

কিন্তু এতিয়া আৰু ধৈৰ্যৰ সময় নাই । সেয়ে চৰকাৰে  জনজাতিকৰণৰ ক্ষেত্ৰত নিজৰ সদিচ্ছা প্ৰকাশ কৰি শীঘ্ৰে মন্ত্ৰীগোটৰ প্ৰতিবেদনখন কেন্দ্ৰক দাখিল কৰাৰ ক্ষীপ্ৰতৰ ব্যৱস্থা লওক । অন্যথা আক্ৰাছুৱে আৰু হাত সাৱটি বহি নাথাকে ।

চৰকাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি পূৰ্বতকৈ অধিক তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব ।