‘সুধাকণ্ঠৰ মানুহে মানুহৰ বাবে শীৰ্ষক গীতটো পৰিৱেশনেৰে মানৱতা প্ৰকাশ কৰক’ : ভৱেন চৌধুৰী

Bhupen-Hazarika-1

প্ৰতিনিধিত্বমূলক ছবি

সমগ্ৰ বিশ্বৰ লগতে ভাৰততো মাহামাৰীল ক’ৰ’নাই সন্ত্ৰাস চলাই মানৱ সমাজলৈ সংকট নমাই অনাৰ সময়তে এক ব্যতিক্ৰমী প্ৰয়াসেৰে মানৱতাৰ জয়গান গোৱাৰ আহ্বান জনাইছে এজন ব্যক্তিয়ে।

ক’ভিড-১৯ মহামাৰীৰ সংকটৰ সময়ত অসীম কষ্ট স্বীকাৰ কৰি, নিজৰ কথা চিন্তা নকৰি আনক সহায় কৰাজন আৰু আনৰ দুখ দেখি কান্দি উঠাজনলৈ সঁহাৰি জনাই ভূপেন হাজৰিকাৰ মানহে মানুহৰ বাবে গীতটি অনলাইন যোগে গোৱাৰ আহ্বান অসম ৰাজ্যিক আপৰ সমন্বয়ক ভবেন চৌধুৰীৰ ৷

২১ মে বৃহস্পতি বাৰে সন্ধিয়া ৭.৩০ বজাত মানুহে মানুহৰ বাবে গীতটো সমগ্ৰ অসম বাসীক গোৱাৰ আহ্বান জনাই চৌধুৰীয়ে ৷

আমি সকলো সকলোৰে বাবে সুখৰ দিনত, দুখৰ কালত আৰু যি কোনো সংকটৰ সময়ত এক লগ হৈ থকাৰ আহ্বান জনায়৷

এক বিবৃতি যোগে চৌধুৰীয়ে কয় “এই মহামাৰী সংকটৰ সময়ত সকলো অসমবাসী ৰাইজক সুধাকণ্ঠৰ এই চিৰসেউজ গীতটো ফে’চবুক লাইভ অথবা এটা সৰু ভিডিঅ’ৰ মাধ্যমেৰে সুদৃঢ় কৰি মানৱীয় ভাৱ প্ৰকাশ কৰিবলৈ অনুৰোধ জনালো।”

বিভিন্ন সময়ত চিকিৎসক নাৰ্চ সকলক সাহস দিয়াৰ উদ্দেশ্যে বিভিন্ন ধৰণৰ কাৰ্যসূচী লোৱা দেখা গৈছিল৷

‘এই পদক্ষেপেও সাহস দিব প্ৰতিজন ক’ৰ’নাৰ বিৰুদ্ধে যুঁজি থকা যুঁজাৰুক। চৌধুৰীৰ মন্তব্য।