‘মই তেওঁক চিনিয়ে নাপাইছিলো’, থ্ৰী ইডিয়টছ সোণম ৱাংচুকৰ কাহিনী নহয়; কি ক’লে আমিৰ খানে?
‘থ্ৰী ইডিয়টছ’ একেবাৰেই সোণম ৱাংচুকৰ জীৱনৰ কাহিনী নহয়! এই দাবী কৰিছে আমিৰ খানে। যন্তৰ মন্তৰত বিগত ১৯ দিন ধৰি অনশন কৰি আছে সোণম। শিক্ষামন্ত্ৰীৰ পদত্যাগ আৰু পৰীক্ষা ব্যৱস্থা সুচাৰুৰূপে চলোৱাকে ধৰি কেইবাটাও দাবীৰ বাবে তেওঁ অনশন অব্যাহত ৰাখিছে। ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাঞ্চোৱে (আমিৰ খানে) স্পষ্ট কৰি দিয়ে যে থ্ৰী ইডিয়টছ নিৰ্মাণৰ সময়ত কোনো নিৰ্মাতাসকলৰ কোনোৱে সোণম ৱাংচুকৰ নামেই নাজানিছিল।
বলীউডৰ পৰা আৰম্ভ কৰি দেশৰ বিভিন্ন প্ৰান্তৰ অভিনেতা, কণ্ঠশিল্পীসকলে সোণমৰ কাষত থিয় দি এটা বাৰ্তা দিছে। থ্ৰী ইডিয়টছৰ ‘চতুৰ’ অভিনেতা ওমি বৈদ্যই দেশবাসীক আহ্বান জনাইছে, অভিনেতা অতুল কুলকাৰ্ণীয়ে এদিনীয়া অনশনত বহিছে।
শুকুৰবাৰে ২০ সংখ্যক দিনত প্ৰৱেশ কৰিলে সোণমৰ অনশন। অৱশেষত নৱবিবাহিত আমিৰে এই সন্দৰ্ভত মুখ খুলিছে। ব্ৰিটিছ ফিল্ম ইনষ্টিটিউটৰ এক অনুষ্ঠানত তেওঁ কয়, “আচলতে এইটো এটা ভুল ধাৰণা। কিছুদিন আগতে চতুৰৰ (ওমি বৈদ্য) ভিডিঅ’ এটা দেখিলো, কিন্তু তেওঁ ভুলকৈ কৈছে। কিন্তু ছবিখন নিৰ্মাণ কৰাৰ সময়ত পৰিচালক ৰাজকুমাৰ হিৰানী বা লেখক অভিজিৎ যোশীয়ে সোণমৰ বিষয়ে নাজানিছিল।”
আমিৰৰ ভাষাত সোণম থ্ৰী ইডিয়টৰ সৈতে জড়িত হওক বা নহওক, তেওঁৰ কামক সন্মান কৰা উচিত। তেওঁৰ জীৱনটোক লৈ সকলোৱে চিন্তিত। তাৰকাগৰাকীয়ে আশা কৰে যে সোণমে অনশন শেষ কৰিব।
কিন্তু আমিৰৰ এই মন্তব্যক লৈ আৰম্ভ হৈছে এক বিতৰ্ক। কাৰণ সোণমে নিজেই কৈছিল যে থ্ৰী ইডিয়টছ তেওঁৰ জীৱনৰ পৰা অনুপ্ৰাণিত। যদিও ছবিখনৰ কাহিনীৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাই। অৱশ্যে গোটেই দেশখনে সোণমক ‘বাস্তৱ জীৱনৰ ৰাঞ্চো’ বুলিয়ে চিনি পায়।
পৰিচালক অনুৰাগ কাশ্যপে দেশৰ ছাত্ৰ-ছাত্ৰীৰ ভবিষ্যতৰ কথা চিন্তা কৰি জীৱনকো তুচ্ছ কৰি সোণমে লোৱা পদক্ষেপক চেলুট জনায়। সোনমৰ ১৭ দিনীয়া অনশনক লৈ ছ’চিয়েল মিডিয়াত উদ্বেগ প্ৰকাশ কৰিছে প্ৰবীণ অভিনেত্ৰী তথা পৰিচালক অপৰ্ণা সেনে। যন্তৰ মন্তৰত সোণমক লগ পাইছে অভিনেত্ৰী স্বৰা ভাস্কৰে। সোনাক্ষী সিনহা, শ্বাবানা আজমী, জিনাত আমানেও বাৰ্তা প্ৰদান কৰিছে। কিন্তু আমিৰৰ মন্তব্যক কেন্দ্ৰ কৰি বিতৰ্ক আৰম্ভ হৈছে।