NORTHEAST NOW (Assamese)

আমিৰ খানৰ পুত্ৰৰ প্ৰথম ছবি : হিন্দু সংগঠনৰ আবেদনৰ ভিত্তিত মুক্তিৰ পূৰ্বেই নিষেধাজ্ঞা আৰোপ কৰিলে আদালতে

June 16, 2024 9:16 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: June 17, 2024 7:04 am

মুক্তিৰ পূৰ্বেই বিতৰ্কত আমিৰ খানৰ পুত্ৰ জুনাইদ খানৰ প্ৰথমখন ছবি ‘মহাৰাজ’।

জানিব পৰা মতে, হিন্দু সংগঠনৰ আবেদনৰ পিছত গুজৰাট উচ্চ ন্যায়ালয়ে এই ছবিখনৰ মুক্তি সাময়িকভাৱে স্থগিত ৰাখিছে। এই গোচৰৰ পৰৱৰ্তী শুনানি ১৮ জুনত হ’ব।

হিন্দু ধৰ্মৰ বৈষ্ণৱ পন্থাৰ সদস্যসকলৰ আবেদনৰ ভিত্তিত বৃহস্পতিবাৰে গুজৰাট উচ্চ ন্যায়ালয়ে এই ছবিখন মুক্তিৰ ওপৰত স্থগিতাদেশ জাৰি কৰে।

লগতে ন্যায়াধীশ সংগীত ভীষেনৰ একক বিচাৰপীঠে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ, নেটফ্লিক্স আৰু যশ ৰাজ ফিল্মছলৈ জাননী জাৰি কৰে।

আবেদনকাৰীসকলে আবেদন জনোৱা মতে, যদি ছবিখন মুক্তিৰ অনুমতি দিয়া হয় তেন্তে তেওঁলোকৰ ধৰ্মীয় আৱেগক গুৰুতৰভাৱে আঘাত কৰা হ’ব। তদুপৰি ইয়াৰ প্ৰভাৱ জনশৃংখলাত পৰিব।

আৱেদনখনত এই কথাও উল্লেখ কৰা হৈছে যে ট্ৰেইলাৰকে ধৰি প্ৰচাৰৰ বিশেষ কাম নকৰাকৈয়ে ছবিখন মুক্তিৰ পৰিকল্পনা কৰিছে নিৰ্মাতাসকলে। যাতে আগতীয়াকৈ কাহিনীটোৰ বিষয়ে কাৰো ধাৰণা নাথাকে।

মন কৰিব যে নিৰ্মাতাসকলে এই ছবিখনৰ এখন পোষ্টাৰৰ বাহিৰে আন একো মুকলি কৰা নাই।

Related News