বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ সম্পূৰ্ণ প্ৰতিবেদন ৰাজহুৱা কৰাৰ আহ্বান আপৰ

লখিমপুৰত অনুষ্ঠিত কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত মৰ্মে ৰাজ্য চৰকাৰে অসম চুক্তিৰ ৬ নং দফা সংক্ৰান্তীয় বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ প্ৰতিবেদনৰ পৰামৰ্শাৱলী কাৰ্যকৰী কৰিব। কেবিনেটে গ্ৰহণ কৰা এই সিদ্ধান্তৰ প্ৰতি আদৰণি জনাইছে আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে ।

কিন্তু চৰকাৰখনে প্ৰতিবেদনত উল্লেখিত ৬৭ টা পৰামৰ্শৰ ৫৭ টা ৰূপায়ন কৰি বাকী ১০ টা দফা ৰূপায়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে কথা পাতিব বুলি ব্যক্ত কৰিছে যদিও এই ক্ষেত্ৰত আম আদমী পাৰ্টিৰ নেতাগৰাকীয়ে কয়- ” চৰকাৰে নিৰ্দ্ধাৰিত সময় সীমাৰ ভিতৰত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ প্ৰতিবেদনৰ ৬৭ টা পৰামৰ্শই কাৰ্যকৰী কৰা উচিত।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৫৭ টা পৰামৰ্শ ৰাজ্য চৰকাৰে ৰূপায়নৰ সিদ্ধান্ত গ্ৰহণ কৰি বাকী ১০ টা কেন্দ্ৰীয় চৰকাৰৰ বিষয় বুলি কৈ খিলঞ্জীয়া জনসাধাৰণৰ সাংবিধানিক সুৰক্ষাৰ বিষয়টো পুনৰ এক অনিশ্চয়তাৰ দিশলৈ ঠেলি দিব নোৱাৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰা বক্তব্যই এই বিষয়টোত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত যে সমন্বয় নাই সেই কথা স্পষ্ট কৰিছে। ”

আনহাতে, আপৰ আন এগৰাকী জ্যেষ্ঠ নেতা তথা দলৰ ৰাজ্যিক ৱৰ্কিং কমিটীৰ সদস্য ৰাজীৱ শইকীয়াই অসমবাসীৰ জ্ঞাতাৰ্থে বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ সম্পূৰ্ণ প্ৰতিবেদন ৰাজহুৱা কৰিবৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনায়। বিগত দিনত বিভিন্ন ৰাজনৈতিক দল- সংগঠনে এই সন্দৰ্ভত দাবী জনোৱা সত্বেও চৰকাৰে কমিটীৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ পৰা বিৰত আছে। ৰাজ্য চৰকাৰৰ এই স্থিতিক ৰহস্যজনক বুলি অভিহিত কৰে ৰাজীৱ শইকীয়াই।