আপৰ সদস্য ভৰ্তিৰ বাবে মিছকল নম্বৰ মুকলি : ৰাজ্য জুৰি সাংগঠনিক ভেটি শক্তিশালী কৰাৰ প্ৰয়াস

“ৰাজ্যজুৰি শক্তিশালী ৰূপত গঢ়ি তোলা হ’ব আম আদমী পাৰ্টিৰ সাংগঠনিক ভেটি। এই উদ্দেশ্যে আজিৰ পৰাই আৰম্ভ কৰা হয় দলৰ সভ্য ভৰ্তি অভিযান।” মহানগৰীৰ গণেশগুৰিস্থিত আম আদমী পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত দলৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই এই কথা ঘোষণা কৰে।

সংবাদমেলত দলত যোগদান কৰিবলৈ এটা মিছকল নম্বৰ মুকলি কৰা হয়। এতিয়াৰ পৰা- ৮০ ১০১০ ২৬২৬ নম্বৰটোত মিছকল দিয়াৰ জৰিয়তে আপত যোগদান কৰিব পাৰিব। দলৰ ৰাষ্ট্ৰীয় নেতা ৰাজেশ শৰ্মাই সংবাদমেলত কয়, ” অসমৰ ৰাইজে ৰাজ্যখনত আম আদমী পাৰ্টি শক্তিশালী ৰূপত প্ৰতিষ্ঠা হোৱাটো বিচাৰে। সেইবাবেই আমি সৰ্বশক্তি প্ৰয়োগ কৰি সংগঠনৰ ভেটি শক্তিশালী কৰাৰ প্ৰয়াস কৰিছোঁ। ৰাজ্যখনত আগন্তুক দিনত অনুষ্ঠিত হ’বলগীয়া প্ৰতিটো নিৰ্বাচনত যুঁজ দিবলৈ আমি বুথ পৰ্যায়ত সংগঠনৰ ভেটি নিৰ্মাণ কৰিম। সেয়েহে সমগ্ৰ অসমতে আম আদমী পাৰ্টিৰ সদস্য ভৰ্তি অভিযান আৰম্ভ কৰিছোঁ। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে যি সকল লোকে পৰিবৰ্তনৰ ৰাজনীতিত বিশ্বাস কৰে তেওঁলোকক আমি আপত যোগদান কৰিবলৈ আহ্বান জনাম। সৰ্বস্তৰৰ ৰাইজৰ সহযোগত আমি গাওঁ পঞ্চায়ত, স্বায়ত্তশাসিত পৰিষদ আৰু বিধান সভাৰ উপ- নিৰ্বাচনত বিজয়ী হোৱাৰ লক্ষ্যৰে কাম কৰিম।

ইতিমধ্যে আপৰ ৰাজ্যিক সমিতি আৰু অন্যান্য কমিটি সমূহ ভংগ কৰি দিয়া হৈছে। ডাঃ ভবেন চৌধুৰী আৰু মনোজ ধানোৱাৰৰ নেতৃত্বত এটা শক্তিশালী ৱৰ্কিং কমিটী গঠন কৰি দিয়া হৈছে। এই কমিটিয়ে দলৰ সংগঠন মজবুত কৰাৰ উপৰি পুনৰনিৰ্মাণৰ কাম আৰম্ভ কৰিছে।

সংবাদমেলত ৱৰ্কিং কমিটীৰ আহ্বায়ক ডাঃ ভবেন চৌধুৰীয়ে কয় যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত আপে শক্তিশালী যুঁজত অৱতীৰ্ণ হ’ব। বিধান সভাৰ উপ নিৰ্বাচনতো দলে প্ৰতিদ্বন্দিতা কৰা সন্দৰ্ভত চিন্তা চৰ্চা কৰিব। সেইবাবে তেওঁ ৰাজ্যৰ পৰিবৰ্তনকামী জনতাক আপত যোগদান কৰিবলৈ আহ্বান জনায়।

আনহাতে নৱগঠিত ৱৰ্কিং কমিটীৰ সহ আহ্বায়ক মনোজ ধানোৱাৰে জুলাই মাহৰ ভিতৰতে জিলাই জিলাই নতুন কমিটি গঠন আৰু প্ৰতিখন জিলাতে ব্যাপক সদস্য ভৰ্তি অভিযান চলোৱাৰ সংকল্প ঘোষণা কৰে। তেওঁ বুথ পৰ্যায়ৰ দলীয় সংগঠনৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰে।

দলৰ সদস্যভৰ্তিৰ বাবে মিছকল নম্বৰ মুকলি কৰা এই সংবাদমেলত ৱৰ্কিং কমিটীৰ সদস্য অনুৰূপা ডেকাৰজাই পৰিবৰ্তন আৰু দুৰ্নীতিমুক্ত শাসনব্যৱস্থাৰ স্বাৰ্থত সমাজৰ সকলো স্তৰৰ লোকৰ লগতে মহিলা সমাজকো আপত যোগদান কৰিবলৈ আহ্বান জনায়।