বিপৰ্যয়ৰ মাজতে আপৰ কিঞ্চিত উশাহঃ সঞ্জয় সিঙে লাভ কৰিলে জামিন

Sanjay Singh

সুৰা নীতি কেলেংকাৰী গোচৰে বিপৰ্যয়ৰ মাজলৈ ঠেলি দিয়া আম আদমী পাৰ্টিয়ে আজি লাভ কৰিছে কিঞ্চিত সকাহ। দলৰ মুৰব্বী অৰবিন্দ কেজৰিৱালসহ কেইবাগৰাকীও শীৰ্ষ নেতাই এই গোচৰত দেখিছে কাৰাগাৰৰ মুখ।

তাৰ মাজতে আজি এই গোচৰত বন্দী হৈ থকা এগৰাকী শীৰ্ষ আপ নেতা সঞ্জয় সিঙে লাভ কৰিছে জামিন। আজি উচ্চতম নয়ায়ালয়ে আপৰ ৰাজ্যসভাৰ সাংসদগৰাকীৰ জামিন মঞ্জুৰ কৰে।

শীৰ্ষ আদালতে লগতে সিঙক গ্ৰেপ্তাৰ কৰা কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰকবিচাৰ নকৰাকৈ বা উৎকোচৰ কথিত ধনৰ পুনৰুদ্ধাৰ অবিহনে কিয় ছমাহতকৈ অধিক কাৰাদণ্ড বিহা হৈছে বুলি প্ৰশ্ন কৰে।

ইডিয়ে আপ নেতাগৰাকীৰ জামিন আবেদনৰ ওপৰত কোনো আপত্তি প্ৰকাশ নকৰাৰ বাবে আদালতে সঞ্জয় সিঙক জামিনত মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে।

ন্যায়াধীশ সঞ্জীৱ খান্না, দিপাংকৰ দত্ত, আৰু পি বি ভাৰালেৰ দ্বাৰা গঠিত বিচাৰপীঠে লগতে জামিনৰ সময়ছোৱাত সিঙে ৰাজনৈতিক কাৰ্যকলাপত জড়িত হ’ব পাৰিব বুলি স্পষ্ট কৰি দিয়ে।

আদালতে লগতে সিঙৰ মুক্তিৰ চৰ্তসমূহ বিচাৰ আদালতে নিৰ্ধাৰণ কৰিব বুলিও দোহাৰে। উল্লেখ্য যে, বিগত বৰ্ষৰ ৪ অক্টোবৰত সঞ্জয় সিঙক তেওঁৰ দিল্লীৰ বাসগৃহত চলোৱা অভিযানৰ অন্তত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল।

ইয়াৰ পিছৰে পৰা দিল্লীৰ তিহাৰ কাৰাগাৰত আছে আপ নেতাগৰাকী। একেটা গোচৰতে আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল আৰু আন এগৰাকী শীৰ্ষ নেতা মনীষ চিছ’দিয়া কাৰাৰুদ্ধ হৈ আছে।