ছমৰীয়া, ছেঙাত বানপীড়িত লোকলৈ আপৰ সাহায্য; গুৱাহাটীৰ নৰ্দমাত পৰি শিশুৰ মৃত্যুৰ তদন্তৰ দাবী দলটোৰ

ৰাজ্যৰ প্ৰলয়ংকৰী বানত লাখ লাখ লোকৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। বহু ঠাইত খোৱা পানীৰ অভাৱত ভুগিছে বানপীড়িত জনসাধাৰণে। আজি আম আদমী পাৰ্টিৰ ৰাজ্যিক নেতৃত্বই দুৰ্গত লোকৰ সাহায্যাৰ্থে যথেষ্ট পৰিমাণৰ খাদ্য সামগ্ৰী আৰু বিশুদ্ধ খোৱাপানী লৈ কামৰূপ জিলাৰ ছমৰীয়া অঞ্চলৰ বান ক্ষতিগ্ৰস্ত সকলৰ মাজত বিতৰণ কৰে।

দলৰ ৰাজ্যিক আহ্বায়ক ডাঃ ভবেন চৌধুৰীৰ নেতৃত্বত সাহায্য সামগ্ৰী বিতৰণ কাৰ্যসূচীত বহুকেইগৰাকী দলীয় নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে। বকো, ছমৰীয়াৰ উপৰি দৰঙৰ ছিপাঝাৰ আৰু বৰপেটাৰ চেঙা সমষ্টিৰ অন্তৰ্গত বান বিধ্বস্ত অঞ্চলতো আপে সাহায্য সামগ্ৰী বিতৰণ কৰে।

একেদৰে উজনি অসমৰ বান বিধ্বস্ত কেইবাখনো জিলাত আপৰ স্বেচ্ছাসেৱক সকলে দুৰ্গত লোকৰ মাজত  খাদ্য সামগ্ৰী আৰু বিশুদ্ধ খোৱা পানী বিতৰণ কৰে। উল্লেখ্য যে আপৰ ৰাজ্যিক নেতৃত্বৰ নিৰ্দেশ অনুসৰি বিগত এসপ্তাহ ধৰি বান কবলিত অঞ্চলত আপৰ স্বেচ্ছাসেৱক সকলে বিপদগ্ৰস্ত লোক সকলৰ বাবে সেৱা আগবঢ়াই আহিছে ।

ৰাজ্যত বান বিভিষীকাৰ মাজতে বৃহস্পতিবাৰে গুৱাহাটীৰ জ্যোতিনগৰত পিতৃৰ স্কুটিৰ পৰা নলাত পৰি মৃত্যু হয় এটি শিশুৰ। পাহাৰৰ পৰা বৈ অহা পানীৰ সোঁতত উটি যায় অবিনাশ নামৰ শিশুটি । চৰকাৰে স্মাৰ্ট চিটিৰ নামত ঢাক-ঢোল বজালেও প্ৰকৃতাৰ্থত গুৱাহাটী মহানগৰী যে মৃত্যুৰ উপত্যকাত পৰিণত হৈছে এই ঘটনাই তাকেই প্ৰমাণ কৰে। আম আদমি পাৰ্টীয়ে এই মৰ্মান্তিক ঘটনাৰ তদন্তৰ লগতে মহানগৰীৰ উন্মুক্ত নলা – নৰ্দমাৰ বাবে দোষী কৰ্তৃপক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।  মৃত শিশুটিৰ পৰিয়াললৈ এক কালীন সাহায্য  আগবঢ়াবলৈও আপে দাবী জনায়।