দেশৰ সীমান্তত অতি সংগোপনে চলি থকা বন্যপ্ৰাণী অংগ সৰবৰাহ প্ৰতিহত কৰাৰ ক্ষেত্ৰত সীমা সুৰক্ষা বাহিনীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। ইতিমধ্য এই বাহিনীয়ে দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত কৰি অহা সেৱা সকলোৰে জ্ঞাত।
অবৈধ অস্ত্ৰৰ সৰবৰাহ নিয়ন্ত্ৰণৰ বাবেও সীমা সুৰক্ষা বাহিনীৰ ভূমিকা গুৰুত্বপূৰ্ণ ৷ বন্যপ্ৰাণী সুৰক্ষাৰ বাবে সীমা সুৰক্ষা বাহিনীয়ে কৰিব পৰা বিশেষ কাৰ্যৱলীৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰে গুৱাহাটীত থকা সীমা সুৰক্ষা বাহিনীৰ মুখ্য কাৰ্যালয়ত প্ৰকৃতি সংগঠন আৰণ্যকে এক বিশেষ কৰ্মশালা অনুষ্ঠিত কৰে।
বাহিনীৰ মহাপৰিদৰ্শক কে কে গুলীয়াকে প্ৰমুখ্য কৰি ৫০ জন জোৱানে অংশগ্ৰহণ কৰা অনুষ্ঠানত আৰণ্যকৰ সচিব প্ৰধান বিভৱ কুমাৰ তালুকদাৰ আৰু বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰন বিষয়ৰ বিশেষজ্ঞ ৰাহুল দত্তই সমল ব্যক্তি হিচাবে উপস্থিত থাকি জোৱান সকলক বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণৰ বাবে সীমান্তত কৰিব লগীয়া কাৰ্যৱলী আৰু বন্যপ্ৰাণী অপৰাধ সম্পৰ্কত সচিত্ৰ উপস্থান দাঙি ধৰে।
বিভৱ কুমাৰ তালুকদাৰৰ মতে বিশ্বৰ ৩৬ টা বন্যপ্ৰাণী হট স্পটৰ ভিতৰত ভাৰতৰ উত্তৰ-পূবত অন্যতম। উত্তৰ-পূৰ্বত আছে প্ৰায় ১০টা উদ্ভিদৰ প্ৰজাতি, ৯৮০টা চৰাইৰ প্ৰজাতি, ৩০০টা স্তন্যপায় প্ৰাণী, ১৭৫টা সৰীসৃপকে ধৰি অন্যান্য বিৰল প্ৰজাতিৰ প্ৰাণী।
এই সম্পদৰ বাবেই অঞ্চলটোক বিশেষ সুৰক্ষাৰ প্ৰয়োজন বুলি উল্লেখ কৰি তেওঁৰ লগতে কয় যে অঞ্চলটোৰ সম্পদশালী জৈৱতন্ত্ৰক সুৰক্ষা দিয়াৰ বাবে ৰাজ্য আৰক্ষীৰ সৈতে সহযোগ কৰি সীমান্ত সুৰক্ষা বাহিনীয়েও কাম কৰিব পাৰে।
বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণৰ বিশেষজ্ঞ ৰাহুল দত্তই গঁড় হত্যাত উগ্ৰপন্থী জড়িত থকাৰ তথ্যৰ সচিত্ৰ উপস্থাপন কৰি সীমান্তত অবৈধ অস্ত্ৰ আৰু বন্যপ্ৰাণী অংগৰ গোপন সৰবৰাহৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবৰ বাবে সীমান্ত সুৰক্ষা বাহিনীক আহ্বান জনায়।
অনুষ্ঠানত সীমা সুৰক্ষা বাহিনীৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে আৰণ্যকৰ আইন উপদেষ্টা কোষৰ মানস কুমাৰ ভট্টচাৰ্যও উপস্থিত থাকে ৷