চুলাইৰ বিষক্ৰিয়াত শ্ৰমিকৰ মৃত্যু : ২৭ ফেব্ৰুৱাৰিৰ পৰা আছাৰ ধাৰাবাহিক আন্দোলন

25-02-19 Golaghat- effigy burn by Adivasi Students' union (4)

গোলাঘাটত সোমবাৰে আছাৰ প্ৰতিবাদ। ফটো : য়ু বি

গোলাঘাট জিলাৰ শালমৰা, ঊষাগৰঙা, যোগীবাৰী, যোৰহাটৰ তিতাবৰ আৰু বৰহোলাত বিষাক্ত চুলাই মদ পান কৰি ডেৰ শতাধিক নিৰীহ শ্ৰমিকৰ মৃত্যুৰ ঘটনাৰ চি বি আই তদন্ত দাবী কৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই (আছা)।

তদুপৰি, উক্ত ঘটনাৰ সৈতে জড়িত দোষী ব্যক্তিক কঠোৰ শাস্তি প্ৰদান কৰা, নিহতৰ পৰিয়াললৈ ১০ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা, চিকিৎসাধীনসকলক উন্নতমানৰ চিকিৎসা প্ৰদান কৰা, ৰাজ্যখনত বিষাক্ত লালি গুড় আৰু চুলাই চিৰদিনৰ বাবে নিষিদ্ধ কৰাৰ লগতে ৰাজ্যত চুলাই মদৰ ব্যৱসায়ীসকলক কঠোৰ আইনগত শাস্তি প্ৰদান কৰাৰ দাবীত ২৭ ফেব্ৰুৱাৰিৰ পৰা আছাই ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে।

উক্ত কাৰ্যসূচী অনুসৰি ২৭ ফেব্ৰুৱাৰিৰ পুৱা ১০ বজাৰ পৰা ৰাজ্যজুৰি জিলা পৰ্যায়ত দুঘণ্টীয়া পথ অৱৰোধ, ১ মাৰ্চত জিলা আৰু মহকুমা সদৰত দুঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ উপৰি  ২ মাৰ্চৰ পৰা ৯ মাৰ্চলৈ আছাই ৰাজ্যজুৰি বাগিচা অঞ্চলত মদ নিবাৰণ সপ্তাহ পালন কৰিব।

সোমবাৰে এটা বিবৃতিযোগে আছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ষ্টিফেন লাক্ৰা, উপ-সভাপতি গডউইন হেম্বৰম আৰু সাধাৰণ সম্পাদক দেৱেন ওৰাঙে এই কথা প্ৰকাশ কৰে। আনহাতে, তেওঁলোকে কয় যে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা চলি থকাৰ হেতুকে অসম বন্ধৰ দৰে কাৰ্যসূচীৰ পৰা সংগঠনটো বিৰত আছে।

ইপিনে, শাসনাধীষ্ঠ বিজেপি চৰকাৰ আৰু আবকাৰী বিভাগৰ চূড়ান্ত গাফিলতিৰ ফলতেই এনে মৰ্মান্তিক ঘটনা সংঘটিত হোৱা বুলি বিবৃতিটোত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে আছাৰ নেতৃত্বই। তেওঁলোকে কেৱল ৰাজহ সংগ্ৰহৰ বাবেই চুলাই ভাটী খুলিবলৈ একপ্ৰকাৰ অনুমতি প্ৰদান কৰি আহিছে বুলি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে।

আনহাতে, ৰাজ্যখনত সংঘটিত এনেকুৱা এটা নজিৰবিহীন মৰ্মান্তিক ঘটনাৰ পাছতো এজনো কেন্দ্ৰীয় মন্ত্ৰী দুৰ্গতজনৰ খবৰ ল’বলৈ নহাটো অত্যন্ত দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে আছাৰ নেতৃত্বই। আছাই লগতে নৈতিক দায়িত্ব স্বীকাৰ কৰি ৰাজ্যৰ আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই শীঘ্ৰে পদত্যাগ কৰা উচিত বুলিও মন্তব্য কৰে।