বিজেপিয়ে কা-বিৰোধী প্ৰতিবাদক বিপথে নিয়াৰ চেষ্টা চলাইছে: আছু

Story-8-11-1140x570

কা-বিৰোধী এখন সভাত ভাষণ দি থকা অৱস্থাত আছুৰ মুখ্য উপদেষ্টা সমুজ্বল ভট্টাচাৰ্য। ফাইল ফটো: নৰ্থইষ্ট নাও

সদৌ অসম ছাত্ৰ সন্থা (আছু)ই বিজেপি চৰকাৰে অসমৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনক বিপথে নিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ আনিছে।

আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে চৰকাৰে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনক সকলো প্ৰকাৰে বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাই আছে।

নলবাৰীত কা-বিৰোধী প্ৰতিবাদী সমাৱেশত ভাষণ দি ভট্টাচাৰ্যই কয় যে ৰাজ্যখনত ভ্ৰমমলৈ অহা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তেওঁৰ প্ৰথমটো পাঁচ বছৰীয়া কাৰ্যকালত অসম চুক্তিৰ সন্দৰ্ভত আলোচনা কৰাৰ সময় নহ’ল।

‘’যদি প্ৰধান মন্ত্ৰীয়ে ৰাজ্যখনৰ কা-বিৰোধী প্ৰতিবাদকাৰীৰ বাবে সন্মান আছে, তেওঁ কা’ৰ পৰা অসমক বাদ দি এক দৃষ্টান্ত দাঙি ধৰা উচিত।

আছু নেতাগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে অসমীয়া লোকে কোনো কাৰণতে নাগৰিকত্ব সংশোধনী আইন মানি নলয়।

তেওঁ উল্লেখ কৰে যে ৰাজ্যখনে ইয়াৰ পূৰ্বে প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৰ সময়ছোৱাত এনে ধৰণৰ সংকটত ভূগিছিল যদিও ৰাজ্যখনৰ মুখ্য মন্ত্ৰী গোপীনাথ বৰদলৈ আৰু গৃহ মন্ত্ৰী বিষ্ণুৰাম মেধিয়ে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনত জাপি দিব খোজা শৰণাৰ্থীৰ বোজা গ্ৰহণ নকৰিলে।

তেওঁ অভিযোগ কৰে যে বৰ্তমানৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেবল ক্ষমতাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আঁঠু  লৈছে।

‘’অসমীয়া জাতীয়তা-ইয়াৰ ভাষা আৰু সংস্কৃতিৰ প্ৰতি তেওঁৰ কোনো গুৰুত্ব নাই,’’-আছু নেতাগৰাকীয়ে কয়।

প্ৰতিবাদী সমাৱেশত অন্যান্যসকলৰ সৈতে আছুৰ সভাপতি দীপাংক কুমাৰ নাথ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা, সদৌ অসম গৰীয়া মৰীয়া দেশী জাতি পৰিষদৰ সভাপতি আজিজুল ইছলাম, আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ভৱজিৎ বেজবৰুৱাই ভাষণ দিয়ে।

কা-বিৰোধী এই প্ৰতিবাদী সমাৱেশত সমাজৰ বিভিন্ন শ্ৰেণীৰ কেইবাহাজাৰো লোক উপস্থিত থাকে।