শংকৰ সংঘৰ অধিৱেশনলৈ মন্ত্ৰী বিধায়কক নামাতিবলৈ আহ্বান আছু আৰু ৩০ সংগঠনৰ

সদৌ অসম ছাত্ৰ সন্থা, অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,৩০ টা জনগোষ্ঠীয় সংগঠন আৰু শিল্পী সমাজে বোকাখাতৰ ৰাজহুৱা খেল পথাৰত আজি ‘জনতাৰ ৰণশিঙা’ নামৰ এক অনুষ্ঠান অনুষ্ঠিত কৰে।

অনুষ্ঠানত আছুৰ উপদেষ্টা সমুজ্জল ভট্টচাৰ্য, সভাপতি দিপাঙ্কৰ নাথ, সম্পাদক লুৰিণজ্যোতি গগৈ, জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পলাশ চাংমাই, অভিনেতা অৰুণ হাজৰিকা, অভিনেত্ৰী অমৃতা গগৈয়ে অংশগ্ৰহণ কৰে।

আছুৰ সম্পাদক লুৰিণ জ্যোতি গগৈ আৰু অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক পলাশ চাংমায়ে অসম সাহিত্য সভাৰ লগতে বোকাখাতৰ কমাৰগাঁৱত অনুষ্ঠিত হ’ব লগা শংকৰ সংঘৰ অধিৱেশনৰ প্ৰাকক্ষণত সংঘই লোৱা স্থিতিক সমালোচনা কৰি কয়, ‘জাতিৰ এই সংকটৰ সময়ত আপোনালোকে যদি কঠোৰ নহয় তেন্তে আপোনালোকৰ বিৰুদ্ধেও আমি আৱাজ উঠাম।’

‘শংকৰদেৱে গঢ় দিয়া অসমীয়া সমাজখন ভাঙি থানবান কৰিব বিচৰা এই চৰকাৰ আৰু চৰকাৰৰ যিসকল বিশ্বাসঘাটক প্ৰতাৰক মন্ত্ৰী বিধায়ক আছে সেইসকলক অধিৱেশণলৈ নিমন্ত্ৰণ কৰিলে আপোনাসৱকো অসমৰ ৰাইজে ক্ষমা নকৰিব’ লুৰিণ গগৈয়ে কয়।

আছুৰ উপদেষ্টা সমুজ্জল ভট্টচাৰ্যই সৰ্বানন্দ সোনোৱাল চৰকাৰক ‘মানুহ মৰা চৰকাৰ’ বুলি অভিহিত কৰি ‘কা’ বিৰোধী আন্দোলনত ৫ জন নিৰিহ লোকক গুলীয়াই হত্যা কৰা হৈছিল যদিও আজি পৰ্যন্ত চৰকাৰৰ এজনো মন্ত্ৰী-বিধায়কে এই বিষয়ত মাত মতা নাই বুলি সমালোচনা কৰে।

আছুৰ সভাপতি দিপাংকৰ নাথে ‘অসম বিদেশীৰ দাষ্টবিন নহয়’ বুলি মন্তব্য কৰি কয়, ‘বিভিন্নজনে বিভিন্ন ধৰণে মানুহক উচটাইছে। বৰাকৰ মানুহক উচটাইছে যে আমি হেনো বঙালী বিৰোধী। কিন্তু আমি স্পষ্টভাৱে কওঁ যে বৰাকত বসবাস কৰা লোকে ৬০ চনৰ ভাষা আইন মতে বৰাকত বঙালী ভাষা ক’ব আৰু অসমত থকা বঙালী মানুহে অসমীয়া আৰু বঙালী দুয়োটা ভাষাই ক’ব। এই বিষয়ত মতবিৰোধ থাকিব নোৱাৰে।’

বোকাখাতৰ ৰাজহুৱা খেলপথাৰত সমবেত হোৱা বিশাল জনসমাগমক উদ্দেশ্যি অভিনেত্ৰী অমৃতা গগৈয়ে সকলোকে অনুৰোধ কৰি কয়, ‘অসমৰ নৱ প্ৰজন্মক শিক্ষিত কৰি তোলক যাতে তেওঁলোকে অসমৰ বুৰঞ্জী জানে। ভৱিষ্যতে অসমৰ বদন বৰফুকনসকলক চিনি পায়।’

আনহাতে অনুষ্ঠান চলি থকাৰ সময়তে বোকাখাত আৰক্ষীয়ে স্থানীয় আছু কৰ্মী ৰাহুল ধনুকা, প্ৰাঞ্জল দত্ত, বিশ্বজিত দেৱনাথ, ৰাহুল ছেত্ৰীক আটক কৰা ঘটনাক সমবেত সকলোয়ে গৰিহণা দিয়ে।