বানাক্ৰান্তৰ বাবে দিল্লীৰ পৰা বিশেষ পেকেজ দাবী আছুৰ

Samujjal-Bhattacharya Assam no longer eligible for ILP, removed from BEFR 1873: AASU slams BJP Govt

আছু নেতা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। ফাইল ফটো

অসমৰ বানক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী পুনৰ উত্থাপন কৰি সদৌ অসম ছাত্ৰ সন্থাই (আছু) বৃহস্পতিবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাজ্যখনৰ বানাক্ৰান্তৰ বাবে বিশেষ পেকেজ প্ৰদান কৰিবলৈ আহ্বান জনায়।

‘বান সমস্যাক চৰকাৰে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা উচিত বুলি আমি দাবী কৰিছো। আমি লগতে অসমৰ বানাক্ৰান্তৰ বাবে বিশেষ পেকেজৰো দাবী কৰিছো,’’- নতুন দিল্লীত সমুজ্জ্বল ভট্টাচাৰ্যই এইদৰে কয়।

চৰকাৰক সমালোচনা কৰি ভট্টাচাৰ্যই কয় যে প্ৰধান মন্ত্ৰীয়ে নিজেই আন বানাক্ৰান্ত ৰাজ্যলৈ গৈ বিশেষ পেকেজ ঘোষণা কৰে,‘অসমলৈ গৈ তেওঁ কিয় বিশেষ পেকেজ ঘোষণা নকৰে?’

‘প্ৰধান মন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰে সদায় অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে বিশেষ দৃষ্টি দিয়ে … ক’ত গ’ল সেই বিশেষ দৃষ্টি? আমি চৰকাৰে বিশেষ পেকেজৰ বাবে গুৰুত্বসহকাৰে দৃষ্টি দিয়াটো বিচাৰো,’-ভট্টাচাৰ্যই কয়।

ভট্টাচাৰ্যই কয় যে ভাৰতে কুৰিশ্বু বান্ধৰ বিষয়টো ভূটান চৰকাৰৰ আগত উত্থাপন কৰা উচিত।

‘ভাৰতে ভূটান চৰকাৰৰ আগত কুৰিশ্বু বান্ধৰ বিষয়টো উত্থাপন কৰিব লাগে আৰু একে সময়তে অসমৰ সকলো বৃহৎ বান্ধৰ প্ৰকল্প বন্ধ কৰিব লাগে,’-ভট্টাচাৰ্যই কয়। বাতৰি অনুসৰি ভূটানে কুৰিশ্বু বান্ধৰ পৰা অতিৰিক্ত পানী এৰি দিয়াৰ ফলত নামনি অসমৰ বহু অঞ্চল বানপানীত ডুব গৈছে।

তেওঁ কয় যে কেন্দ্ৰই সদায় অসমৰ সম্পদসমূহক ৰাষ্ট্ৰীয় সম্পদ হিচাপে বিবেচনা কৰে ‘কিন্তু যেতিয়া বানপানী হয় তেতিয়া ইয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে কিয় গ্ৰহণ কৰিব নোৱাৰে?’