NORTHEAST NOW (Assamese)

নতুন ৰাজনৈতিক দল গঠনৰ ইংগিত আছুৰ

December 16, 2019 12:01 pm · এন ই নাও নিউজ
নাগৰিকত্ব (সংশোধন) আইনৰ বিৰুদ্ধে অসমত চলি থকা প্ৰতিবাদৰ এটা দৃশ্য।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দেওবাৰে গুৱাহাটীত আয়োজিত সাংস্কৃতিক প্ৰতিবাদত অংশ লৈ আছুৰ সভাপতি দীপাংকৰ নাথে এটা ৰাজনৈতিক দল গঠনৰ ইংগিত দাঙি ধৰে।

অগপ,বিজেপি আৰু কংগ্ৰেছক সমালোচনা কৰি নাথে কয়,’’প্ৰতিটো দলে আমাক বিশ্বাসঘাতকতা কৰিছে। ৰাইজে কৈছে যে আমি প্ৰতিবাদ কৰি আছো কিন্তু ইয়াৰ কিবা বিকল্প আছেনে?

এতিয়া কি কৰা উচিত বুলি সোধাৰ এক প্ৰশ্নৰ আঁত ধৰি অভিনেতা-সংগীত শিল্পী জুবিন গাৰ্গে মন্তব্য দি কয়,’’আমি আমাৰ নিজা দল খুলিম।‘’

আছুৰ সভাপতিগৰাকীয়ে লগতে কয় যে ছাত্ৰ সন্থা অৰাজনৈতিক হৈ থাকিব, কিন্তু ই ৰাজনীতিৰ পৰা দূৰত নাথাকে।

‘’আমি অৰাজনৈতিক হৈ থাকিম। কিন্তু পৰিস্থিতিয়ে দাবী কৰিলে আমি ৰাজনীতিত সহযোগ কৰিম য’ত ৰাইজৰ অংশগ্ৰহণ হ’ব প্ৰাথমিক চৰ্ত,’’-নাথে কয়।

শিল্পী সমাজে আহ্বান দিয়া নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সাংস্কৃতিক প্ৰতিবাদটোত পোন্ধৰ হাজৰতকৈয়ো অধিক লোকে অংশগ্ৰহণ কৰে।

জুবিন গাৰ্গৰ উপৰি অসমীয়া চলচ্চিত্ৰ আৰু সংগীত জগতৰ জনপ্ৰিয় শিল্পী বৰষা ৰাণী বিষয়া, যতীন বৰা, ৰবি শৰ্মা, চেতনা দাস, মানস ৰবীন আৰু আন বহু শিল্পীয়ে ইয়াত অংশগ্ৰহণ কৰে।

ৰাজ্যখনৰ সকলো শ্ৰেণীৰ লোকে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰাৰ ফলত আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ প্ৰবল হৈ পৰিছে।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ছোৱাত এতিয়ালৈকে মুঠতে ৬জন লোকে প্ৰাণ হেৰুৱাইছে।

Related News