বঙাইগাঁৱত ২ নৱেম্বৰৰ নিশা সংঘটিত এক পথ দুৰ্ঘটনাত এজন আছু নেতাই মৃত্যুক আঁকোৱালি লয়। নিহত ছাত্ৰ নেতাজনক বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দেৱানন্দ ৰায় বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা মতে উত্তৰ শালমাৰৰ দিশৰ পৰা পাতিলাদহাৰ ঘৰলৈ ছাত্ৰ নেতাজন আহি থকা অৱস্থাত বঙাইগাঁৱৰ সিদলসতীত এখন দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিয়ে।
ফলত থিতাতে নিহত হয় বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দেৱানন্দ ৰায়। ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা ট্ৰাকখনে পলায়ন কৰে।
আনহাতে ছাত্ৰ নেতাজনৰ মৃত্যুত সাতদিনীয়া শোক ঘোষণা কৰিছে বঙাইগাঁও আৰু চিৰাং জিলা ছাত্ৰ সন্থাই। ছাত্ৰ নেতাগৰাকীৰ শেষকৃত্য অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ লগতে বিভিন্ন দল-সংগঠনৰ নেতা উপস্থিত থকাৰ কথা।