জাঁজীমুখ, ৰজাবাৰী আৰু কলিয়াপানী শাখা ছাত্ৰ সন্থাৰ নতুন সমিতি গঠন

ab IMG-20201220-WA0059

টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ অন্যতম সক্ৰিয় আৰু শক্তিশালী শাখা ক্ৰমে জাঁজীমুখ শাখা ছাত্ৰ সন্থাৰ সমিতি , ৰজাবাৰী শাখা ছাত্ৰ সন্থাৰ সমিতি আৰু কলিয়াপানী শাখা ছাত্ৰ সন্থাৰ সমিতি আজি গঠন কৰা হয় l

সমিতি গঠনৰ আটাইকেইখন সভাতেই অৰ্ধশতাধিকতকৈও অধিক ছাত্ৰ কৰ্মীৰ উপস্থিতিত টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰণ্টু ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায়।

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ক্ৰমে জাঁজীমুখ শাখা ছাত্ৰ সন্থাৰ ভা: সম্পাদক উৎপল কলিতা, ৰজাবাৰী শাখা ছাত্ৰ সন্থাৰ সভাখনিত অৰূপ কলিতাই আৰু কলিয়াপানী শাখা ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল বৰাই।

সভাত উৎপল কলিতাক সভাপতি আৰু প্ৰদীপ কলিতাক সাধাৰণ সম্পাদক হিচাপে লৈ জাঁজীমুখ শাখা, স্বপ্ননীল বৰুৱাক সভাপতি আৰু বিৰাজ হাজৰিকাক সাধাৰণ সম্পাদক হিচাপে লৈ ৰজাবাৰী শাখা আৰু লক্ষ্যজিত দত্তক সভাপতি আৰু মিগম মিলিক সাধাৰণ সম্পাদক হিচাপে লৈ শক্তিশালী সমিতি গঠন হয়।

এই সভাত টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰীতমজ্যোতি শইকীয়া, উপদেষ্টা প্ৰশান্ত দোলাকাষৰীয়া, উপ সভাপতি ৰাজ দাস, ৰক্তিম হাজৰিকা,আকাশ কুমাৰ গগৈ, সহকাৰী সাধাৰণ সম্পাদক দীপাংকৰ বেজবৰা, প্ৰাঞ্জল দত্ত, সাংস্কৃতিক সম্পাদক অধিৰথ গোস্বামী, প্ৰচাৰ সম্পাদক দীপাংকৰ দাস, কেন্দ্ৰীয় শাখা ছাত্ৰ সন্থাৰ সভাপতি আকাশ বৰা,উপ সভাপতি সম্পাদক ঋতুপন বৰা, কাৱৈমাৰী শাখা ছাত্ৰ সন্থাৰ সম্পাদক পুলক কলিতাকে ধৰি কেইবাজনো আঞ্চলিকৰ বিষয়ববীয়া উপস্থিত থাকে।