শিক্ষকৰ সমস্যা সমাধানত ব্যৰ্থ শিক্ষামন্ত্ৰী: আছুৰ সভাপতি দীপাংক কুমাৰ নাথৰ অভিযোগ

IMG_20210212_200516

ফটো: নর্থইষ্ট নাও।

ৰাজ্যৰ ৩৬ হাজাৰ প্ৰাথমিক বিদ্যালয় বন্ধ হোৱাৰ পিছতো ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে বিধানসভাৰ মজিয়াত এটাও শব্দও প্ৰকাশ নকৰিলে ৷ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলে যোৱাকালিৰ পৰা ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰাত,পাঠদান কৰাৰ পৰা বিৰত থকাত ইয়াৰ পৰিণাম ভূগিবলগীয়া হৈছে ছাত্ৰ-ছাত্ৰীসকলে ৷ কভি’ডৰ বাবে যোৱা এটা বছৰ ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠদানৰ পৰা বঞ্চিত হৈ থকাৰ পিছতো এইদৰে শিক্ষকসকলৰ সমস্যাসমূহ সমাধান কৰাত ব্যৰ্থ হৈছে  ৰাজ্যৰ শিক্ষামন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মা ৷

গোলাঘাটৰ আছুৰ মুখ্য কাৰ্যালয়ত শুকুৰবাৰে অনুষ্ঠিত হোৱা এক সংবাদমেলত এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথৰ ৷

শিক্ষকসকলৰ গ্ৰেড পে আৰু প্ৰধান শিক্ষকৰ পদতো সাংবিধানিকভাৱে নিযুক্তি দিয়াক লৈ ৰাজ্যৰ প্ৰাথমিক শিক্ষকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে যদিও শিক্ষামন্ত্ৰীগৰাকীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ আছুৰ সভাপতিগৰাকীৰ ৷

বৰ্তমান চৰকাৰখনে মাতৃভাষা মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিভিন্ন ধৰণে কাম কাজ কৰি আছে বুলি ফিতাহি মাৰি আছে বুলিও তেওঁ তীব্ৰ সমালোচনা কৰে ৷

আনহাতে, অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই আছুক সমালোচনা কৰাৰো প্ৰত্যুত্তৰ দিয়ে আছুৰ সভাপতিগৰাকীয়ে ৷

অগপৰ সভাপতি অতুল বৰাই আছুক গালি পাৰিয়েই নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ কথা ভাবিছে যদিও ইয়াৰ প্ৰত্যুত্তৰ আগন্তুক দিনত ৰাইজে দিব বুলি নাথে উল্লেখ কৰে ৷