মাজুলীত ৰ’-ৰ’ সেৱা পুনৰ আৰম্ভ কৰিবলৈ আছুৰ দাবী

4-1140x570

মাজুলীত ৰ'-ৰ' জাহাজ সেৱা আৰম্ভ কৰাৰ মুহূৰ্তত মুখ্য মন্ত্ৰী সোণোৱাল। ফাইল ফটো

আছুৰ যোৰহাট জিলা গোটে যিমান পাৰি সোনকালে মাজুলীৰ কমলাবাৰী ঘাট আৰু যোৰহাটৰ নিমাতী ঘাটৰ মাজত ৰ’-ৰ’ (ৰ’ল অন/ৰ’ল অফ) জাহাজ সেৱা পুনৰ আৰম্ভ কৰাৰ দাবী জনাইছে।

প্ৰায় এবছৰ আগতে মুকলি কৰা ৰ’-ৰ’ জাহাজ সেৱা বিগত পাঁচ মাহ ধৰি বন্ধ হৈ আছে।

যিমান পাৰি সোনকালে এই সেৱা আৰম্ভ কৰিবলৈ আছুৱে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে।

যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে সূৰ্য কুমাৰ ভূঞা আৰু জিতু নেওগে কয় যে মাজুলীত ৰাস মহোৎসৱৰ সময়ছোৱাত ভ্ৰমণকাৰীৰ ব্যাপক ভিৰৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট-মাজুলীৰ মাজত বৃদ্ধি পোৱা যাত্ৰীৰ জোৰা মাৰিবলৈ ৰ’-ৰ’ জাহাজ সেৱা আৰম্ভ কৰাটো অত্যন্ত প্ৰয়োজন।

অহা ১১ নৱেম্বৰৰ পৰা মাজুলীত ৰাস মহোৎসৱৰ শুভাৰম্ভ হ’ব।

এম ভি ভূপেন হাজৰিকা নামৰ ৰ’-ৰ’ জাহাজখন ভাৰতৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগে (IWAI) ১০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছিল।

ইয়াক ১০০জনতকৈয়ো অধিক যাত্ৰী কঢ়িয়াব পৰাৰ লগতে প্ৰতিখনৰ ২৫ টন ভাৰযুক্ত আঠখন ট্ৰাক বা ২৫খন সৰু গাড়ী বহন ক্ষমতা সম্পন্ন কৰি নিৰ্মাণ কৰা হৈছিল।

ই ব্ৰহ্মপুত্ৰৰ নদীদ্বীপটো আৰু মূল চহৰ যোৰহাটৰ মাজত যাত্ৰাৰ সময় হ্ৰাস কৰি তুলিছিল।

মাজুলী সমষ্টিৰ বিধায়ক তথা ৰাজ্যখনৰ মুখ্য মন্ত্ৰী সোণোৱালে যোৱা বছৰ ১১ অক্টোবৰত কমলাবাৰী ঘাটত এই সেৱাৰ শুভাৰম্ভ কৰিছিল।