বৃহৎ নদীবান্ধ নিৰ্মাণ কেতিয়াও গ্ৰহণযোগ্য নহয়; বিৰোধিতা কৰি যাব আছুৱে : সমুজ্জল ভট্টাচাৰ্য

Samujjal-1140x570

আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্য। ফাইল ফটো

নামনি সোৱণশিৰি প্ৰকল্পক লৈ শক্তি বিভাগ আৰু NHPC ৰ মাজত খচৰা চুক্তিত স্বাক্ষৰ হোৱাৰ পাছতেই জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা।

গেৰুকামুখ প্ৰকল্পক লৈ শক্তি বিভাগ আৰু NHPC ৰ মাজত খচৰা চুক্তিত স্বাক্ষৰ হোৱাৰ পাছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছুৱে।

অসমৰ জনমতক নস্যাৎ কৰি দিল্লী আৰু অসম চৰকাৰৰ তৎপৰতাত গেৰুকামুখ প্ৰকল্পৰ কাম তাৎক্ষণিকভাৱে আৰম্ভ কৰাৰ অপচেষ্টা চলোৱাৰ অভিযোগ তুলিছে সংগঠনটোৱে।

শুকুৰবাৰে NHPC ৰ CMD বলৰাজ যোশী আৰু শক্তি বিভাগৰ প্ৰধান সচিব নির্জ বৰ্মাৰ মাজত স্বাক্ষৰিত হোৱা চুক্তিৰ পাছতে এতিয়া ৰাজ্যৰ দল-সংগঠনসমূহে বিৰোধিতা কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ লৈছে।

এই সমগ্ৰ বিষয়ৰ ওপৰত আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই শনিবাৰে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কয় যে, অসমৰ জনগণৰ কথা চিন্তা নকৰি বিজ্ঞান আৰু প্ৰযুক্তিৰ যুক্তি সমূহ নস্যাৎ কৰি অসমৰ সোণোৱাল চৰকাৰখনে ৰাইজক অন্ধকাৰত থৈ এই চুক্তি সম্পাদন কৰিছে।

তেওঁ কয়, ‘’নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্প সম্পৰ্কে অসমৰ বিশেষজ্ঞ সমিতি আৰু ২৯ টা জনগোষ্ঠীয় সংগঠনৰ লগত আলোচনা আধৰুৱা কৰি বৃহৎ নদীবান্ধৰ কাম আগবঢ়োৱাৰ কথা ভাবিছে।‘’

তদুপৰি, এইখন বিজেপি চৰকাৰে নিৰ্বাচনৰ আগত বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰি চৰকাৰৰ গাদী দখল কৰিছিল আৰু নিৰ্বাচনত জয়ী হোৱাৰ পিছত অন্য এটা স্থিতি গ্ৰহণ কৰিছে বুলিও তেওঁ মন্তব্য কৰে ।

আনহাতে,তেওঁ ‘বৃহৎ নদীবান্ধ নিৰ্মাণ কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু আছুৱে সদায় এই কাৰ্যৰ বিৰোধিতা কৰি যাব’ বুলিও স্পষ্ট কৰি দিয়ে।