নিয়তিৰ ওচৰত হাৰ মানিলে ছাত্ৰ সন্থাৰ কৰ্মী অভিজিত শইকীয়াই; তিনিদিনীয়াকৈ শোকপ্ৰকাশ ঘোষণা আছুৰ

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে ঘোষণা কৰা ল’কডাউনৰ সময়ত ৰাজ্যৰ দুৰ্গম অঞ্চলৰ জনসাধাৰণক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগান ধৰিবলৈ গৈ দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অভিজিত শইকীয়াৰ আজি গুৱাহাটীৰ জি এন আৰ চি চিকিৎসালয়ত বিয়োগ ঘটে।

২৩ এপ্ৰিলৰ দিনা অসম অৰুণাচল সীমান্তৱৰ্তী বিশ্বনাথৰ পাভৈ পঞ্চায়তৰ অন্তৰ্গত তিনিসূঁতিৰ ফুলবাৰী, জিতপুৰ, বালোদঙা অঞ্চলত কিছু পৰিমাণে খাদ্য সামগ্ৰী বিতৰণ কৰি উভতি আহোতে নপমুৱা- মিজিকা পথৰ মাজত সময় সন্ধিয়া প্ৰায় ৬:৫০ মান বজাত পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ শইকীয়া  নিজে চলাই অহা মটৰ চাইকেলখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত মূৰৰ বাওঁফালে আঘাত পায়।

লগে লগে  বিশ্বনাথ চাৰিআলিৰ JK Hospital ত ভৰ্তি কৰোৱা হয় যদিও মগজুৰ ৰক্তক্ষৰণ হোৱা বাবে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে।

পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি তথা যুৱ ছাত্ৰ কৰ্মী গৰাকীৰ মৃত্যুত সদৌ অসম ছাত্ৰ সন্থাই গভীৰ শোক প্ৰকাশ কৰে।

‘’ছাত্ৰ সন্থাই এগৰাকী নিষ্ঠাৱান সংগ্ৰামী সতীৰ্থ হেৰুৱালে। ৰাজ্যুজুৰি চলি থকা বিশেষ সাহায্য অভিযানৰ অংশস্বৰূপে পাভৈ আঞ্চলিক ছাত্ৰ সন্থাই অতি দুৰ্গম অঞ্চলৰ জনসাধাৰণক অত্যাৱশ্যকীয় খাদ্য যোগান ধৰিছিল। খাদ্য সামগ্ৰী যোগান ধৰিবলৈ গৈ উভতি অহাৰ পথত দুৰ্ঘটনাত পতিত হোৱা অভিজিত চিকিৎসাধীন হৈ আছিল। মানুহৰ সংকটৰ সময়ত যি উৎসৰ্গিত সেৱাৰে মানুহলৈ সেৱা আগবঢ়াই গ’ল, সেয়া সেৱামনোভাৱক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা সকলে সদায় সোঁৱৰিব,’’ এক প্ৰেছ বিবৃতিযোগে আছুৰ সভাপতি আৰু সাধাৰণ সম্পাদক দীপাংক কুমাৰ নাথ আৰু লুৰীণজ্যোতি গগৈয়ে এই দৰে কোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

আনহাতে, পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অভিজিত শইকীয়াৰ মৃত্যুত সদৌ অসম ছাত্ৰ সন্থাই সমগ্ৰ অসমত তিনিদিনীয়াকৈ শোক প্ৰকাশ কৰি শ্ৰদ্ধা নিবেদন কৰিব।

সদৌ অসম ছাত্ৰ সন্থাৰ অন্তৰ্গত প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই নিজ নিজ আঞ্চলিকত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা অৰ্ধনমিত কৰি পৰলোকগামী সতীৰ্থ গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।