NORTHEAST NOW (Assamese)

অখিল গগৈ আৰু সহযোগী সকলৰ মুক্তিৰ দাবী এবিএমছুৰ

April 25, 2020 3:23 pm · দীপক কুমাৰ পাঠক
অখিল গগৈৰ ফাইল ফটো

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ সহ ধৈৰ্য্য কোঁৱৰ, বিতু সোণোৱাল, মানস কোঁৱৰৰ মুক্তিৰ দাবী উত্থাপন কৰিছে সদৌ বিটিচি সংখ্যালঘু ছাত্র সন্থা বা চমুকৈ এবিএমছুৱে।

চৰকাৰে সম্পূৰ্ণ আক্ৰোশমূলকভাৱে অখিল গগৈ সহ তেওঁৰ সহযোগীসকলক আইন আৰু ক্ষমতাৰ অপব্যৱহাৰ কৰি  ষড়যন্ত্ৰমূলকভাৱে ইটোৰ পিছত সিটো গোচৰত গ্ৰেপ্তাৰ কৰি কাৰাগাৰত আবদ্ধ কৰি ৰাখিছে বুলি আজি এক প্ৰেছ বিবৃতিৰ জৰিয়তে এবিএমছুৰ সাধাৰণ সম্পাদক টাইছন হুছেইনে অভিযোগ উত্থাপন কৰে।

‘‘অসমীয়া জাতীয় জীৱনৰ লগত সংপৃক্ত বিভিন্ন বিষয়ত আপোচবিহীনভাৱে মাত মাতি অহা, শোষিত-নিষ্পেষিত জনগণৰ অধিকাৰৰ কথা বলিষ্ঠভাৱে উত্থাপন কৰি অহা তথা বিভিন্ন সময়ত চৰকাৰৰ জনবিৰোধীৰ নীতিৰ বিৰুদ্ধে বলিষ্ঠ কণ্ঠেৰে প্ৰতিবাদ কৰি অহা অখিল গগৈক চৰকাৰে কোনোপধ্যে মুকলি আকাশৰ তললৈ আহিব দিব বিচৰা নায়। স্বেচ্ছাচাৰী শাসনৰ পৰিচয় দি চৰকাৰখনে এটাৰ পিছত এটা গোচৰ অখিল গগৈৰ ওপৰত জাপি দিছে আৰু সেই কথা অসমৰ সচেতন সংগ্ৰামী  জনগণে বুজি উঠিছে,’’ হুছেইনে স্পষ্ট কৰি দিয়ে।

আনহাতে, দল-মত নিৰ্বিশেষে প্ৰতিজন অসমবাসীয়ে, বৌদ্ধিক সমাজে, ছাত্ৰসমাজে  অখিল গগৈ আৰু সহযোগীসকলৰ দৰে ৰাজনৈতিক বন্দীৰ মুক্তি বিচাৰিছে আৰু এই বিষয়ে সংগ্ৰামৰ পথাৰৰ পৰা গৈ  মুখ্য মন্ত্ৰীৰ আসনত বহা সৰ্বানন্দ সোণোৱালক বিশেষ গুৰুত্ব দি ব্যৱস্থা গ্ৰহণ কৰিবলৈ এবিএমছুৰ সাধাৰণ সম্পাদক টাইছন হুছেইনে আহ্বান জনাইছে।

উল্লেখযোগ্য যে, এবিএমছুৱে বিটিএডি অঞ্চলত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে এক ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিছে আৰু অখিল গগৈৰ মুক্তিৰ দাবীটো আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল।

Related News