NORTHEAST NOW (Assamese)

তামুলপুৰৰ পৰা অপহৃতা ১৪ বছৰীয়া কিশোৰীক বাঙ্গালুৰুত উদ্ধাৰ, অপহৰণকাৰীক গ্ৰেপ্তাৰ

March 11, 2022 5:03 pm · দীপক কুমাৰ পাঠক, বাক্সা
Updated: March 11, 2022 9:26 pm

বাঙ্গালুৰুৰ পৰা উদ্ধাৰ কৰা হৈছে তামুলপুৰৰ পৰা অপহৃত ১৪ বছৰীয়া এগৰাকী কিশোৰীক।

১৪ বছৰীয়া ছাত্ৰীগৰাকীক প্ৰেমৰ জালত পেলাই পলুৱাই নিছিল তামুলপুৰৰ দ্বাৰকুছিৰ আজিজুল হুছেইন নামৰ লোকজনে।

অৱশেষত আৰক্ষীয়ে অভিযান চলাই বাঙ্গালুৰুৰ পৰা কিশোৰীগৰাকীক উদ্ধাৰ কৰাৰ লগতে অপহৰণকাৰী আজিজুলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। কিশোৰীগৰাকীৰ সৈতে প্ৰথমতে মোবাইল ফোনত চিনাকী হৈছিল আজিজুলৰ। তাৰ পিছতে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়লৈ উঠিছিল।

এনেদৰে প্ৰেমৰ জালত পেলাই হিন্দু কিশোৰীগৰাকীক প্ৰলোভন দি আজিজুল হুছেইন নামৰ প্ৰায় ২২ বছৰীয়া যুৱকজনে পলুৱাই নিছিল ।

যোৱা ৫ মাৰ্চ তাৰিখে সৰস্বতী পূজা বুলি কিশোৰী ছাত্ৰী গৰাকীয়ে বিদ্যালয়লৈ বুলি ঘৰৰ পৰা ওলাই আহিছিল ।বিদ্যালয়লৈ ওলাই অহা কিশোৰী গৰাকী সন্ধিয়ালৈ ঘূৰি নগ’ল ঘৰলৈ।

বহুত বিচাৰিও সন্ধান নোলাল অষ্টম শ্ৰেণীৰ ছাত্ৰী গৰাকীৰ। ছাত্ৰী গৰাকীক বিচাৰি নাপাই ৬ মাৰ্চত পৰিয়ালে সুৱাগপুৰ আৰক্ষী চকীত দাখিল কৰিছিল এজাহাৰ।

এজাহাৰৰ ভিত্তিত তামুলপুৰ জিলা আৰক্ষীয়ে তদন্ত কৰি ১০ মাৰ্চত তামুলপুৰৰ আৰক্ষীৰ এটি দল ৰাওনা হয় বাঙ্গালুৰুলৈ।

তামুলপুৰ আৰক্ষীয়ে অভিযান চলাই বাঙ্গালুৰুৰ পৰা অপহৃত কিশোৰী ছাত্ৰী গৰাকীক উদ্ধাৰ কৰাৰ লগতে অপহৰণকাৰী আজিজুল হুছেইনক আটক কৰিবলৈ সক্ষম হয়।

ধৃত আজিজুলক তামুলপুৰৰ আৰক্ষীয়ে সোধা- পোছা কৰি আজি আদালতত হাজিৰ কৰোৱায়। আদালতে অপহৰণকাৰী লোকজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

Related News