পৰেশ বৰুৱাই মোক যেনেকৈ নিছিল তেনেকৈ সোঁ-শৰীৰে মুকলি কৰি দিলে, মই যথেষ্ঠ সুখী: ৰিতুল শইকীয়া

20210523_021107

ফটো: নৰ্থইষ্ট নাও।

অৱশেষত প্ৰায় এমাহজোৰা উৎকন্ঠাৰ অৱসান ঘটিল। আলফা(স্বাধীন)য়ে মুকলি কৰি দিলে অ’এনজিচিৰ তৃতীয়জন কৰ্মচাৰী ৰিতুল শইকীয়াক। শনিবাৰে পুৱা ভাৰত ম্যানমাৰ সীমান্তৰ নাগালেণ্ডৰ মন জিলাৰ লংওৱাত মুকলি কৰি দিয়ে ৰিতুলক।

প্ৰায় এঘন্টা অকলে খোজকাঢ়ি অহাৰ পাছত আসাম ৰাইফলছৰ দলে উদ্ধাৰ কৰে ৰিতুলক। তাৰ পৰা ৰিতুল শইকীয়াক পোনে পোনে মন জিলাৰ সদৰ আৰক্ষী থানালৈ অনা হয় আৰু তাতে তেওঁক কিছু সোধা পোছা কৰাৰ লগতে স্বাস্থ্যৰ পৰীক্ষাও কৰা হয়। ইয়াৰ পিছতেই নাগালেণ্ড আৰক্ষীয়ে সোণাৰী আৰক্ষীক চমজাই দিয়ে ৰিতুলক।

ভৰি আৰু হাতত আঘাত প্ৰাপ্ত ৰিতুল শইকীয়া শনিবাৰে আলফাৰ কবলৰ পৰা মুক্তি লাভ কৰি পুনৰ পৰিয়ালৰ লোকক দেখা পাই অত্যন্ত সুখী বুলি মন্তব্য কৰে।

তেওঁ কয়, ”পৰেশ বৰুৱাই যেনেকে তেওঁক লৈ গৈছিল তেনেকে সোঁ-শৰীৰে মুকলি কৰি দিয়াত অত্যন্ত সুখী”।

সোণাৰী আৰক্ষী থানাত সাংবাদিকৰ আগত সমস্ত অপহৰণকাণ্ডৰ কথা বৰ্ণনা কৰি ৰিতুল শইকীয়াই কয় যে অপহৰণ কৰাৰ দিনৰে পৰা পাঁচ জনীয়া আলফাৰ দল এটাই তেওঁলোকক পাহাৰে ভৈয়ামে খোজকঢ়াই লৈ গৈছিল।

তাৰ মাজতে সেনা আৰু আৰক্ষীৰে হোৱা সংঘৰ্ষৰ সময়ত আলফাৰ এজন কেডাৰে তেওঁক হাতত ধৰি টানি লৈ গৈছিল বুলি কয়।

তেতিয়াই আন দুজন সতীৰ্থ মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াৰ লগত বিচ্ছিন্ন হয় ৰিতুল। সেইদিন ধৰি প্ৰায় ৮/৯ দিন ধৰি খোজ কাঢ়ি যোৱাৰ পিছত তেওঁক কোনো এক পাহাৰৰ ওপৰত কেম্প তৰি ৰখা হৈছিল। সেয়া ম্যানমাৰৰ কোনো এক অঞ্চল বুলি তেওঁ জানিবলৈ দিয়ে।

কেম্পত থকা সময়ত তেওঁক উপযুক্ত চিকিৎসা প্ৰদান কৰাৰ লগতে সময়মতে খাদ্যও যোগান ধৰিছিল বুলি কয়।

আলফা(স্বাধীন)ৰ কবলত থকা সময়ত সংগঠনটোৰ কোনো শীৰ্ষ নেতাক লগ পোৱা নাছিল যদিও আলফা(স্বাধীন)ৰ মুখ্য সেনাধক্ষ্য পৰেশ বৰুৱাই ফোন কৰিছিল বুলি কয়।

ফোনত পৰেশ বৰুৱাই তেওঁক কৈছিল ”অসমীয়া হৈ অসমীয়াক অপহৰণ কৰিব নালাগে, কিন্তু পৰিস্থিতি সপেক্ষে এই কাম কৰা হ’ল। কোনো ব্যক্তিগত শত্ৰুতাৰ বাবে তেওঁক অনা নাই। অসমৰ ৰাইজৰ স্বাৰ্থৰ বাবেহে অনা হৈছে। আমাৰ কথা কোম্পানীৰ লগতহে আছে। তোমাক আমি সোঁ-শৰীৰে এৰি দিম”।

আলফা(স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই ফোন যোগে তেওঁক এইকথা জনাইছিল বুলি জানিবলৈ দিয়ে ৰিতুল শইকীয়াই।

আনহাতে, মুকলি কৰি দিয়াৰ সময়ত আলফা(স্বাধীন)ৰ সদস্যই ৰিতুলক ২০০০ টকা দি পঠাইছিল।

আলফা(স্বাধীন)ৰ কবলত থকা সময়ত তেওঁ দৈনিক মাত্ৰ তিনিঘন্টাহে শুব পাইছিল আৰু বাকী সময় পাহাৰে ভৈয়ামে খোজ কাঢ়ি যাবলগীয়া হৈছিল বুলি কয় ৰিতুল শইকীয়াই।

তেওঁৰ  মুক্তিৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিদৰে আগভাগ ল’লে তাৰ বাবে তেওঁক ধন্যবাদ জনোৱাৰ লগতে অ’এনজিচি, অসম আৰক্ষী, আসাম ৰাইফলছ তথা সাংবাদ মাধ্যমক ধন্যবাদ জনায় ৰিতুল শইকীয়াই।