NORTHEAST NOW (Assamese)

অভিনৱ বিন্দ্ৰালৈ শীৰ্ষ সন্মান; ভাৰতীয় শ্বুটাৰজনক অলিম্পিক কমিটিৰ বিশেষ স্বীকৃতি

July 23, 2024 3:23 pm · এন ই নাও নিউজ, গুৱাহাটী

২০০৬ চনত বেইজিং অলিম্পিকত অভিনৱ বিন্দ্ৰাই যি কৰিছিল সেয়া আছিল ভাৰতীয় ক্ৰীড়া মানচিত্ৰত এক বিশেষ মাইলৰ খুঁটি। ব্যক্তিগত শাখাত বিন্দ্ৰাই প্ৰথম অলিম্পিক স্বৰ্ণ পদক লাভ কৰে। তেওঁ দেশলৈ শ্বুটিঙত প্ৰথমটো সোণৰ পদক কঢ়িয়াই আনিছিল।

অভিনৱ বিন্দ্ৰা ভাৰতৰ স্বৰ্ণ পুৰুষ। মিলখা সিঙে যি কৰিব নোৱাৰিলে, পি টি উষাই যি কৰিব নোৱাৰিলে, সেই কাম বিন্দ্ৰাই কৰিলে। সোণ আনি দেশক গৌৰৱান্বিত কৰিলে।

শেহতীয়াকৈ পেৰিছত অনুষ্ঠিত হোৱা এখন বৈঠকৰ জৰিয়তে ভাৰতীয় শ্বুটাৰগৰাকীক অলিম্পিক অৰ্ডাৰ অৱ মেৰিট প্ৰদান কৰে। অহা ১০ আগষ্টত পেৰিছত অনুষ্ঠিত হ’ব অলিম্পিক কমিটীৰ বৈঠক। সভাৰ শেষত বিন্দ্ৰাক সম্বৰ্ধনা জনোৱা হ’ব।

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ সভাপতি থমাছ বাখে এক বিবৃতিত কয় যে বিন্দ্ৰা কিংবদন্তিৰো কিংবদন্তি। তেওঁ এজন বিখ্যাত ক্ৰীড়াবিদ। তেওঁ নিজৰ সত্বা বজাই ৰখাৰ ধৰণ অতুলনীয়। তেওঁক অলিম্পিক অৰ্ডাৰেৰে সন্মান জনোৱাৰ বাবে আমি ধন্য হৈছো। পেৰিছত আপোনাক লগ পাবলৈ আগ্ৰহী।

বেইজিঙত বিন্দ্ৰাই সোণৰ পদক লাভ কৰাৰ পাছত ভাৰতীয় খেলুৱৈসকলৰ আত্মবিশ্বাস বৃদ্ধি পায়। তেতিয়াৰ পৰা ভাৰতে লাভ কৰা সোণৰ সংখ্যাও বৃদ্ধি পালে। বিন্দ্ৰাৰ সোণৰ পদক জয়ে ভাৰতীয় খেলুৱৈসকলৰ মনোবল বৃদ্ধি কৰিছিল।

Related News