• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিস্ফোৰক ইনিংছ! ৪০ বলতে শতক অভিষেকৰ; হায়দৰাবাদক জিকাই অনুৰাগীক দিলে বিশেষ বাৰ্তা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 13, 2025 7:27 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেওঁৰ বিস্ফোৰক বেটিঙৰ ওপৰত নিৰ্ভৰ কৰিয়েই হায়দৰাবাদে ২৪৫ ৰানৰ বিশাল লক্ষ্য অতিক্ৰম কৰে। মাত্ৰ ৪০টা বলতে তেওঁ শতক অৰ্জন কৰে। যিটো আই পি এলৰ দ্বিতীয় দ্ৰুততম শতকো। আৰু সেই শতকৰ ঠিক পিছতেই অভিষেক শৰ্মাই পকেটৰ পৰা এখন কাগজৰ টুকুৰা উলিয়াই এক অভিনৱ উদযাপন কৰিলে।

ক’বলৈ গ’লে কেৱল তেওঁৰ কান্ধৰ ওপৰত নিৰ্ভৰ কৰিয়েই পঞ্জাবক পৰাস্ত কৰি হায়দৰাবাদে জয়ৰ সোৱাদ লাভ কৰে। কিন্তু তেওঁৰ কাগজৰ টোকাটোত কি আছিল? ইয়াক কেন্দ্ৰ কৰি আৰম্ভ হৈছে জল্পনা-কল্পনা।

পঞ্জাবে টছত জয়লাভ কৰি শনিবাৰে হায়দৰাবাদৰ ২২ গজৰ পিটচত বেটিং কৰিবলৈ সিদ্ধান্ত লয়। পঞ্জাৱৰ দুই অ’পেনাৰ প্ৰিয়ংশ (১৩ বলত ৩৬) আৰু প্ৰভশিমৰনে (২৩ বলত ৪২) হায়দৰাবাদৰ বলাৰৰ ওপৰত দমনীয়ভাৱে খেলিছিল।

তেওঁলোক আউট হ’লেও শ্ৰেয়াছ আয়াৰ আৰু নেহালৰ বেটিঙৰ ওপৰত নিৰ্ভৰ কৰি স্ক’ৰব’ৰ্ডখন ঘোঁৰাৰ দৰে দৌৰি থাকিল। ছামীয়ে ৪ অভাৰত ৭৫ ৰান দিয়ে। প্ৰথম ইনিংছৰ শেষত পঞ্জাৱৰ স্ক’ৰ ৬ উইকেটত ২৫৪ ৰান হয়।

এই বিশাল লক্ষ্য খেদি জিকাটো হায়দৰাবাদৰ বাবে যথেষ্ট কঠিন আছিল, আনকি ঘৰুৱা খেলপথাৰতো। কিন্তু অভিষেক শৰ্মা আৰু ট্ৰেভিছ হেডে এই কঠিন কাম   সহজ কৰি তুলিলে। এই দুগৰাকী তাৰকাই অৰ্শ্বদীপ সিং, মাৰ্কো জান্সেন আৰু চাহালক সাধাৰণ বলাৰৰ পৰ্যায়লৈ নমাই দিয়ে।

হেডে ৩৭ বলত ৬৬ ৰান সংগ্ৰহ কৰি যুজবেন্দ্ৰ চাহালৰ বলত মেক্সৱেলক কেচ দি উভতি যায়। অৱশ্যে পূৰ্বৰ ৫ খন মেচত ব্যৰ্থ হোৱাৰ পিছত অভিষেক এইবাৰ উজলি উঠা দেখা গ’ল। মাত্ৰ ৪০টা বলত শতক অৰ্জন কৰাৰ পিছত তেওঁক এক অভিনৱ উদযাপন কৰা দেখা গৈছিল।

শতক অৰ্জন কৰাৰ পিছত অভিষেক শৰ্মাই পকেটৰ পৰা কাগজ এটুকুৰা উলিয়াই আনিলে। যিখন কাগজত লিখা আছিল এই ইনিংছটো অৰেঞ্জ আৰ্মীৰ বাবে। অৰ্থাৎ অভিষেক শৰ্মাই এই শতকীয় ইনিংছটো হায়দৰাবাদৰ অনুৰাগীৰ বাবে উৎসৰ্গা কৰিছিল।

অভিষেকক যেতিয়া অৰ্শদীপ সিঙে আউট কৰিছিল তেতিয়া স্ক’ৰব’ৰ্ডত আছিল ২২২ ৰান। ৫৫ বলত ১০টা ছয় আৰু ১৪টা চাৰিৰে অভিষেকে অকলেই ১৪১ ৰান কৰে। জয়ৰ লক্ষ্যত উপনীত হ’বলৈ বাকী আছিল মাত্ৰ ২৪ ৰান। এই কামৰ দায়িত্ব লয় হেনৰিক ক্লাচেন আৰু ঈশান কিষানে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাতিৰ নয়নৰ মণি জুবিন আৰু নাই

জাতিৰ নয়নৰ মণি জুবিন আৰু নাই

September 19, 2025 3:02 pm
২১ দিনত ২৫৭ কোটি টকা উপাৰ্জন! অভিলেখৰ অপেক্ষাত এই চমক দিয়া ছবিখন

২১ দিনত ২৫৭ কোটি টকা উপাৰ্জন! অভিলেখৰ অপেক্ষাত এই চমক দিয়া ছবিখন

September 19, 2025 12:49 pm
আদানীৰ মানহানিৰ গোচৰত সাংবাদিকৰ বিৰুদ্ধে দিয়া নিৰ্দেশ বাতিল দিল্লী আদালতৰ

আদানীৰ মানহানিৰ গোচৰত সাংবাদিকৰ বিৰুদ্ধে দিয়া নিৰ্দেশ বাতিল দিল্লী আদালতৰ

September 19, 2025 11:59 am
ধৰ্ষণৰ গোচৰত দিল্লী বিমানবন্দৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ললিত মোডীৰ ভাতৃ সমীৰ মোডীক

ধৰ্ষণৰ গোচৰত দিল্লী বিমানবন্দৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ললিত মোডীৰ ভাতৃ সমীৰ মোডীক

September 19, 2025 11:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাতিৰ নয়নৰ মণি জুবিন আৰু নাই

জাতিৰ নয়নৰ মণি জুবিন আৰু নাই

September 19, 2025 3:02 pm
২১ দিনত ২৫৭ কোটি টকা উপাৰ্জন! অভিলেখৰ অপেক্ষাত এই চমক দিয়া ছবিখন

২১ দিনত ২৫৭ কোটি টকা উপাৰ্জন! অভিলেখৰ অপেক্ষাত এই চমক দিয়া ছবিখন

September 19, 2025 12:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd