অসম বিধানসভাৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিটিচি অঞ্চলটো নিৰ্বাচনী কুচকাৱাজ তুংগত উঠিছে।
ইয়াৰ মাজতে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বুধবাৰে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ সাধাৰণ সম্পাদক টাইছন হুছেইনে তামুলপুৰত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।
তেওঁ কয়, ‘’প্ৰমোদ বড়ো এজন ছদ্মবেশী বিজেপি নেতা। তেওঁ ট্ৰেক্টৰত উঠি বিজেপিৰ প্ৰচাৰ চলাই আহিছে। ইউপিপিএল এটি সাম্প্ৰদায়িক দল।‘’
আগন্তুক বিধানসভা নিৰ্বাচনত ইউপিপিএল-বিজেপি-অগপ মিত্ৰজোঁটক ভোট প্ৰদান নকৰিবলৈ সংখ্যালঘু ৰাইজক হুছেইনে আহ্বান জনায়।
তেওঁ লগতে কয় যে কলাইগাঁওত এগৰাকী সংখ্যালঘু সম্প্ৰদায়ৰ লোকক ইউপিপিএল দলে প্ৰাৰ্থিত্ব প্ৰদান কৰি প্ৰমোদ বড়োৱে ভোট বিভাজনৰ জৰিয়তে বিজেপি প্ৰাৰ্থীজনক জিকাই নিয়াৰ বাবে ষড়যন্ত্ৰ কৰিছে। সেই কথা ৰাইজে বুজিবলৈ বাকী নাই।
ইউপিপিএল দলৰ সপক্ষে ভোটদান নকৰিবলৈ আহ্বান জনাই এইবাৰ যাতে দিছ্পুৰত ইউপিপিএল-বিজেপি-অগপৰ মিত্ৰজোঁটক চৰকাৰ গঠন কৰাত সুবিধা নিদিয়ে তাৰ বাবে ৰাইজক আহ্বান জনায় টাইছন হুছেইনে।