NORTHEAST NOW (Assamese)

ছিপাঝাৰৰ ধলপুৰৰ উচ্ছেদৰ বিৰুদ্ধে এবিএমছুৰ গণ বিক্ষোভ কাৰ্যসূচীৰে তামুলপুৰত উত্তাল প্ৰতিবাদ

September 24, 2021 2:07 pm · দীপক কুমাৰ পাঠক, তামুলপুৰ
ফটো: নৰ্থইষ্ট নাও।

ছিপাঝাৰৰ ধলপুৰৰ অমানৱীয় উচ্ছেদ বন্ধ আৰু উচ্ছেদিত পৰিয়ালসমূহৰ সম্পূৰ্ণ পুনঃসংস্থাপনৰ দাবীত সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি তামুলপুৰ জিলা এবিএমছুৰ উদ্যোগত তামুলপুৰৰ দ্বাৰকুছিত উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰা হয়।

হাতে হাতে বেনাৰ, প্লেকাৰ্ড লৈ অসম চৰকাৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মা হায় হায়, বিজেপি চৰকাৰৰ গুণ্ডাগিৰি বন্ধ কৰক, অমানৱীয় উচ্ছেদ বন্ধ কৰক, এবিএমছু জিন্দাবাদ, সংখ্যালঘুৰ ওপৰত অমানৱীয় অত্যাচাৰ বন্ধ কৰক আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি তোলে প্ৰতিবাদকাৰী সকলে।

উল্লেখ্য যে বৃহস্পতিবাৰে ধলপুৰত উচ্ছেদক লৈ আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘটিত সংঘৰ্ষৰ ফলত দুজন প্ৰতিবাদকাৰী নিহত হোৱাৰ লগতে ৯জন আৰক্ষীৰ লোক আহত হৈছিল।

Related News