তই হেনো ভৈয়ামৰ মই পাহাৰী
কোনে বাৰু দিলে আমাক বিভেদ সানি
পীৰিতিৰে বান্ধো আমি পাহাৰ আৰু ভৈয়ামৰে
ঐ সমন্বয়ৰ এনাজৰী……
এইখন অসমতে গদাপাণিৰ দিনৰ ডালিমীৰ নগা পাহাৰৰ নগা ভাইসকলৰ পৰা অসমীয়া হোৱা এখন নগা গাঁৱৰ বিষয়ে ক’ব খুজিছো।
উজনি অসমৰ শিৱসাগৰ জিলাৰ পূব প্ৰান্তৰ শিৱসাগৰ নগৰ-শিমলুগুৰি পথৰ মাজৰ হাৰিপৰা আলি নামৰ ঠাই খিনিৰ পৰা পৰা এক ফাৰ্লং যাওঁতেই পোৱা ৰে’ল ক্ৰছিং পাৰ হৈ পোৱা গাঁওখনৰ নাম হ’ল হাঁহচৰা নগা গাঁও।
বুৰঞ্জীয়ে পৰশা শিৱসাগৰৰ গড়গাঁও আৰু ইয়াৰ দাঁতি কাষৰীয়া ঠাইসমূহৰো নাম অনুসৰি ইতিহাসৰ পৃষ্ঠাত যিদৰে নিজৰ নিজৰ পৰিচয় আছে তেনেদৰে এই নগা গাঁৱৰো এক নিজস্ব ইতিহাস আছে।
আজি এই গাঁওখন আৰু তাৰ আৱাসীসকলৰ বিষয়ে এটা চমু আভাস দি পৰিচয় কৰিবলৈ চেষ্টা কৰিছো।
এইখিনিত এই নগা গাঁওখনৰে সম্পৰ্কৃত শৈশৱৰ এটি স্মৃতি ৰোমন্থন কৰি ল’ব বিচাৰিছো।
শৈশৱৰ স্মৃতিত মনত পৰা দিনৰে পৰা শিৱসাগৰ নগৰৰ পৰা আহিলে নগা গাঁও পাৰ হৈ ওচৰতে পোৱা আমাৰ গাঁওখনলৈ পিঠিত হোৰা এটা লৈ সপ্তাহত দুদিনকৈ অহা নাগিনী আইতাজনীৰ কথাই মনলৈ আহে। আমি সৰুতে আইতাক এনেদৰে দেখিলে “নাগিনী বুঢ়ী আহিল” বুলি কৈছিলো। মূৰত হোৰাটো লৈ নাগিনী আইতাই ওচৰৰ গাঁৱলৈ খুজিবলৈ বুলি আহিছিল। চাউল,শাক-পাত, পইচা যি পায় সন্তুষ্টিৰে হোৰাটোতে ভৰাই লৈছিল আৰু একো নিদিয়ালৈকে উঠি নগৈছিল। বিহুত বহুতে পিঠা-পনাও দিছিল। পিছলৈ বয়স হ’লত হোৰাটো বলে নোৱাৰা হ’ল চাগৈ, তাৰ ঠাইত এটা সৰু কাপোৰৰ মোনা ল’বলৈ ল’লে। আইতাৰ পিন্ধনত আছিল মাত্ৰ ওপৰচোলা এটা আৰু ককালত মেৰিয়াই লোৱা এখন আঁঠুলৈকে পৰা মলিয়ন কপাহী কাপোৰ। ভৰি-হাতত টাটুৰ নক্সা অঁকা। কাণত ডাঙৰ ৰিং, হয়টো ৰূপৰ, সেয়াই এখন চিনাকি মুখ। দুই এটা মাতৰ বাহিৰে কোনো কথা নকৈছিল। বহু বছৰলৈকে তেনেকৈয়ে দেখি অহাৰ পিছত বহুদিন নেদেখা হ’লত এদিন গম পালো যে তেওঁ ঢুকাল। এটা চিনাকি মাত নাইকিয়া হ’ল। পৰিয়ালত কোন আছিল সেয়া কোনেও গম নোপোৱাকৈ থাকিল। তাৰোপৰি দেখি অহা আন এটা চিনাকি দৃশ্য আছিল গাঁৱৰ পুখুৰী খাল এইবিলাকত নগা যুৱক সকলে কুচিয়া বিচাৰি ফুৰাটো। হাতত দীঘল লোৰ জোঙা লাঠি এদাল লৈ এনেকৈ কুচিয়া বিচৰা দেখা পোৱাটো আমাৰ শৈশৱৰ এটা সুলভ দৃশ্য আছিল।
সেইখন নগা গাঁৱলৈকে কলেজত পঢ়ি থকাৰ সময়ত সমাজবিজ্ঞান বিভাগৰ ফালৰ পৰা হোৱা ক্ষেত্ৰ অধ্যয়নৰ ভ্ৰমনত গাঁৱবাসীক ওচৰৰ পৰা জানিবৰ সুবিধা পাইছিলো। ২০০১ চনৰ সেই সময়ৰ পৰা আজিলৈ বহুত কথাই সলনি হ’ল যদিও গাঁৱখনৰ বুৰঞ্জী আৰু সংস্কৃতি এতিয়াও অপৰিবৰ্তিত হৈ আছে। ক্ষেত্ৰ অধ্যয়নৰ টোকাবহীৰ পৰা কিছু বিৱৰণ তুলি ধৰিবলৈ প্ৰয়াস কৰা হ’ল।
গাঁৱখনৰ বুৰঞ্জীৰ টোকাবহীত থকা অনুসৰি নগা গাঁও নামৰ এই জনজাতীয় গাঁওখন শিৱসাগৰ জিলাৰ হাঁহচৰা মৌজাৰ মধ্য অঞ্চলত অৱস্থিত।এই গাঁৱখনত প্ৰায় নব্বৈ ঘৰ মানুহে বসবাস কৰে। এই নগা জনজাতিয় লোক সকল হ’ল কন্যাক বংশীয় আৰু এওঁলোকৰ উপাধিও হ’ল কন্যাক। এই গাঁৱত কন্যাক মানুহৰ বাহিৰে অন্য মানুহে বসবাস নকৰে। এই নগাসকলৰ অন্য জনজাতিৰ দৰে বাসগৃহ চাংঘৰৰ পৰিবৰ্তে মাটিৰ সমান্তৰাল ঘৰ। ঘৰবোৰ কাঠ বাঁহ নাইবা পকী ঘৰ। এই নগাসকলৰ দোৱানত- ” চোৱাং ৱাং হা: মা ঞই পোৱা-পু:হ পু ঞোলাই ট’ও পোৱা” অৰ্থাৎ অসম আমাৰ জন্মভূমি এয়ে আমাৰ ভাষা জননী।
বুৰঞ্জীৰ তথ্যত এই নগা গাঁও প্ৰতিষ্ঠা সৰ্ম্পকে কোৱা হয় যে, ১৭৬৬ খ্ৰী:ত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত ম’ৰামৰা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ মহন্তই শিৱসাগৰ জিলাৰ হাঁহচৰা মৌজাৰ হাৰিপৰা আলিৰ কাষত নগা গাঁও প্ৰতিষ্ঠা কৰে। ইয়াৰ আগতে এওঁলোকৰ আদি বাসস্থান আছিল চেংফান। এই চেংফান নামৰ পাহাৰীয়া ঠাইখন বৰ্তমানৰ চৰাইদেউ জিলাৰ শ্ৰীপুৰৰপৰা অৰ্থাৎ চ্যুকাফা নগৰৰপৰা দক্ষিণ পূৱত অৱস্হিত। এই জনজাতীয় নগাসকল অন্যান্য জনজাতিতকৈ সামাজিক পৰম্পৰা বা জীৱন ধাৰণৰ দিশৰপৰা সম্পূৰ্ণ পৃথক।এই নগাসকলৰ সামাজিক জীৱনৰ মানদণ্ড অন্যান্য নগা জনজাতিতকৈ উন্নত। এওঁলোকৰ প্ৰধান বৃত্তি কৃষি যদিও আজিৰ উন্নত সমাজৰ লগত খাপ খাব পৰাকৈ নিজকে যোগ্যভাৱে গঢ়ি তুলিছে আৰু সেইদৰে অন্যান্য বৃত্তি গ্ৰহণ কৰিছে।
এইসকল নগা প্ৰধানত হিন্দু ধৰ্মাৱলম্বী। এওঁলোকৰ পূৰ্বপুৰুষ আৰু এওঁলোকে নিজকে চুবুৰীয়া অসমীয়া লোকসকলৰ লগত খাপ খুৱাই একে হিন্দু ধৰ্ম গ্ৰহণ কৰি অসমীয়া জাতিৰ সংস্কৃতি গ্ৰহণ কৰি মিলি গৈছে। এই নগা জনজাতিৰ কোনো জনজাতীয় ধৰ্ম নাই আৰু কোনো নিৰ্দিষ্ট জীৱ বা বস্তুক প্ৰতিকী দেৱতা হিচাপে পূজা নকৰে অৰ্থাৎ অন্যান্য জনজাতীয় সমাজৰ দৰে এওঁলোকৰ মাজত টোটেমবাদৰ প্ৰচলন নাই। ঈশ্বৰ বা ভগৱানক কন্যাক গোষ্ঠীৰ লোকে নিজৰ ভাষাত কাৱাং বুলি কয়। কাৱ মানে হ’ল পৃথিৱী আৰু ৱাং মানে হ’ল আকাশ।
সামাজিক ব্যৱস্থাৰ ক্ষেত্ৰত এওঁলোক অত্যন্ত সচেতন। এই জনজাতিসকলৰ সমাজত চাৰিটা গোত্ৰ বা খেল আ্ছে। (ক) টি(te) (খ) টিংফৈ(Tingfoi) (গ) ৱাংচু( wangsu) আৰু (ঘ) লোক(Louk) । এওঁলোকৰ মাজত নাৰী পুৰুষ উভয়ৰ মাজত সামাজিক স্তৰীকৰণ অনুসৰি কিছুমান নিৰ্দিষ্ট ভাগ আছে। এই ভাগ অনুসৰি বিভিন্ন উৎসৱ আদিত তেওঁলোকে সমজুৱাকৈ নিজৰ নিজৰ দায়িত্বত থকা কাম কৰিব লাগে।
ধাৰ্মিক পৰম্পৰা বা অন্যান্য কাৰ্যৰ বাবে মৰং বা যুৱগৃহ আছে। ইয়াত অন্যান্য মংগোলীয় জনজাতিসকলৰ দৰে একমাত্ৰ পুৰুষৰহে স্থান আছে। ছোৱালীৰ কাৰণে কোনো বেলেগ যুৱগৃহ নাই। কন্যাকসকলৰ এই মৰংঘৰ ১৬শ শতিকাত প্ৰতিষ্ঠা কৰা হয়। মৰংঘৰৰ সন্মুখভাগ ছোৱালীক প্ৰৱেশ কৰিবলৈ দিয়া হয় কিন্তু ভিতৰভাগলৈ ছোৱালী সোমোৱা নিষিদ্ধ। কিয়নো ইয়াত অতীতৰ পৰম্পৰা অনুসৰি সময়সাপেক্ষে যুৱকসকল উলংগ হৈ থাকে। প্ৰায় ১৬ বছৰৰপৰা ১৮ বছৰ বয়সলৈ যুৱকসকলে এই মৰংঘৰত তিনিবছৰ গা খাটি দিব লাগে। এই সময়খিনিত তেওঁলোকে কিবা অপৰাধ কৰিলে বা তেওঁলোকক মানিবলৈ দিয়া নিয়ম পালন নকৰিলে শাস্তি প্ৰদান কৰা হয় আৰু শাস্তি হিচাপে বেতৰ কোব দিয়া হয়। সাধাৰণতে লঘু শাস্তি হিচাপে বেতৰ কোব দুচাতকৈ দিয়া হয়।
এই মৰংঘৰৰ ভিতৰত টুংখুৰুং নামৰ এবিধ বাদ্য আছে। কোনো বিপদ হ’লে বা অন্যান্য কাৰণত গাঁৱৰ মানুহক সংকেত দিবলৈ এই বাদ্যত শব্দ কৰি বজোৱা হয়। সকলো সংকেতৰ সুৰ বা শব্দ বেলেগ বেলেগ ধৰণৰ হয় যাৰ সহায়ত গাঁওবাসীয়ে কোনটো সংকেতৰ দ্বাৰা কিহৰ সম্বন্ধে জাননী দিয়া হৈছে এই বিষয়ে গম পাই যায় আৰু সেই অনুসৰি স্ত্ৰী পুৰুষ সকলোৱে মৰংঘৰৰ আগত হাজিৰ হয়।
আমি উল্লেখ কৰি আহিছো যে মৰংঘৰৰ ভিতৰ ভাগত ছোৱালী সোমাবলৈ দিয়া নহয়। পূৰ্বতে উল্লেখ কৰা কাৰণ বাহিৰেও আৰু কিছুমান কাৰণ ত ছোৱালীক মৰংঘৰত সোমাবলৈ দিয়া নহয়। প্ৰচলিত জনবিশ্বাস অনুসৰি পুৰুষসকলে কোনো বীৰত্বমূলক কাৰ্য বা চিকাৰ আদি অন্যান্য কাৰণত মৰংঘৰৰ পৰা গ’লে তাত নাৰীৰ প্ৰবেশ ঘটিলে সেই কাৰ্যত সফল নহয়। অৱশ্যে প্ৰত্যেক বছৰতে সমূহীয়াভাৱে পতা আই সকামৰ দিনা আৰু সৰস্বতী পূজাৰ দিনা মহিলাক মৰংঘৰৰ ভিতৰত সোমাবলৈ দিয়া হয়। কিয়নো এই দুই অধিষ্ঠাত্ৰী দেৱী নাৰী হোৱাৰ কাৰণে এনে ধৰ্মীয় কাৰ্যত নাৰীক অগ্ৰাধিকাৰ দিয়া হয়।
কন্যাকসকলৰ পৰম্পৰাগত উৎসৱ বা বিহুক আউলং বুলি কোৱা হয় আৰু ইয়াক প্ৰত্যেক বছৰৰৰ চ’ত মাহৰ পূৰ্ণিমা তিথিত অনুষ্ঠিত কৰা হয়। বিহুৰ ৰং ধেমালিক ছেউৰা বুলি কয়। বিহুত বাঁহৰ লাঠিৰে নাচে বা খেলে। এই নগা জনজাতিৰ লোকসকলে বিহুত বা অন্যান্য উৎসৱত পুৰুষ আৰু নাৰীয়ে একেলগে নানাচে। এই কথাবিলাকৰ পৰা এটা কথা গম পোৱা হয় যে কন্যাকসকলৰ সমাজত নাৰীৰ স্থান পুৰুষৰ সমান নহয়,নিম্ন। অন্যান্য সভ্য সমাজৰ লগত খাপ খাব পৰাকৈ যদিও উচ্চ শিক্ষা গ্ৰহণ কৰি নিজক কিছু ক্ষেত্ৰত প্ৰতিষ্ঠা কৰিছে তথাপিও এওঁলোকে আদিম সংস্কৃতি ধৰি ৰাখিছে। শিক্ষাৰ ক্ষেত্ৰত নাৰীও আগবাঢ়ি গৈছে আৰু বিভিন্ন কৰ্মবৃত্তিত নিজক নিয়োজিত কৰিব পাৰিছে। এইফালৰপৰা নাৰী আৰু পুৰুষৰ স্থিতি সমাজত সমান। গাঁৱৰ প্ৰত্যেক ঘৰতে শিক্ষিত লোক আছে। নিজৰ সংস্কৃতিৰ বাহিৰেও কন্যাকসকলে অন্য সংস্কৃতি. প্ৰধানতঃ অসমীয়া সংস্কৃতি গ্ৰহণ কৰিছে। কন্যাক ছোৱালীৰ জাতীয় পোছাক হ’ল ক’লা মেখেলা। এই মেখেলাৰ তলফালে ৰামধেনুৰ সাতৰঙৰ পাৰি দিয়া থাকে। ব্লাউজৰ ৰং ৰঙা। পুৰুষৰ কোনো নিৰ্দিষ্ট পোছাক নাই। জাতীয় পোছাকৰ সমান্তৰালকৈ আজিকালি সকলো আধুনিক পোছাকেই পৰিধান কৰে। প্ৰধান খাদ্য হ’ল ভাত আৰু ইয়াক ‘ছা’ বুলি কয়, কিন্তু পুৰণি সকলে ‘নবা’ বুলি কয়। ভাষাৰ ক্ষেত্ৰত কন্যাক সকলৰ নিজা দোৱান আছে যদিও মাতৃভাষা অসমীয়া হিচাপে আঁকোৱালি লৈছে।
বিবাহৰ ক্ষেত্ৰত যদিও গাঁৱবাসীৰ নিজৰ মাজতে আবদ্ধ, বৰ্তমান অন্য জাতি আৰু অসমীয়া লোক সকলৰ লগত বৈবাহিক সম্বন্ধ গঢ়ি উঠিছে, য’ত কোনো সামাজিক গোড়ামি দেখা পোৱা নাযায়। ওচৰ পাজৰৰ গাঁৱসমূহৰ অসমীয়া পৰিয়ালৰ লগত কন্যাক ছোৱালীৰ বিয়া হোৱাৰ লগতে অসমীয়া ছোৱালীও নগাসকললৈ বৈবাহিক সূত্ৰে সম্পৰ্ক কৰিছে। আমাৰ জ্ঞাতেৰেই মোৰ এগৰাকী নগা বান্ধবীৰ মাক অসমীয়া আৰু আমাৰ গাঁৱৰ পৰিয়াললৈকে এজনী নগা ছোৱালী বোৱাৰী হৈ আহিছে। এনে কথাৰপৰা আমি গাঁৱবাসীৰ উদাৰ মন আৰু অন্য জাতিৰ লগত মিলাপ্ৰীতিৰ পৰিচয়কে পাওঁ।
পৰিবৰ্তিত সময়ৰ আগত সকলো সভ্যতা আৰু সংস্কৃতিৰ পৰিবৰ্তন হয়। সেই অনুপাতে নগা গাঁৱতো পৰিবৰ্তনৰ ঢৌ বিৰাজমান। পৰিবৰ্তনৰ এনে অচিলাতে এশ শতাংশ হিন্দু ধৰ্মাৱলম্বীৰ এই গাঁওবাসীয়ে অন্য ধৰ্মও গ্ৰহণ কৰিছে। খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰা এনে দুই এঘৰ বাসিন্দাৰ অৱশ্যই বাকীসকলৰ লগত খোৱা লোৱা নচলে। এই পৰিবৰ্তনক আঁকোৱালি নিজৰ শিপাক কেনেকৈ ধৰি ৰাখিব পাৰি বৰ্তমান সকলো জাতি জনগোষ্ঠীৰ বাবে ইয়ো বিশ্বায়নৰ যুগত এক প্ৰত্যাহ্বান হৈ থিয় দিছে। এই কঠিন সময়ত আমাৰ ওচৰে পাজৰে থকা এই আপোন মানুহখিনিৰ লগত মিলামিচা আৰু সদ্ভাৱ আমাৰ বাবে সদায়ে কৰণীয় আৰু কাম্য।