গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তপ্ত পৰিস্থিতিঃ এবিভিপি-স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সংঘাত

ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, চমুকৈ এবিভিপি আৰু গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সংঘাতত আজি উত্তপ্ত হৈ পৰে বিশ্ববিদ্যালয় চৌহদ।

জানিব পৰা মতে, বিশ্ববিদ্যালয় প্ৰেক্ষাগৃহত আজি এবিভিপিৰ  ছাত্র সন্মিলন শীর্ষক এক অনুষ্ঠান আছিল। আনহাতে প্ৰেক্ষাগৃহৰ বাহিৰত ’কা’ বিৰোধী কাৰ্যসূচী ৰূপায়ণ কৰিছিল স্নাতকোত্তৰ ছাত্ৰ সন্থাই।

ছাত্ৰ সন্থাৰ কাৰ্যসূচীৰ পোষ্টাৰ আঁতৰোৱাক লৈ প্ৰথমে দুয়ো পক্ষৰ মাজত বাক-বিতণ্ডা হয় আৰু লাহে লাহে পৰিস্থিতি কিছু উত্তপ্ত হৈ পৰে।

ইফালে এনে সংঘাতৰ পিছতে স্নাতকোত্তৰ ছাত্ৰ সন্থাই টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে এবিভিপিৰ পোষ্টাৰ ফালি পেলোৱাৰ অভিযোগ উঠিছে।