• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম সাহিত্য সভালৈ গ্ৰন্থাগাৰ দান শিক্ষাবিদ দম্পতীৰ

ফাৰহানা আহমেদ by ফাৰহানা আহমেদ
December 31, 2018 5:36 pm
750x375

উত্তৰ লখিমপুৰত সোমবাৰে গ্ৰন্থাগাৰ গৃহ উদ্বোধনী অনুষ্ঠানত ভাষণ দিছে অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ লখিমপুৰৰ বিশিষ্ট শিক্ষাবিদ দম্পতীয়ে তেওঁলোকৰ পুত্ৰৰ স্মৃতিত অসম সাহিত্য সভাক সোমবাৰে এটা গ্ৰন্থাগাৰ গৃহ দান কৰে।

লখিমপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ মুকুন্দ ৰাজবংশী আৰু উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ প্ৰাণীবিদ্যা বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী তথা সুপৰিচিতা বিজ্ঞান লেখিকা ড০ অমিয়া ৰাজবংশীয়ে সোমবাৰে তেওঁলোকৰ পুত্ৰ পাঞ্চাল ৰাজবংশীৰ সোঁৱৰণত উত্তৰ লখিমপুৰ সাহিত্য সভালৈ উত্তৰ লখিমপুৰত এটা গ্ৰন্থাকাৰ গৃহ দান কৰে।

2-2-300x148
‘সুখী জীৱনৰ অন্বেষণ’ নামৰ গ্ৰন্থখন উন্মোচনৰ মুহূৰ্তত বিশিষ্ট ব্যক্তিসকল। ফটো : নৰ্থইষ্ট নাও

‘পাঞ্চাল ভৱন’ নামেৰে এই গ্ৰন্থাগাৰ ভৱনটো শিক্ষাবিদ দম্পতীয়ে তেওঁলোকৰ পুত্ৰ প্ৰয়াত পাঞ্চাল ৰাজবংশী ৰাজবংশীৰ নামত উত্তৰ লখিমপুৰৰ উত্তৰ লখিমপুৰ সাহিত্য সভাৰ চৌহদৰ ভিতৰত  নিৰ্মাণ কৰা হৈছে আৰু অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে উদ্বোধন কৰে।

উদ্বোধনী ভাষণত ড০ পৰমানন্দ ৰাজবংশীয়ে কয় যে মানুহে গ্ৰন্থৰ জৰিয়তে পৰমাৰ্থত্বৰ সৈতে সম্পৰ্কিত হয় আৰু ইয়াৰ অবিহনে মানৱ সভ্যতা বৰ্তি থাকিব নোৱাৰে।

তেওঁ লখিমপুৰ জিলাৰ ৰাইজক অসমৰ ভাষা, সাহিত্য তথা সংস্কৃতিৰ ঐতিহ্য জীয়াই ৰাখিবলৈ উত্তৰ লখিমপুৰৰ পদ্মনাথ গোহাঁই বৰুৱা ক্ষেত্ৰক উন্নত কৰি তোলাৰ বাবে আহ্বান জনায়।

অনুষ্ঠানত ড০ মুকুন্দ ৰাজবংশীয়ে তেওঁৰ ব্যক্তিগত চিন্তা প্ৰকাশ কৰি ৰাইজক তেওঁলোকে তেওঁৰ লগতে তেওঁৰ পৰিয়াললৈ তেওঁলোকৰ পুত্ৰক হেৰুওৱাৰ সময়ত দেখুওৱা মৰম, চেনেহ আৰু সন্মানৰ বাবে কৃতজ্ঞতা জনায়। উল্লেখযোগ্য যে তেওঁলোকৰ পুত্ৰ পাঞ্চালৰ ২০১১ চনত দিল্লীত এটি পথ দুৰ্ঘটনাত মৃত্যু হৈছিল।

তেওঁ লগতে এনেকুৱা এটা মহান প্ৰচেষ্টা গ্ৰহণ কৰাৰ বাবে উত্তৰ লখিমপুৰ সাহিত্য সভাকো ধন্যবাদ জনায়। অনুষ্ঠানত ড০ মুকুন্দ ৰাজবংশীয়ে ৰচনা কৰা ‘সুখী জীৱনৰ অন্বেষণ’ নামৰ গ্ৰন্থখন উন্মোচন কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ড০ কৈলাশ ভট্টাচাৰ্যই।

উক্ত সভাত উপস্থিত থাকে অসম সাহিত্য সভাৰ উপ সভাপতি ড০ হেমেন্দ্ৰ কুমাৰ বৰুৱা, লখিমপুৰ জিলা সাহিত্য সভাৰ সভাপতি সপোন কুমাৰ দত্তৰ লগতে আন বহুতো বিশিষ্ট ব্যক্তি।

ফাৰহানা আহমেদ

ফাৰহানা আহমেদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd