নিজৰ বিয়াৰ বজাৰ কৰি ওভতাৰ পথত ডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে যুৱতীয়ে

Silchar Accident

ফটো : নৰ্থ-ইষ্ট নাও

আজি শিলচৰত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এগৰাকী ২৫ বছৰীয়া যুৱতীয়ে প্ৰাণ হেৰুওৱাক কেন্দ্ৰ কৰি চহৰখনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। দুৰ্ঘটনাটোত মৃত্যু হোৱা যুৱতীগৰাকী হাইলাকান্দি জিলাৰ সুদৰ্শনপুৰৰ নিবাসী সুনন্দা সিনহা বুলি জানিব পৰা গৈছে।

ঘটনাৰ বিৱৰণী অনুসৰি অহা ২৫ ফেব্ৰুৱাৰিত বিয়াত বহিব লগীয়া যুৱতীগৰাকীয়ে আজি বিয়াৰ বজাৰ কৰাৰ উদ্দেশ্যে বিভু সিনহা নামৰ এজন আত্মীয়ৰ লগত বাইকেৰে শিলচৰলৈ আহিছিল। আৰু বিয়াৰ বজাৰ কৰি ওভতাৰ পথতে এখন তীব্ৰবেগী ডাম্পাৰে শিলচৰৰ এন আই টিৰ সমীপত দুয়োকে খুন্দিয়াই।

দুৰ্ঘটনাটোত যুৱতীগৰাকীৰ ঘটনাস্থলতে মৃত্যু ঘটে আৰু বাইক চালক বিভু সিনহা বেয়াকৈ আহত হয়। গুৰুতৰভাৱে আহত হোৱা বাইক চালকজনক লগে লগে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু সম্প্ৰতি তেওঁ শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে।

ইফালে এই ঘটনাৰ পাছতে একাংশ উত্তেজিত ৰাইজে শিলচৰ-হাইলাকান্দি পথ অৱৰোধ কৰি ডাম্পাৰখনৰ চালকজনক কৰায়ত্ত কৰি শাস্তি প্ৰদানৰ দাবী জনায়। পথ অৱৰোধ কৰাৰ ফলত শ-শ যান-বাহন আবদ্ধ হৈ পৰাত লগে লগে ঘটনাস্থলত আৰক্ষীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণত আনে।