২০১৮ চনৰ পৰা মাত্ৰ পাঁচ বছৰত বিদেশত অধ্যয়ন কৰি থকা অৱস্থাত মৃত্যু হৈছে ৪০৩গৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ। ইয়াৰে অধিকাংশই কানাডাত মৃত্যুবৰণ কৰে। কেন্দ্ৰীয় চৰকাৰে দাঙি ধৰিছে এই পৰিসংখ্যা।
বৃহস্পতিবাৰে ৰাজ্যসভাৰ অধিৱেশনৰ সময়ত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ বিষয়ে এই পৰিসংখ্যা দাখিল কৰে বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ভি মুৰালীধৰণে।
পৰিসংখ্যা অনুসৰি ২০১৮ চনৰ পৰা ২০২৩ চনলৈ বিদেশত থকাৰ সময়তে ৪০৩ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হৈছে। ইয়াৰে ৯১ জন কানাডালৈ পঢ়িবলৈ গৈছিল। দ্বিতীয় স্থানত আছে ব্ৰিটেইন। সেই দেশত ৪৮ গৰাকী ভাৰতীয় শিক্ষাৰ্থীয়ে প্ৰাণ হেৰুৱাইছে।
লগতে পঢ়কঃ উঞ্ছবৃত্তি নে মহদ্ ভ্ৰম! `অসম ম্যানমাৰৰ অংশ আছিল’-উচ্চতম ন্যায়ালয়ত কপিল ছিবালে এয়া কি ক’লে?
ইয়াৰ পিছত তালিকা অনুসৰি ৰাছিয়া (৪০), আমেৰিকা (৩৬), অষ্ট্ৰেলিয়া (৩৫), ইউক্ৰেইন (২১), জাৰ্মানী (২০), চাইপ্ৰাছ (১৪), ইটালী আৰু ফিলিপাইনছত ১০ জন শিক্ষাৰ্থীৰ মৃত্যু হৈছে।
এই তথ্যৰ সৈতে বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে কয়, ‘বিদেশত ভাৰতীয় ছাত্ৰ-ছাত্ৰী যাতে সুৰক্ষিত হৈ থাকে সেয়া নিশ্চিত কৰাটো কেন্দ্ৰীয় চৰকাৰৰ অন্যতম মূল লক্ষ্য। কোনো সমস্যাৰ সৃষ্টি হ’লে সংশ্লিষ্ট দেশৰ কৰ্তৃপক্ষক অৱগত কৰা হয় যাতে দোষীসকলৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হয়। তদুপৰি, সংশ্লিষ্ট দেশৰ ভাৰতীয় দূতাবাসে ছাত্ৰ-ছাত্ৰীসকলৰ সকলো প্ৰয়োজনীয়তাৰ সময়ত কাষত থিয় দিছে।‘
লগতে পঢ়কঃ থানাত যুৱতীৰ অভিযোগ,“মায়ে মোক ৪ লাখ টকাত বিক্ৰী কৰি দিছে, মোক বচাওক”! অস্বীকাৰ মাতৃৰ
বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে কয় যে, এই বিষয়ত চৰকাৰৰ হস্তক্ষেপ প্ৰয়োজনীয় হয় নে নহয় সেয়া জানিব পৰা নাই। কিন্তু বহু সময়ত ব্যক্তিগত কাৰণতো মৃত্যুৰ ঘটনা ঘটিছে। অৱশ্যে ভাৰতীয় দূতাবাসসমূহে ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালৰ সৈতে যোগাযোগ ৰাখে।