Indian Citizenship: বিগত ৫ বছৰত প্ৰায় ৬লাখ লোকে এৰিছে ভাৰতৰ নাগৰিকত্ব; লোকসভাত কেন্দ্ৰীয় মন্ত্ৰীৰ তথ্য

photo

প্রতিনিধিত্বমূলক ফটো।

Indian Citizenship বিগত ২০১৯ৰ লোকসভা নিৰ্বাচনৰ ইস্তাহাৰত বিজেপিয়ে দেশজুৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (NRC)প্ৰস্তুত কৰাৰ প্ৰতিশ্ৰুতি দিছিল। অৱশ্যে, সেয়া এতিয়ালৈকে হোৱা নাই। কিন্তু সেই কাম কেতিয়া সম্পূৰ্ণ হ’ব সেয়া কেন্দ্ৰীয় মন্ত্ৰী নিত্যানন্দ ৰাইয়ে লোকসভাত জানিবলৈ দিছে।

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত লোকসভাত এগৰাকী তৃণমূল সাংসদে সোধা এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহ বিভাগৰ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰাইয়ে জানিবলৈ দিয়ে যে দেশত এতিয়াই এনআৰচি প্ৰযোজ্য কৰাৰ কথা কেন্দ্ৰই চিন্তা কৰা নাই।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লোকসভাত এক গুৰুত্বপূৰ্ণ তথ্য দাঙি ধৰি জনায় যে প্ৰতিদিনে প্ৰায় ৩০০ লোকে ভাৰতৰ নাগৰিকত্ব এৰিছে। বিগত ৫বছৰত এই সংখ্যা প্ৰায় ৬লাখ হ’ব।

Also Read: Ameesha Patel: কিয় আমিষা পেটেলৰ বিৰুদ্ধে জাৰি কৰা হ’ল গ্ৰেপ্তাৰী পৰোৱানা?

গৃহমন্ত্ৰ্যালয়ৰ তথ্য সূত্ৰমতে ২০১৭ বৰ্ষত ১লাখ ৩৩হাজাৰতকৈয়ো অধিক লোকে ভাৰতৰ নাগৰিকত্ব এৰিছে। সেইদৰে ২০১৮ বৰ্ষত সেয়া ১ লাখ ৩৪ হাজাৰতকৈয়ো অধিক আৰু ২০১৯ত এই সংখ্যা ১লাখ ৪৪হাজাৰতকৈয়ো অধিক।

আনহাতে, ২০২০ বৰ্ষত ৮৫হাজাৰ লোকে ভাৰতৰ নাগৰিকত্ব এৰিছে। চলিত বৰ্ষৰ ছেপ্টেম্বৰলৈকে ভাৰতৰ নাগৰিকত্ব এৰা লোকৰ সংখ্যা হৈছে ১ লাখ ১১হাজাৰ লোক।

ইপিনে, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে বিগত ৫বছৰত ভাৰতৰ নাগৰিকত্ব বিচাৰি ১০ হাজাৰ ৬৪৫জন লোকে আবেদন কৰিছে আৰু ইয়াৰ ভিতৰত পাকিস্তানৰ পৰা সৰ্বাধিক ৭৭৮২জন লোকে আবেদন কৰিছে।

Also Read:Road Accident কোকৰাঝাৰৰ কচুগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; নিহত দুই মটৰচাইকেল আৰোহী, জ্বলিল ট্ৰাক

তদুপৰি, আমেৰিকাৰ পৰা ২২৭জন, আফগানিস্তানৰ পৰা ৭৯৫জন আৰু বাংলাদেশৰ পৰা ১৮৪জন লোকে ভাৰতৰ নাগৰিকত্বৰ বাবে আবেদন জনাইছে।