NORTHEAST NOW (Assamese)

চাণক্য নীতি: পুৰুষৰ আগতো ব্যক্ত কৰিব নালাগে এই ৪ টা কথা, নহ’লে বিপদৰ পৰা নাপাব পৰিত্ৰাণ!

August 12, 2023 7:09 am · এন ই নাও নিউজ, গুৱাহাটী

আচাৰ্য চাণক্য তেওঁৰ নীতিৰ বাবে পৰিচিত, যিবোৰ কঠোৰ যদিও কোনো ব্যক্তিয়ে নিজৰ জীৱনত সেইবোৰ গ্ৰহণ কৰিলে তেওঁক আগবাঢ়ি যোৱাত কোনেও বাধা দিব নোৱাৰে। আচাৰ্য চাণক্য এজন মহান অৰ্থনীতিবিদ, কূটনীতিবিদ আৰু ৰাজনীতিবিদো আছিল। তেওঁ নাৰী আৰু পুৰুষৰ সন্দৰ্ভত বহু ধৰণৰ নীতি লিখি থৈ গৈছে। জীৱনত ৪ টা গোপন কথা যিটো পুৰুষে আন পুৰুষৰ পৰাও লুকুৱাই ৰাখিব লাগে, কাৰণ এই গোপন কথাবোৰ যদি প্ৰকাশ পায় তেতিয়া কোনেও তেওঁক বিপদৰ পৰা বচাব নোৱাৰে।

পত্নীৰ বিষয়ে নেতিবাচক কথা

আচাৰ্য চাণক্যই কৈছে যে কোনো পুৰুষে কেতিয়াও কোনো পুৰুষৰ আগত পত্নীৰ লগত জড়িত কথাবোৰ ক’ব নালাগে। পত্নীৰ চৰিত্ৰ, তেওঁৰ আচৰণ আৰু তেওঁৰ বেয়া কামবোৰৰ কথা কেতিয়াও আন কাৰোবাৰ লগত শ্বেয়াৰ কৰা উচিত নহয়। পত্নীৰ লগত জড়িত সকলো কথা জানিবলৈ স্বামীৰ বাহিৰে আন কোনো পুৰুষৰ অধিকাৰ নাই।

অপমানৰ বিষয়ে

যদি আপোনাক অপমান কৰা হৈছে, তেন্তে সেয়া আন পুৰুষৰ আগত কেতিয়াও উল্লেখ নকৰিব। বহু সময়ত মানুহে নিজৰ অপমানৰ কথা অতি ঘনিষ্ঠ মানুহক কয় আৰু তাৰ প্ৰতিফল পিছত ভূগিবলগীয়া হয়। গতিকে আপোনাৰ অপমানৰ কথা কেতিয়াও কোনো পুৰুষক নকব।

নিজৰ দুখৰ কথা 

আচাৰ্য চাণক্যই কৈছে যে যদি আপোনাৰ কোনো দুখ আছে, তেন্তে সেইটো নিজৰ মাজতে আবদ্ধ কৰি ৰাখক। যদি আপুনি আপোনাৰ দুখৰ কথা আনক কয়, তেন্তে তেওঁলোকে তাক ঠাট্টা কৰিব পাৰে আৰু তাৰ সুবিধাও ল’ব পাৰে। সেইবাবেই চাকৰিৰ লগত জড়িত দুখেই হওক বা পৰিয়াল সম্পৰ্কীয় দুখেই হওক, সেই দুখ কেৱল নিজৰ মাজতে ৰাখক।

ধনৰ বিষয়ে

আচাৰ্য চাণক্যই কৈছে যে যদি আপোনাৰ হাতত ধন আছে তেন্তে কেৱল নিজৰ মাজতে ৰাখক। আপোনাৰ বহুত টকা আছে বুলি আনৰ লগত কেতিয়াও শ্বেয়াৰ নকৰিব। এনে কৰিলে টকা ধ্বংস হোৱাই নহয়, মানুহে আপোনাৰ সুবিধাও লৈ আপোনাৰ পৰা সেই টকা সৰকাই নিবও পাৰে।

Related News