অৰ্থনৈতিক সংকটৰ আগজাননী লৈ আহে এনে ঘটনাই! চাণক্যই দি গৈছে ইংগিত

আচাৰ্য চাণক্য পৌৰাণিক ভাৰতৰ শ্ৰেষ্ঠ দাৰ্শনিক সকলৰ অন্যতম। মানৱ জীৱনৰ লগত সংপৃক্ত বিভিন্ন দিশসমূহৰ ওপৰত আলোকপাত কৰি গৈছে চাণক্যই। এগৰাকী ব্যক্তিয়ে নিজৰ সুখকৰ জীৱনৰ বাবে চাণক্যৰ এই পৰামৰ্শসমূহ অনুসৰণ কৰিলে উপকৃত হ’ব পাৰে।

সাধাৰণতেই মানুহৰ জীৱনলৈ কোনো সংকট আগজাননী দি নাহে। একেদৰেই জীৱনলৈ আহিবলগীয়া অৰ্থনৈতিক সংকটৰো মানুহে স্পষ্ট পূৰ্বাভাস নাপায়। কিন্তু আচাৰ্য চাণক্যই এনে কিছু লক্ষণৰ বিষয়ে উল্লেখ কৰিছে, যিসমূহে অৰ্থনৈতিক সংকটৰ আগজাননী দিয়ে।

চাণক্যৰ মতে, এগৰাকী ব্যক্তিয়ে আৰ্থিক সংকটৰ সময় অহাৰ পূৰ্বে নিজৰ গৃহত এনে কিছু লক্ষণ দেখা পায়। গতিকে এজন ব্যক্তিয়ে নিজৰ চৌপাশ ঘটি থকা কিছুমান ঘটনাৰ প্ৰতি মনোযোগ দিয়াটো প্ৰয়োজনীয় হৈ পৰে। সেই লক্ষণসমূহ কেনেধৰণৰ জানো আহক-

১/ তুলসী গছ শুকাই লোৱা

তুলসী উদ্ভিদক অতি পবিত্ৰ বুলি গণ্য কৰা হয়। তুলসী ঘৰত ৰোপণ কৰিলে সুখ আৰু শান্তি পোৱা যায়। আচাৰ্য চাণক্যই কৈছে যে যদি বহু যত্ন লোৱাৰ পিছতো তুলসী গছ শুকাই যায়, তেন্তে ই ভৱিষ্যতৰ অৰ্থনৈতিক সংকটৰ লক্ষণ হ’ব পাৰে।

২/ ঘৰত অসূয়া-অসম্প্ৰীতি

যদি হঠাতে আপোনাৰ ঘৰত অসূয়া-অসম্প্ৰীতি বৃদ্ধি পাইছে আৰু কোনো কাৰণ নোহোৱাকৈ সৰু সৰু কথা কিছুমানতে কাজিয়া আৰম্ভ হৈছে, তেন্তে এই সকলোবোৰে আগন্তুক আৰ্থিক সংকটৰ ইংগিত দিয়ে।

৩/ কাঁচ ভঙা

ঘৰত সঘনাই কাঁচ ভাঙিলে দৰিদ্ৰতা আৰু ধনৰ ক্ষতিৰ ইংগিত পোৱা যায়। গতিকে আপোনাৰ গৃহৰ চৌপাশৰ এই কাঁচৰ সামগ্ৰীৰ যত্ন লওক আৰু সজাগ হওক।

৪/ ঘৰত পূজাৰ অনুপস্থিতি

যদি ঘৰত কোনো পূজা-পাৰ্বণ অনুষ্ঠিত নহয় বা এনে কাৰ্যৰ প্ৰতি আপোনাৰ ইচ্ছা নহয়, তেন্তে ইয়াৰ দ্বাৰা সুখ আৰু সমৃদ্ধিৰ অভাৱ দেখা যায়। চাণক্যই কয় যে এই লক্ষণে আগন্তুক অৰ্থনৈতিক সংকট পূৰ্বাভাস দিয়ে।

৫/ বয়োজ্যেষ্ঠক অসন্মান কৰা

ঘৰৰ বয়োজ্যেষ্ঠসকলক সদায় সন্মান কৰা উচিত। কাৰণ বয়োজ্যেষ্ঠসকলে আমাক আশীৰ্বাদ দিয়ে আৰু যদি তেওঁলোকক সন্মান কৰা নহয় তেতিয়া তেওঁলোক দুখী হব আৰু বয়োজ্যেষ্ঠসকলৰ লগত এনে ব্যৱহাৰ কৰা মানুহবোৰ জীৱনত কেতিয়াও সুখৰ উপস্থিতি নাথাকে। ই অৰ্থনৈতিক সংকটৰো লক্ষণ।