মানুহৰ ব্যক্তিত্ব বেলেগ বেলেগ হোৱাটো স্বাভাৱিক। কিন্তু লিংগৰ ভিত্তিত কিছুমান ভাল লগা পছন্দ-অপছন্দ, অভ্যাস, আশা, ধাৰণা বেছিভাগৰে মাজত গঢ় লৈ উঠে। নাৰীসকলৰ বহু আড্ডাত পুৰুষৰ স্বভাৱ আৰু অভ্যাসৰ বিষয়ে আলোচনা হয়। কোনো কোনোৱে কিছুমান ল’ৰাৰ অভ্যাস একেবাৰে ভাল নাপায়। আকৌ বিশেষ ব্যক্তিত্ব থাকিলেহে পুৰুষক ভালপোৱা এনে নাৰীও আছে।
চাণক্য-নীতিৰ মতে পুৰুষৰ এনে কিছুমান অভ্যাস বা গুণ আছে, যিয়ে নাৰীক আটাইতকৈ বেছি আকৰ্ষণ কৰে। এইবোৰক তেওঁলোকৰ দুৰ্বলতা বুলিও ক’ব পাৰি। আপুনি ভাবেনে যে আপোনাৰ মাজত সেইবোৰ স্বভাৱ আছে?
সততা: সৎ পুৰুষে সকলোতকৈ প্ৰথমে নাৰীৰ হৃদয় জয় কৰে। সম্পৰ্কৰ সময়ত প্ৰেমিকাক নিজৰ সকলো কথা মুকলি কৰি কব লাগে। আপোনাৰ ভাল কথাবোৰ নিশ্চয়কৈ কওক, কিন্তু বেয়া কথাবোৰো লুকুৱাব নালাগে। এই অভ্যাস কিন্তু নাৰীসকলৰ দুৰ্বলতা হিচাপে বিবেচিত হব পাৰে।
ভাল আচৰণঃ চাণক্য-নীতিৰ মতে পুৰুষে আনৰ প্ৰতি কেনে আচৰণ কৰে সেই বিষয়েও মহিলাসকলে পৰ্যবেক্ষণ কৰে। ধৰি লওক আপুনি ৰেষ্টুৰেণ্ট এখনত খাবলৈ গৈছিল। প্ৰেমিকাৰ লগত বৰ ভালদৰে কথা-বতৰা চলি আছিল! খাদ্য দেৰি হোৱাৰ বাবে আপুনি কৰ্মচাৰীৰ লগত বেয়া আচৰণ কৰিলে। কিন্তু এই আচৰণে আপোনাৰ প্ৰেমিকাৰ মনত অসন্তুষ্টিৰ সৃষ্টি কৰিব পাৰে। প্ৰথমতেই সম্পৰ্কৰ অৱনতি ঘটিব পাৰে।
ভাল শ্ৰোতা: সকলো মহিলাই নিজৰ সংগীয়ে তেওঁলোকৰ কথা শুনিব আৰু মনোযোগ দিব বুলি আশা কৰে। অৱশ্যেই মহিলাসকলে ভাল শ্ৰোতা পুৰুষক বেছি পছন্দ কৰে। লগতে মহিলাসকলে গৌৰৱ কৰিব পৰা গুণ থকা পুৰুষক ভাল পায়।
আত্মসন্মান সচেতন: যিসকল পুৰুষে আন নাৰীক সন্মান কৰে, তেওঁলোকেই প্ৰথমে নাৰীৰ মনত স্থান দখল কৰে। পুৰুষসকলৰ এই অভ্যাস কিন্তু নাৰীৰ দুৰ্বলতাৰ কাৰণ।