Achinta Sheuli wins third gold medal for India বাৰ্মিংহাম কমনৱেলথ গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ পদকো ভাৰোত্তোলনৰ পৰাই আহিল। পশ্চিমবংগৰ অচিন্ত্য শিউলীয়ে পুৰুষৰ ৭৩ কিলোগ্ৰাম শাখাত অভিলেখ গঢ়ি সোণৰ পদক অৰ্জন কৰে।
অচিন্ত্যই স্নেচত তেওঁৰ প্ৰথম প্ৰচেষ্টাত ১৩৭ কিলোগ্ৰাম ওজন তোলে। দ্বিতীয় প্ৰচেষ্টাতে তেওঁ ১৪০ কিলোগ্ৰাম ওজন তুলি কমনৱেলথ গেমছৰ অভিলেখ গঢ়ে। সেয়াই নহয়, তৃতীয় প্ৰচেষ্টাত অচিন্ত্যই ১৪৩ কিলোগ্ৰাম উত্তোলন কৰি তেওঁৰ গেমছত তেওঁৰ ৰেকৰ্ড আৰু বৃদ্ধি কৰে।
লগতে পঢ়ক: বাৰ্মিংহামত দেশলৈ দ্বিতীয়টো স্বৰ্ণ: নতুন কমনৱেলথ ৰেকৰ্ডেৰে স্বৰ্ণ জিনিলে জেৰেমি লালৰিনুঙ্গাই
স্নেচত অচিন্ত্যই তেওঁৰ নিকটতম প্ৰতিদ্বন্দী মালয়েছিয়াৰ এৰি হিদায়াত মহম্মদৰ সৈতে ৫ কিলোগ্ৰামৰ ব্যৱধান গঢ়ি তুলিছিল। হিদায়াতে স্নেচত ১৩৮ কিলোগ্ৰাম ওজন তোলে। কানাডাৰ সাদ দাৰ্চিগনিয়ে ১৩৫ কিলোগ্ৰাম ওজন উত্তোলন কৰে।
ইপিনে, ক্লিন এণ্ড জাৰ্কৰ প্ৰথম প্ৰচেষ্টাত অচিন্ত্যই ১৬৬ কিলোগ্ৰাম ওজন তোলে আৰু ইয়াৰে সৈতে তেওঁ সামগ্ৰিকভাৱে গেমছত ৰেকৰ্ড গঢ়ে। তেওঁ দ্বিতীয় প্ৰচেষ্টাত ১৭০ কিলোগ্ৰাম উঠোৱাৰ চেষ্টা কৰিছিল যদিও ব্যৰ্থ হয়। অৱশ্যে তৃতীয় প্ৰচেষ্টাত অচিন্ত্যই ১৭০ কিলোগ্ৰাম উত্তোলন কৰিবলৈ সক্ষম হয়।
লগতে পঢ়ক: স্বপ্ন ভংগ: বাৰ্মিংহামত প্ৰি কোৱাৰ্টাৰতে থমকিল শিৱ
সেইদৰে ভাৰতীয় খেলুৱৈগৰাকীয়ে স্নেচ আৰু ক্লিন এণ্ড জাৰ্ক মিলি ৩১৩ কিলোগ্ৰাম ওজন তুলি সামগ্ৰিকভাৱে কমনৱেলথ গেমছৰ অভিলেখ গঢ়ে।
হিদায়াত মহম্মদে (৩০৩ কোজি) এই প্ৰতিযোগিতাত অচিন্ত্যতকৈ ১০ কিলোগ্ৰাম কম দাঙি ৰূপৰ পদক জিকে। আনহাতে, দাৰ্চিগনিয়ে ২৯৮ কিলোগ্ৰাম উত্তোলন কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰে।
G🔥LD FOR ACHINTA 🥇
Beaming with confidence, the 20-yr old debutant #AchintaSheuli puts up a dominating performance to bag 3️⃣rd GOLD for 🇮🇳 at @birminghamcg22
Creating Games Record & winning 🥇with a total lift of 313Kg in Men's 73kg 🏋♂️Final at #B2022 #Cheer4India
1/1 pic.twitter.com/EWpW4uVK7t— SAI Media (@Media_SAI) July 31, 2022
উল্লেখ্য যে শনিবাৰে বাৰ্মিংহাম কমনৱেলথ গেমছৰ দ্বিতীয় দিনা মহিলাৰ ৪৯ কিলোগ্ৰাম শাখাত মীৰাবাই চানুৱে গেমছৰ অভিলেখ গঢ়ি স্বৰ্ণ পদক জয় কৰে। বিন্দিয়াৰাণী দেৱীয়ে মহিলাৰ ৫৫ কিলোগ্ৰাম শাখাত ৰূপৰ পদক জিকে। সংকেত চাৰ্গাৰে পুৰুষৰ ৫৫ কিলোগ্ৰাম শাখাত ৰূপৰ পদক পায়। গুৰুৰাজ পূজাৰীয়ে পুৰুষৰ ৬১ কিলোগ্ৰাম শাখাত লাভ কৰে ব্ৰঞ্জৰ পদক। তৃতীয় দিনা পুৰুষৰ ৬৭ আৰু ৭৩ কিলোগ্ৰাম শাখাত জেৰেমি লালৰিনুঙ্গা আৰু অচিন্ত্য শিউলীয়ে দেশৰ বাবে স্বৰ্ণ জয় কৰে।