২৮ কেজি ওজনৰ বৰালী মাছ কাটি বিক্ৰী কৰা বিক্ৰেতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ

4f489244-d613-4003-b40c-087916a3a7f6

বৃহস্পতিবাৰে মহানগৰীত এটা ২৮ কেজি ওজনৰ বৰালী মাছ কাটি বিক্ৰী কৰা বিক্ৰেতাৰ বিৰুদ্ধে কাৰ্য ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে। মীন বিভাগৰ সঞ্চালকে জিলা মীন উন্নয়ন বিষয়াক তদন্ত কৰাৰ বাবে নিৰ্দেশ দিছে।

অসম মীন আইন,১৯৫৩ (সংশোধিত ২০০৫) অনুসৰি মাছ মৰা তথা কণীযুক্ত মাছ বিক্ৰী নিষিদ্ধ কৰা সময়ছোৱাতে ২৮ কেজি ওজনৰ বৰালী মাছ মহানগৰীৰ বজাৰত কাটি বিক্ৰী কৰা সকলৰ বিৰুদ্ধে আইন অনুসৰি কাৰ্য ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে।

উল্লেখযোগ্য যে বৃহস্পতিবাৰে ৰাতিপুৱা মহানগৰীৰৰ উলুবাৰী বজাৰত ২৮ কেজি ওজনৰ বৰালী মাছটো সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। জানিব পৰা মতে, শ্যামল নামৰ মাছমৰীয়া এজনে ব্ৰহ্মপুত্ৰত ধৰা এই প্ৰকাণ্ড মাছটো উলুবাৰী বজাৰলৈ লৈ আনিছিল।

বজাৰত পুৱাই মাছটো লৈ অহাৰ পাছতে গ্ৰাহকৰ মাজত হেতা-ওপৰা লাগে। গ্ৰাহকৰ চাহিদালৈ লক্ষ্য কৰি বিক্ৰেতাই প্ৰতি কিলোত ১২০০ টকাকৈ মাছটো কাটি বিক্ৰী কৰা বুলি জানিব পৰা গৈছে।

ইপিনে, মীন বিভাগৰ সঞ্চালকে লগতে নিৰ্দেশ পত্ৰ পোৱাৰ ২৪ ঘন্টাৰ ভিতৰতে কি কাৰ্য ব্যৱস্থা গ্ৰহণ কৰা হ’ল সেই সন্দৰ্ভত অৱগত কৰিবলৈ সংশ্লিষ্ট বিষয়াক নিৰ্দেশ দিছে। তদুপৰি, সঞ্চালকে জিলা মীন উন্নয়ন বিষয়াক প্ৰতিদিনে গুৱাহাটীৰ মাছৰ বজাৰ পৰিদৰ্শন কৰি বিয়লি তেওঁক প্ৰতিবেদন দাখিল কৰিবলৈয়ো নিৰ্দেশ দিয়ে।