শিল্পৰ স্বাধীনতাৰ পক্ষত ঠিয় দিছে বিশিষ্ট অভিনেতা আদিল হুছেইনে

Adil-Hussain

অসমৰ আন্তৰ্জাতিক খ্যাতি সম্পন্ন অভিনেতা আদিল হুছেইনে কালাকাৰৰ ভাৱ প্ৰকাশৰ স্বাধীনতাৰ হকে মাত মাতিছে। নেটফ্লিক্স (Netflix), আমাজ’ন প্ৰাইম (Amazon Prime) আদি অনলাইন ভিডিঅ ষ্ট্ৰীমিং প্লেটফৰ্ম আদিত মুক্তভাৱে ভিডিঅ ষ্ট্ৰীমিং হোৱাক লৈ বিতৰ্কৰ সূচনা হৈছিল।

উল্লেখ্য যে জাষ্টিছ ফ’ৰ ৰাইট (Justice for Rights) নামৰ এটা বেচৰকাৰী সংস্থাই এই অনলাইন ভিডিঅ’ ষ্ট্ৰীমিং প্লেটফৰ্মসমূহৰ পৰা উত্তেজক বিষয়বস্তু সম্বলিত ভিডিঅ’ আঁতৰোৱাৰ বাবে দাবী জনাইছিল।

উক্ত বিষয়ৰ উপৰত হুছেইনে এটা টুইটেৰে ভাৰতৰ সৰলো প্ৰযোজক, পৰিচালক, অভিনেতাক সংঘবদ্ধভাৱে আগবাঢ়ি আহি নেটফ্লিক্স, আমাজ’ন প্ৰাইম আদি ডিজিটেল ভিডিঅ’ প্লেটফৰ্মৰ কলাসন্মত স্বাধীনতাৰ সপক্ষে ঠিয় দিয়াৰ বাবে আহ্বান জনাইছে।

হুছেইনে ফিল্ম চেঞ্চৰ ব’ৰ্ডে (Central Board of Film Certification চমুকৈ CBFC) গ্ৰহণ কৰা বৰ্তমানৰ চিনেমা সম্পৰ্কীয় নীতি ৰদ কৰাৰ বাবেও দাবী উত্থাপন কৰে।

নেটফ্লিক্স, আমাজ’ন প্ৰাইম আদি ডিজিটেল ভিডিঅ’ প্লেটফৰ্মৰ পৰা উত্তেজক আৰু মুক্ত ভিডিঅ বিষয়বস্তু আঁতৰাই দিবলৈ জনোৱা এটা আৱেদনৰ ওপৰত দিল্লী উচ্চ ন্যায়ালয়ে কেন্দ্ৰৰ প্ৰতিক্ৰিয়া জানিবলৈ বিচৰাত বিশিষ্ট অভিনেতাগৰাকীয়ে এইদৰে টুইট কৰে।

মুখ্য ন্যায়াধীশ ৰাজেন্দ্ৰ মেনন আৰু বিচাৰক ভি কামেশ্বৰেৰে গঠিত এখন বিচাৰপীঠে বিষয়টোৰ ওপৰত শুনানীৰ বাবে অহা বছৰৰ ফেব্ৰুৱাৰি মাহৰ ৮তাৰিখ ধাৰ্য কৰিছে।

অধিবক্ত হৰপ্ৰীত এছ হোৰাই বেচৰকাৰী সংস্থাটোৰ হৈ যুক্তি দৰ্শাইছে আৰু ডিজিটেল ভিডিঅ’ প্লেটফৰ্মসমূহৰ বাবে নীতি নিৰ্দেশনা আৰোপ কৰাৰ বাবে আইন প্ৰণয়ন কৰাৰ পোষকতা কৰিছে।

আৱেদনকাৰীয়ে কৈছে যে অধিক গ্ৰাহক আকৰ্ষণ অধিক লাভ কৰাৰ আশাত অনলাইন প্লেটফৰ্মসমূহে উত্তেজক, ভদ্ৰতাবিহীন, উৎকট, ধৰ্মীয়ভাৱে নিষিদ্ধ, অনৈতিক বিষয়বস্তু যোগান ধৰে।