পুনেৰ পৰা ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে টেলিভিছনৰ ‘য়েহ ৰিষ্টা ক্যা কেহলাতা হাই’ খ্যাত অভিনেতা আশীষ কাপুৰক। বাতৰি মতে, অভিনেতাজনৰ বিৰুদ্ধে দিল্লীৰ চিভিল লাইনছ থানাত গোচৰ ৰুজু কৰা হৈছে।
পুনে আৰক্ষীয়ে বিভিন্ন স্থানত তালাচী চলাই অৱশেষত অভিনেতাজনক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ মতে, অভিযোগকাৰী মহিলাগৰাকীয়ে আগষ্টৰ দ্বিতীয় সপ্তাহত দিল্লীত হাউচ পাৰ্টিৰ সময়ত অভিনেতাগৰাকীয়ে বাথৰুমৰ ভিতৰত বলপূৰ্বকভাৱে নিৰ্যাতন কৰাৰ অভিযোগ তুলিছে। ১১ আগষ্টত মহিলাগৰাকীয়ে অভিনেতাজনৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছিল, যাৰ ভিত্তিত আৰক্ষীয়ে অভিনেতাজনক বিচাৰিবলৈ আৰম্ভ কৰে।
মহিলাগৰাকীৰ প্ৰাৰম্ভিক অভিযোগ অনুসৰি আশীষৰ বাহিৰেও আন কেবাটাও নাম ওলোৱা বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে। অৱশ্যে পিছত মহিলাগৰাকীয়ে নিজৰ বক্তব্যৰ কিছু অংশ সলনি কৰে। প্ৰথম অৱস্থাত অভিনেতাজনে কেইবাজনো অচিনাক্ত পুৰুষৰ সৈতে সংগ দি মহিলাগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। পিছত অভিযোগকাৰীয়ে নিজৰ বক্তব্য সলনি কৰি কেৱল আশীষৰ বিৰুদ্ধেহে অভিযোগ দাখিল কৰে।
ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এক বাতৰি অনুসৰি মহিলাগৰাকীয়ে এই সমগ্ৰ ঘটনা ভিডিঅ’ত ৰেকৰ্ড কৰা বুলিও কয়। অৱশ্যে আৰক্ষীয়ে এতিয়াও কোনো ভিডিঅ’ লাভ কৰা নাই। আশীষে প্ৰথমে মহিলাগৰাকীক ইনষ্টাগ্ৰামত লগ পাইছিল, য’ৰ পৰাই তেওঁলোকে পৰিচয় গঢ়ি উঠে। পিছত অভিনেতাগৰাকীয়ে মহিলাগৰাকীক বন্ধুৰ ঘৰত পাৰ্টিলৈ নিমন্ত্ৰণ জনায়। তাতেই সংঘটিত হয় এই ঘটনা।
অভিযোগকাৰী মহিলাগৰাকীয়ে আশীষৰ উপৰিও আশীষৰ এগৰাকী বন্ধু আৰু তেওঁৰ পত্নী আৰু আন দুজন লোকৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে। মহিলাগৰাকীৰ অভিযোগ অনুসৰি অভিনেতাগৰাকী আৰু তেওঁৰ বন্ধুৱে তেওঁক ধৰ্ষণ কৰিছিল আৰু মহিলাগৰাকীয়ে তেওঁক বলপূৰ্বকভাৱে ধৰি ৰাখিছিল।
চিচিটিভিৰ ফুটেজ আৰু প্ৰত্যক্ষদৰ্শীৰ তথ্য অনুসৰি আশীষ, তেওঁৰ বন্ধু আৰু বন্ধুৰ পত্নীক বাথৰুমত প্ৰৱেশ কৰা দেখা গৈছে। বহু সময় দেখা নোপোৱাৰ পিছত যেতিয়া সকলোৱে বিচাৰিবলৈ আৰম্ভ কৰে তেতিয়া বাথৰুমৰ পৰা তেওঁলোকক উদ্ধাৰ কৰা হয়। ইয়াৰ পিছতে উপস্থিত সকলোৰে লগত অভিনেতাজনৰ তৰ্ক-বিতৰ্ক আৰম্ভ হৈ যায়।