গুলীবিদ্ধ অভিনেতা গোবিন্দা! গুলী উফৰি লাগিল অভিনেতাৰ দেহত, ভৰ্তি চিকিৎসালয়ত

অভিনেতা গোবিন্দা। ফাইল ফটোঃ সংগ্ৰহীত।

গুলীবিদ্ধ হৈছে অভিনেতা গোবিন্দা। ভুলবশতঃ তেওঁৰ অনুজ্ঞাপত্ৰ থকা ৰিভলভাৰৰ পৰা গুলী লাগি আহি দেহত আঘাত কৰাত গুলীবিদ্ধ হয় অভিনেতাগৰাকী।

মঙলবাৰে ৰিভলভাৰ লক নথকাৰ বাবে গুলী ছিটিকি গোবিন্দাৰ আঁঠুত আঘাত কৰে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অভিনেতাগৰাকীক মুম্বাইৰ এখন চিকিৎসালয়ৰ আই চি ইউত ভৰ্তি কৰোৱা হয়।

সূত্ৰ অনুসৰি গুলীটোৱে অভিনেতাজনৰ আঁঠুত আঘাত কৰে। মঙলবাৰে পুৱা প্ৰায় ৪.৪৫ বজাত সংঘটিত হয় এই ঘটনা।

লগতে পঢ়কঃ ইজৰাইলৰ সেনা প্ৰৱেশ কৰিলে লেবাননত; ছিন্নভিন্ন হৈ পৰিল হিজবুল্লাহ

গোবিন্দাই বাহিৰলৈ ওলাই যাবলৈ সাজু হোৱাৰ সময়ত নিজৰ অনুজ্ঞাপত্ৰ থকা ৰিভলভাৰটো পৰীক্ষা কৰিছিল। তেতিয়াই মিছফায়াৰ হয়। তেওঁক মুম্বাইৰ চিটি কেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

চিকিৎসালয় কৰ্তৃপক্ষই অভিনেতাগৰাকীৰ অৱস্থা সন্দৰ্ভত কোনো মন্তব্য কৰাৰ পৰা বিৰত থাকে। শীঘ্ৰে গোবিন্দাৰ পৰিয়ালে এক বিবৃতি দিব বুলি তেওঁলোকে জানিবলৈ দিয়ে। ৯০ দশকৰ ছুপাৰষ্টাৰ, কমেডী চৰিত্ৰৰ বাবে জনপ্ৰিয় গোবিন্দা। চলিত বৰ্ষৰ মাৰ্চ মাহৰ আৰম্ভণিতে তেওঁ শিৱসেনাৰ একনাথ শিণ্ডেৰ পাৰ্টিত যোগদান কৰিছিল।

গোবিন্দাই মুম্বাইৰ ঘৰত অস্ত্ৰটো পৰিষ্কাৰ কৰি আছিল বুলি জানিব পৰা গৈছে। গুলী লাগি গোবিন্দাৰ ভৰিৰ পৰা প্ৰচুৰ পৰিমাণে তেজ ওলাইছিল। গুলীবিদ্ধ হৈ তেওঁ যন্ত্ৰণাত ঢলি পৰে।

লগতে পঢ়কঃ জম্মু-কাশ্মীৰত আজি অন্তিম পৰ্যায়ৰ নিৰ্বাচন; মুঠ ৪০টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ

আৰক্ষীৰ মতে, গুলীচালনাৰ পিছত আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ গোবিন্দাৰ ৰিভলভাৰটো নিজৰ জিম্মাত লয়। ইয়াৰ পিছতে আৰক্ষীয়ে গোচৰটোৰ তদন্ত আৰম্ভ কৰিছে।