NORTHEAST NOW (Assamese)

চিকিৎসালয়ৰ বিচনাত অক্সিজেন লোৱা অৱস্থাতে গীত আঁওৰালে অভিনেতা ৰাজীৱ ক্ৰ’ই

May 17, 2021 6:47 pm · কল্পজ্যোতি শইকীয়া
Updated: May 17, 2021 6:53 pm

ক’ৰ’ণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে অভিনেতা ৰাজীৱ ক্ৰ’।

যোৱা ১৩ মে’ৰ দিনা ক’ৰ’ণাত আক্ৰান্ত হৈছিল জনপ্ৰিয় কৌতুক অভিনেতাগৰাকী।

কালিলৈকে বিনা অক্সিজেন মাস্কেৰে জিএমচিএইছত চিকিৎসাধীন হৈ আছিল ক্ৰ’।

অৱশেষত আজিৰে পৰা অক্সিজেন ল’বলগীয়া হৈছে অভিনেতাজনে।

কিন্তু মনৰ বল হেৰুওৱা নাই তেওঁ।

অক্সিজেন মাস্ক পিন্ধিয়েই তেওঁ গাইছে গীত।

গীতৰ জৰিয়তে তেওঁ কয় ‘ক’ৰ’ণা এয়া কেৱল তোমাৰ আৰু মোৰ মাজৰ কাহিনী। এই কাহিনীত তুমি খলনায়ক আৰু মই নায়ক। প্ৰতিটো কাহিনীত নায়কৰ জয় হয় আৰু খলনায়কৰ পৰাজয় হয়। এই কাহিনীতো ক’ৰ’না তুমি হাৰিবা মই জিকিম, ক’ৰ’না সাৱধানে থাকিবা।‘

কালিও ফেচবুক প’ষ্টযোগে ক্ৰ’ই এগৰাকী নাৰ্চৰ কথা বৰ্ণনা কৰিছিল।

তেওঁ এখন ফটোৰ সৈতে ফেচবুকত লিখিছিল ‘এখেত এগৰাকী নাৰ্চ। কিন্তু PPE KIT নিপিন্ধাকৈ মোক বেজী দিছে। কিয়?? PPE KIT ৰ যোগান নাই নে নাৰ্চ গৰাকীৰ অৱহেলা? নে তেখেতে কোভিডক ভয় নকৰে?

‘ এতিয়া আচল কথাটো কওঁ।এখেত নাৰ্চ। urology Dept.ৰ। নাম সবিতা কলিতা। কালিলৈকে এখেতে PPE KIT পিন্ধি আন আন ৰোগীৰ লগতে মোকো প্ৰতিপাল কৰি আছিল। কিন্তু কোভিড ৰোগীক প্ৰতিপাল কৰি কৰি আজি নিজে এগৰাকী কোভিড ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। লগতে তেখেতৰ স্বামী। ঘৰত থকা ছোৱালীৰ হাতত ঘৰ খনৰ লগতে নিজ দুগৰাকী কণ কণ কন্যাক এৰি আহিছে।তেখেতে এই ৰাতিখন তেখেতৰ বাবে দিয়া ৰোগীৰ বিচনাত শুই থাকিব লাগিছিল।‘ ক্ৰ’ই লিখি কয়।

কিন্তু, এখেতে শুবলৈ এৰি নিজে এগৰাকী কোভিড ৰোগী হৈয়ো বিনা PPE KIT, বিনা হাত মোজাৰে কৰ্তব্য পালন কৰি আছে বুলি উল্লেখ কৰি ক্ৰ’ই লিখিছে ‘মোক বেজী দি থাকোঁতে মই কেৱল তেওঁৰ মুখলৈ চাই আছিলোঁ। কব নোৱাৰাকৈ মোৰ দুগালে দুধাৰী বৈ আহিছিল।কিয় মই নিজে উত্তৰটো নাপালোঁ। হয়তো শ্ৰদ্ধাত। এওঁলোকে হৈছে আচল কোভিড যুঁজাৰু। হে যুঁজাৰু আপোনালৈ শত শত প্ৰণাম। আপোনাৰ আশু আৰোগ্য কামনা কৰিলোঁ।‘

Related News